সাহিত্য অকাডেমি অনুবাদ বঁটা বিজয়ী
১৭ প্ৰবন্ধ
-
কীৰ্তিনাথ হাজৰিকা
কীৰ্তিনাথ হাজৰিকা (Kirtinath Hazarika) (১৯২২-২০০২) সাহিত্যিক কীৰ্তিনাথ হাজৰিকাৰ জন্ম হয় গোলাঘাট জিলাত। তেওঁ ১৯৬৫ চনৰ পৰা দীৰ্ঘদিনৰ বাবে দৈনিক অসম বাতৰি কাকতৰ সম্পাদক হৈ আছিল আৰু দৈনিক অসমীয়া কাকতৰ উপ-সম্পাদক, নতুন অসমীয়া কাকতৰ সম্পাদক পদত কাৰ্যনিবাহ কৰিছিল। তেওঁ ৰামধেনুৰ লগতো জড়িত আছিল।
-
তিলক হাজৰিকা
তিলক হাজৰিকা অসমৰ এজন আগশাৰীৰ সাংবাদিক আৰু সাহিত্যিক। তেখেতে প্ৰায় ৬০ বছৰ ধৰি সংবাদ মাধ্যমৰ লগত জড়িত হৈ আছিল।
-
ৰাধিকামোহন ভাগৱতী
ৰাধিকামোহন ভাগৱতী (Radhika Mohan Bhagawati, ১৯৩৩-২০১৭) অসমৰ এগৰাকী আগশাৰীৰ সাংবাদিক, সম্পাদক, সাহিত্যিক তথা সমালোচক। ১৯৩৩ চনৰ ১৯ জানুৱাৰীত শোণিতপুৰ জিলাৰ জামুগুৰিহাটত তেখেতৰ জন্ম হয়। ড॰ বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্যৰ পিছত তেখেত ৰামধেনুৰ সম্পাদক নিযুক্ত হৈছিল।
-
যতীন্দ্ৰ কুমাৰ বৰগোহাঞি
যতীন্দ্ৰ কুমাৰ বৰগোহাঞি (Jatindra Kumar Borgohain) অসমৰ এগৰাকী সাংবাদিক, সাহিত্যিক, অৰ্থনীতিবিদ, বুদ্ধিজীৱী আৰু সমাজকৰ্মী আছিল। ২০১৩ চনৰ ১৮ ডিচেম্বৰ তাৰিখে তেওঁ শেষ নিশ্বাস ত্যাগ কৰে।
-
শুচিব্ৰতা ৰায় চৌধুৰী
শুচিব্ৰতা ৰায়চৌধুৰী (Suchibrata Raichoudhury, ১ ছেপ্টেম্বৰ ১৯২৯ – ২ ডিচেম্বৰ ২০০৯) এগৰাকী অসমীয়া সাহিত্যিক, কবি আৰু অসম প্ৰশাসনিক সেৱাৰ বিষয়া আছিল। তেওঁ অসম প্ৰশাসনিক সেৱাৰ প্ৰথম মহিলা বিষয়া। ইয়াৰ লগতে তেওঁ অসমৰ প্ৰথম মহিলা ন্যায়িক দণ্ডাধীশ আছিল।
-
পৰী হিলৈদাৰী
পৰী হিলৈদাৰী (Pori Hiloidari; ) হৈছে এগৰাকী অসমীয়া সাহিত্যিক তথা শিক্ষাবিদ। তেওঁ গুৱাহাটীৰ সন্দিকৈ ছোৱালী মহাবিদ্যালয়ৰ ইংৰাজী বিভাগৰ অধ্যাপিকা। তেখেতে তেওঁৰ অনুবাদ গ্ৰন্থ দাঁতি পাৰৰ মানুহৰ বাবে ২০২১ চনৰ সাহিত্য অকাডেমিৰ অনুবাদ বঁটা লাভ কৰে।
