ধ্ৰুৱজ্যোতি ফুকন এগৰাকী ভাৰতীয় সংগীত পৰিচালক, সংগীত প্ৰযোজক, সংগীত ব্যৱস্থাপক, সংগীত পৰিদৰ্শক, আৱহ সংগীত পৰিচালক আৰু সংগীত প্ৰগ্ৰেমাৰ। তেওঁ ঘাইকৈ হিন্দী আৰু অসমীয়া চলচ্চিত্ৰ জগতৰ লগত জড়িত।১ তেওঁক ডিজে ফুকন হিচাপে জনাজাত ধ্ৰুৱজ্যোতি ফুকনে বহুতো বঁটা আৰু সন্মান লাভ কৰিছে। হিন্দী চুটিছবি পনচক্কীৰ সংগীত পৰিচালনাৰ বাবে তেওঁ ২০১১ চনৰ অদৰ্শিত ছবিৰ শ্ৰেষ্ঠ সংগীত পৰিচালকৰ ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা লাভ কৰিছিল।২
প্ৰাৰম্ভিক জীৱন
১৯৬৪ চনৰ ১৭ জুন তাৰিখে অসমৰ ডিব্ৰুগড়ত ধ্ৰুৱজ্যোতি ফুকনৰ জন্ম হৈছিল। তেওঁৰ পিতৃ অতুলানন্দ ফুকন আৰু মাতৃ অমিয়া ফুকন। তেওঁ গুৱাহাটী বিশ্ববিদ্যালয়ৰ অন্তৰ্ভুক্ত অসম অভিযান্ত্ৰিক মহাবিদ্যালয়ৰ পৰা যান্ত্ৰিক অভিযান্ত্ৰিকীৰ স্নাতক ডিগ্ৰী লাভ কৰিছিল।
সংগীত পৰিচালক হিচাপে
২০০৩ চনত তেওঁ ৰবীনা টেণ্ডন প্ৰডাক্টচনৰ ছবি ষ্টাম্পডৰ জৰিয়তে প্ৰথমবাৰৰ বাবে সংগীত পৰিচালক হিচাপে আত্মপ্ৰকাশ কৰিছিল।৩৪ হিন্দী চুটিছবি পনচক্কীৰ সংগীত পৰিচালনাৰ বাবে তেওঁ ২০১১ চনৰ অদৰ্শিত ছবিৰ শ্ৰেষ্ঠ সংগীত পৰিচালকৰ ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা লাভ কৰিছিল। ২০১২ চনত ভাৰতৰ উপৰাষ্ট্ৰপতিৰ পৰা তেওঁ এই বঁটা গ্ৰহণ কৰিছিল।৫৬৭ তেওঁ জাহ্নু বৰুৱাৰ বান্ধোন আৰু অজেয় চলচ্চিত্ৰৰ সংগীত পৰিচালনা কৰিছিল।৮৯১০ দুয়োখন ছবিয়ে শ্ৰেষ্ঠ অসমীয়া ছবি'ৰ ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা লাভ কৰিছিল।
ব্যক্তিগত জীৱন
১৯৯১ চনত ধ্ৰুৱজ্যোতি ফুকনে গায়িকা শাশ্বতী ফুকনৰ লগত বিবাহপাশত আবদ্ধ হয়। তেওঁলোকৰ কন্যা শ্ৰেয়া ফুকন আৰু পুত্ৰ আয়ুসজ্যোতি ফুকন।
বঁটা আৰু সন্মান
ধ্ৰুৱজ্যোতি ফুকনে বহুতো বঁটা আৰু সন্মান লাভ কৰিছে। উল্লেখযোগ্য সমূহ হ'ল:
সন্মান
| চন | সন্মান |
|---|---|
| ২০১০ | নাট্যপ্ৰবৰ সাৰদাকান্ত বৰদলৈ আৰু শিল্পপ্ৰাণ চন্দ্ৰ ফুকন বঁটা সমিতিৰ শিল্পপ্ৰাণ চন্দ্ৰ ফুকন বঁটা |
| ২০১০ | অসম তথা ভাৰতৰ সংগীত ক্ষেত্ৰলৈ আগবঢ়োৱা অৱদানৰ বাবে অসমৰ মুখ্যমন্ত্ৰী তৰুণ গগৈ ডাঙৰীয়ায়ে তেওঁক শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত সন্মানিত কৰে |
বঁটা
| চন | বঁটা | শ্ৰেণী | কাম | ফলাফল | উৎস |
|---|---|---|---|---|---|
| ২০১০ | মিৰ্ছি সংগীত বঁটা | শ্ৰেষ্ঠ প্ৰগ্ৰেমাৰ আৰু বৰ্ষশ্ৰেষ্ঠ সংগীত ব্যৱস্থাপক | ক্ৰুক ছবিৰ "মেৰে বিনা" | ১১ | |
| ২০১১ | ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা | অনা-কাহিনী ছবিৰ শ্ৰেষ্ঠ সংগীত পৰিচালক | পনচক্কী | ১২ | |
| ২০১২ | মিৰ্ছি সংগীত বঁটা | শ্ৰেষ্ঠ প্ৰগ্ৰেমাৰ আৰু বৰ্ষশ্ৰেষ্ঠ সংগীত ব্যৱস্থাপক | এজেণ্ট বিনোদ ছবিৰ "দিল মেৰা মুফ্ট কা" | ১৩ | |
| ২০১৩ | য়ে জাৱানী হে দিৱানী ছবিৰ "বদটমিজ দিল" | ১৪ | |||
