অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
জীৱনী

অসম গেছ কোম্পানী লিমিটেড

অসম গেছ কোম্পানী লিমিটেড (Assam Gas Company Ltd) প্ৰাকৃতিক গেছ পৰিবহণ আৰু বিতৰণৰ লগত জড়িত অসমৰ ৰাজ্যিক ৰাজহুৱা খণ্ডৰ উদ্যোগ হিচাপে স্থাপিত কোম্পানী। ১৯৬২ চনৰ ৩১ মাৰ্চ তাৰিখে ইয়াক প্ৰতিষ্ঠা কৰা হৈছিল। ইয়াৰ মুখ্য কাৰ্যালয় ডিব্ৰুগড় জিলাৰ দুলিয়াজানত অৱস্থিত।

হালনাগাদ: ৫ মাৰ্চ ২০২৬ ১৮২ শব্দ · ১ মিনিট সংগৃহীত ৮৬
সংশোধনৰ পৰামৰ্শ

অসম গেছ কোম্পানী লিমিটেড (Assam Gas Company Ltd) প্ৰাকৃতিক গেছ পৰিবহণ আৰু বিতৰণৰ লগত জড়িত অসমৰ ৰাজ্যিক ৰাজহুৱা খণ্ডৰ উদ্যোগ হিচাপে স্থাপিত কোম্পানী।১ ১৯৬২ চনৰ ৩১ মাৰ্চ তাৰিখে ইয়াক প্ৰতিষ্ঠা কৰা হৈছিল। ইয়াৰ মুখ্য কাৰ্যালয় ডিব্ৰুগড় জিলাৰ দুলীয়াজানত অৱস্থিত। অসম গেছ কোম্পানীৰ পাইপলাইনৰ নেটৱৰ্কে উজনি অসমৰ তিনিচুকীয়া, ডিব্ৰুগড়, চৰাইদেউ, শিৱসাগৰ, যোৰহাট, গোলাঘাট আৰু মাজুলী জিলাৰ ৪০০ ৰো অধিক চাহ কাৰখানা, ১,২০০ বাণিজ্যিক প্ৰতিষ্ঠান, ৫০,০০০ ঘৰুৱা গ্ৰাহক আৰু ৪১০ ঔদ্যোগিক গ্ৰাহকক গেছ যোগান ধৰি আহিছে।২

ইতিহাস

১৯৬২ চনৰ ৩১ মাৰ্চ তাৰিখে অসম গেছ কোম্পানী লিমিটেডক ভাৰতত প্ৰাকৃতিক গেছ সম্পৰ্কীয় সকলো ধৰণৰ ব্যৱসায় সম্পাদন কৰাৰ বাবে অসম চৰকাৰৰ সম্পূৰ্ণ মালিকানাধীন ৰাজ্যিক ৰাজহুৱা খণ্ডৰ উদ্যোগ হিচাপে পৰিসীমিত কোম্পানী হিচাপে তদানীন্তন অসমৰ ৰাজধানী শ্বিলঙত স্থাপন কৰা হৈছিল।৩ ই ১৯৬৭ চনত অসম ৰাজ্যিক বিদ্যুৎ পৰিষদৰ অন্তৰ্গত ডিব্ৰুগড় জিলাৰ নামৰূপ তাপ বিদ্যুৎ কেন্দ্ৰলৈ প্ৰাকৃতিক গেছ যোগানৰ সৈতে প্ৰথম বাৰৰ বাবে গেছ পৰিবহণ ব্যৱসায় আৰম্ভ কৰিছিল।১ অসম গেছ কোম্পানীৰ প্ৰাকৃতিক গেছৰ মূল উৎস অইল ইণ্ডিয়া লিমিটেড আৰু অ'এনজিচি লিমিটেডৰ পৰা সংগ্ৰহ কৰে। ই প্ৰাকৃতিক গেছ সংগ্ৰহ, সংসাধিত আৰু তাৰপিছত গ্ৰাহকসকললৈ বিতৰণ কৰে। ইয়াৰ গ্ৰাহকসকলক তিনিটা শ্ৰেণীত ক্ৰমে ঔদ্যোগিক, বাণিজ্যিক আৰু ঘৰুৱা হিচাপে শ্ৰেণীবদ্ধ কৰা হয়। ইয়াৰ ঔদ্যোগিক উপভোক্তাসকল হৈছে – ব্ৰহ্মপুত্ৰ ভেলী ফাৰ্টিলাইজাৰ কৰৰ্প’ৰেশ্বন লিমিটেড, অসম পেট্ৰ’কেমিকেলছ লিমিটেড, নামৰূপ তাপ বিদ্যুৎ কেন্দ্ৰ, লাকুৱা তাপ বিদ্যুৎ কেন্দ্ৰ আৰু কঠালগুৰি তাপ বিদ্যুৎ কেন্দ্ৰ। ইয়াৰ লগতে ই হোটেল আৰু ৰেষ্টুৰেণ্ট ইত্যাদি বাণিজ্যিক গ্ৰাহক আৰু ঘৰুৱা গ্ৰাহক হিচাপে প্ৰায় ২০ হাজাৰ পৰিয়ালক গেছ সংযোগ প্ৰদান কৰে। ইয়াৰ উপৰিও প্ৰায় ৩৯০খন চাহ কাৰখানাই উজনি অসমৰ ১০খন জিলাত বিয়পি থকা পাইপযুক্ত প্ৰাকৃতিক গেছ ব্যৱহাৰ কৰে।২

