অসমীয়া ভাষাৰ দূৰদৰ্শন ধাৰাবাহিক
৫ প্ৰবন্ধ
-
অনুৰাধা (ধাৰাবাহিক)
অনুৰাধা হৈছে ৰং চেনেল যোগে সম্প্ৰচাৰিত এখন অসমীয়া ভাষাৰ ধাৰাবাহিক। এন কে প্ৰডাকচনৰ হৈ দেৱ বৰকটকী প্ৰযোজিত আৰু ৰাজেশ ভূঞা পৰিচালিত ধাৰাবাহিকখনৰ নাম ভূমিকাত অভিনয় কৰে মুনমী ফুকনে। অন্যান্য অভিনেতা সকল হৈছে জুবিন গাৰ্গ, উৎপল দাস, জুবলী বৰুৱা, নীল দাস, ইত্যাদি।
-
ঐ খাপলা (ধাৰাবাহিক)
ঐ খাপলা হৈছে ৰং চেনেল যোগে সস্প্ৰচাৰিত এখন অসমীয়া ভাষাৰ ধাৰাবাহিক। আৰ বি প্ৰডাকচনৰ হৈ আজিজ মিৰ্জা প্ৰযোজিত আৰু বুলবুল হুছেইন পৰিচালিত ধাৰাবাহিকখনৰ নাম ভূমিকাত অভিনয় কৰে ৰাহুল দাসে। ধাৰাবাহিকখনে দৰ্শকৰ পৰা লাভ কৰে বিপুল সঁহাৰি।
-
বিদেশত আপোন মানুহ
বিদেশত আপোন মানুহ হৈছে ২০০১ চনৰ পৰা ২০০৮ চনলৈ গুৱাহাটী দূৰদৰ্শন কেন্দ্ৰযোগে প্ৰচাৰিত এখন ভ্ৰমণ বিষয়ক ধাৰাবাহিক। ধাৰাবাহিকখনত উপস্থাপিকা ববিতা শৰ্মাই বিভিন্ন দেশলৈ ভ্ৰমণ কৰি বিদেশত থকা অসমীয়া লোকসকলৰ সাক্ষাৎকাৰ গ্ৰহণ কৰিছিল।
-
বেহাৰবাৰী আউটপ’ষ্ট (ধাৰাবাহিক)
বেহাৰবাৰী আউটপ’ষ্ট হৈছে ৰাজেশ ভূঞাৰ পৰিকল্পনাৰে ৰেঙণি চেনেল-যোগে সস্প্ৰচাৰিত এখন অসমীয়া ভাষাৰ ধাৰাবাহিক। ধাৰাবাহিকখনে দৰ্শকৰ পৰা বিপুল সঁহাৰি লাভ কৰে। ই হৈছে চেনেলটোত সম্প্ৰচাৰ হোৱা আটাইতকৈ দীঘল ধাৰাবাহিক।
-
বৰলা কাই (ধাৰাবাহিক)
বৰলা কাই হৈছে ৰং চেনেল যোগে সস্প্ৰচাৰিত এখন অসমীয়া ভাষাৰ ধাৰাবাহিক। ধাৰাবাহিকখনে দৰ্শকৰ পৰা লাভ কৰে বিপুল সঁহাৰি।