| ২০১৫ | গ্লোৱেল ইণ্ডিয়ান মিউজিক একাডেমী বঁটা | শ্ৰেষ্ঠ প্ৰগ্ৰেমাৰ আৰু সংগীত ব্যৱস্থাপক | এক ভিলেইন ছবিৰ "আৱাৰি" | ১৫ | |
| ২০১৪ | গ্লোৱেল ইণ্ডিয়ান মিউজিক একাডেমী বঁটা | শ্ৰেষ্ঠ প্ৰগ্ৰেমাৰ আৰু সংগীত ব্যৱস্থাপক | য়ে জাৱানী হে দিৱানী ছবিৰ "বদটমিজ দিল" | ১৬১৭ | |
| ২০১৪ | ৰেডিঅ' মিৰ্ছি সংগীত বঁটা | শ্ৰেষ্ঠ প্ৰগ্ৰেমাৰ আৰু সংগীত ব্যৱস্থাপক | ধুম-৩ ছবিৰ "কামলি" | ||
| ২০১৫ | মিৰ্ছি সংগীত বঁটা | শ্ৰেষ্ঠ সংগীত প্ৰযোজক (প্ৰগ্ৰামিং আৰু এৰেঞ্জিং) | বজৰংগী ভাইজন ছবিৰ "চেল্ফি লে লে ৰে" | rowspan=5 | ১৮ |
| ২০১৬ | ডংগল ছবিৰ "ঢাকৰ" | ১৯ | |||
| ২০১৭ | জব হেৰী মেট চেজল ছবিৰ "ঘৰ" | ২০ | |||
| জাগ্গা জাচুছ ছবিৰ "উল্লু কা পাত্থা" | |||||
| টিউবলাইট ছবিৰ "ৰেডিঅ'" |
তথ্যসূত্ৰ
- ↑ Directorate of Film Festivals.. Directorate of Film Festivals.
- ↑ Assam to Bollywood – Music Producer Dhrubajyoti Phukan's Journey. Youtube. SudeepAudio
- ↑ Don't be 'Stumped' with this flick. BBC. Manish Gajjar
- ↑ Stumped by a forgettable experiment. Rediff. Priya Ganapati
- ↑ (7 March 2012). 59th National Film Awards for the Year 2011 Announced. Press Information Bureau Government of India
- ↑ Panchakki Promo. Youtube. Sanjeev Rattan
- ↑ (3 May 2012). Ansari presents Phalke Award to Soumitra Chatterjee, 59th National Film Awards. Net India
- ↑ Official Trailer-Baandhon. Youtube. PVR
- ↑ Trailer of Jahnu Barua's AJEYO. Youtube. Jahnu Barua
- ↑ (23 October 2013). Invincible (Ajeyo): Mumbai Review. The Hollywood Reporter
- ↑ (2011-01-30). Nominees – Mirchi Music Award Hindi 2010
- ↑ 59th National Film Awards for the Year 2011 Announced. pib.nic.in
- ↑ Winners – Mirchi Music Award Hindi 2012. www.radiomirchi.com
- ↑ Parande, Shweta. (2014-02-28). Mirchi Music Awards 2014 winners: Shahrukh Khan, Farhan Akhtar honoured; Aashiqui 2 wins 7 trophies. India.com
- ↑ Global Indian Music Awards (GIMA). Global Indian Music Academy Awards. GIMA
- ↑ (21 January 2014). GiMA Awards 2014: Who Won What?. Koimoi
- ↑ Film Music Nominations: 4th Gionne Star Global Indian Music Academy (GiMA) Awards 2014 Powered By Reliance 3G. GiMA
- ↑ MMA Mirchi Music Awards. MMAMirchiMusicAwards
- ↑ MMA Mirchi Music Awards. MMAMirchiMusicAwards
- ↑ MMA Mirchi Music Awards. MMAMirchiMusicAwards
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “ধ্ৰুৱজ্যোতি ফুকন” প্ৰবন্ধৰ সংশোধন ৪১৪০৫৪ (২৪ মাৰ্চ ২০২৪)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।