বৰ্তমান স্থিতি

অসম গেছ কোম্পানী লিমিটেডৰ ভূগৰ্ভস্থ প্ৰাকৃতিক গেছ ট্ৰাংক আৰু বিতৰণ পাইপলাইনৰ বিস্তৰ নেটৱৰ্ক আছে। এই পাইপলাইনৰ নেটয়ৰ্কে উজনি অসমৰ তিনিচুকীয়া, ডিব্ৰুগড়, শিৱসাগৰ, চৰাইদেউ, যোৰহাট, মাজুলী আৰু গোলাঘাট জিলাৰ প্ৰায় ৪০০খন চাহ কাৰখানা, ১২০০টা বাণিজ্যিক প্ৰতিষ্ঠান, প্ৰায় ৫০,০০০ গৰাকী ঘৰুৱা গ্ৰাহক আৰু ৪১০টা ঔদ্যোগিক গ্ৰাহকক সেৱা আগবঢ়ায়।১ ইয়াৰ বৰ্তমানৰ মুখ্য কাৰ্যালয় ডিব্ৰুগড় জিলাৰ তৈল নগৰী দুলীয়াজানত অৱস্থিত। কোম্পানীটোৰ ৫.৫ প্ৰতিদিনে মিলিয়ন মেট্ৰিক মানক ঘনমিটাৰতকৈ অধিক প্ৰাকৃতিক গেছ পৰিবহণ কৰাৰ ক্ষমতা আছে। বৰ্তমানে অসম গেছ কোম্পানীয়ে অসমৰ ১৪টা ভিন্ন স্থানত শাখা কাৰ্যালয় স্থাপন কৰিছে।১

বৰ্তমান কোম্পানীৰ কৰ্তৃত্বপ্ৰাপ্ত শ্বেয়াৰ কেপিটেল হৈছে ২০ কোটি টকা আৰু পেইড আপ কেপিটেল হৈছে ১৬.৯১ কোটি টকা।২ ২০০০ চনত ই আই এছ অ' প্ৰমাণপত্ৰ লাভ কৰে আৰু তাৰ পিছত ২০১০ চনত আই এছ অ' ৯০০১:২০০৮ লৈ উন্নীত হয়।

প্ৰশাসন

অসম গেছ কোম্পানীৰ প্ৰশাসনিক কাম-কাজ বোৰ্ড অফ ডাইৰেক্টৰে চোৱা-চিতা কৰে। এই বোৰ্ড অফ ডাইৰেক্টৰৰ বৰ্তমান অধ্যক্ষ হৈছে শদিয়া বিধান সভা সমষ্টিৰ বিধায়ক বলীন চেতিয়া৪ আৰু পৰিচালন সঞ্চালক গকুল চন্দ্ৰ স্বৰ্গীয়াৰী।৫ বোৰ্ড অফ ডাইৰেক্টৰৰ সদস্যসকলক অসম চৰকাৰে নিযুক্তি প্ৰদান কৰে।

কৃতিত্ব

অসম গেছ কোম্পানী লিমিটেডক কাৰ্যকৰী ৰাজ্যিক পৰ্যায়ৰ ৰাজহুৱা খণ্ডৰ প্ৰতিষ্ঠানসমূহৰ মাজত কেইবা বছৰধৰি শক্তিশালী বিত্তীয় প্ৰদৰ্শনৰ ওপৰত আধাৰিত কৰি অসম চৰকাৰৰ ৰাজহুৱা উদ্যোগ বিভাগে 'এ' শ্ৰেণীৰ অধীনত ঘোষণা কৰিছে।১ কোম্পানীটোৱে অসম চৰকাৰক আৰু মুখ্যমন্ত্ৰীৰ সাহায্য পুঁজিলৈ নিয়মীয়া লভ্যাংশ পৰিশোধ কৰি আহিছে। অসম গেছ কোম্পানীয়ে সুৰক্ষা নিয়ম সুচাৰু ৰূপে অনুসৰণ কৰাৰ বাবে ৰাজীৱ গান্ধী ৰাষ্ট্ৰীয় সুৰক্ষা বঁটা অৰ্জন কৰিছে।৬

তথ্যসূত্ৰ

  1. ↑ About us. assamgas.org
  2. ↑ Pipe gas connection under assam gas company ltd. industries.assam.gov.in
  3. ↑ ASSAM GAS COMPANY LTD. m.economictimes.com
  4. ↑ (৩০ ছেপ্টেম্বৰ ২০২০). Chairman of Assam Gas Company Bolin Chetia distributed power tillers. www.sentinelassam.com
  5. ↑ Bord of Directors. assamgas.org
  6. ↑ দাস, ৰাহুল কুমাৰ; বেনাৰ্জী, সন্দীপ; যাদৱ, অঞ্জলি. (৫ মে' ২০২০). A BRIEF ASSESSMENT OF HUMAN RESOURCE ACCOUNTING (HRA) PRACTICES IN ASSAM GAS COMPANY (AGCL) LIMITED. International Journal of Management. পৃ. 2280-2292

সম্পৰ্কিত শ্ৰেণী

অসমৰ উদ্যোগডিব্ৰুগড় জিলা

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “অসম গেছ কোম্পানী লিমিটেড” প্ৰবন্ধৰ সংশোধন ৫৮৪৮৫৯ (৫ মাৰ্চ ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।