-
সুৰেশ শৰ্মা
সুৰেশ শৰ্মা (Suresh Sharma) হৈছে অসমৰ এগৰাকী লেখক, সাহিত্যিক আৰু কবি।
-
অদম্য শক্তি
অদম্য শক্তি ২০১১ বৰ্ষৰ সন্মানীয় সাহিত্য অকাডেমি (অনুবাদ) বঁটা বিজয়ী গ্ৰন্থ। ২০০৬ চনত প্ৰকাশিত ড॰ এ পি জে আব্দুল কালামৰ "ইন্ডমিটেব্ল্ স্পিৰিট" নামৰ গ্ৰন্থখনৰ অনুবাদ হৈছে অদম্য শক্তি। গ্ৰন্থখনৰ অনুবাদক সুৰেশ শৰ্মা।
-
জুৰি দত্ত
জুৰি দত্ত একাধাৰে অনুবাদক, গল্পকাৰ, প্ৰবন্ধ লেখক, সম্পাদক আৰু সমালোচক। তেওঁ বৰ্তমানলৈকে আঠখন গ্ৰন্থ প্ৰকাশ কৰিছে। তেওঁ তেজপুৰ বিশ্ববিদ্যালয়ৰ অসমীয়া বিভাগৰ মুৰব্বী তথা সহকাৰী অধ্যাপিকা৷ তেওঁ ২০২২ বৰ্ষত নাৰায়ণৰ কচাৰেথিঃ আৰায়া নাৰী- গ্ৰন্থৰ অনুবাদেৰে সাহিত্য অকাডেমিৰ অনুবাদ বঁটা লাভ কৰিছে৷
-
প্ৰফুল্ল কটকী
প্ৰফুল্ল কটকী (জন্ম: ১৯৩৪ – ২০১৮) একাধাৰে সমালোচক, অনুবাদক, অধ্যাপক, গৱেষক আছিল। অসমীয়া অনুবাদ সাহিত্যত তেওঁৰ অৱদান যথেষ্ট। তেওঁ ১৯৫৮ চনত গুৱাহাটী বিশ্ববিদ্যালয়ৰ পৰা ইংৰাজী বিষয়ত স্নাতকোত্তৰ ডিগ্ৰী লাভ কৰে। আৰু তাৰ পাছত গুৱাহাটী বিশ্ববিদ্যালয়ৰ ইংৰাজী বিভাগত প্ৰবক্তা হিচাপে যোগদান কৰে।
-
অনুপমা দত্ত শইকীয়া
অনুপমা দত্ত শইকীয়া (Anupama Dutta Saikia) অসমৰ এগৰাকী উল্লেখযোগ্য সাহিত্যিক আৰু অনুবাদক। তেওঁ মূলতঃ কন্নড় ভাষাৰ গুৰুত্বপূৰ্ণ সাহিত্যকৰ্মসমূহ অসমীয়া ভাষালৈ অনুবাদ কৰাৰ বাবে পৰিচিত।
-
ক্ষেমৰাজ নেপাল
ক্ষেমৰাজ নেপাল এগৰাকী সাহিত্যিক,অনুবাদক আৰু গৱেষক। সাহিত্য অকাডেমী অনুবাদ বঁটা বিজয়ী ক্ষেমৰাজ নেপালে অসমীয়া, নেপালী আৰু সংস্কৃত ভাষাত ভালে সংখ্যক গ্ৰন্থ ৰচনা কৰিছে। জন্ম ঃ ১৯৫৭ চন
-
গায়ত্ৰী চক্ৰৱৰ্তী স্পিভাক
গায়ত্ৰী চক্ৰৱৰ্তী স্পিভাক (Gayatri Chakravorty Spivak; জন্ম: ২৪ ফেব্ৰুৱাৰী ১৯৪২) এগৰাকী ভাৰতীয় পণ্ডিত, সাহিত্য তত্ত্ববিদ আৰু নাৰীবাদী সমালোচক। তেওঁ কলম্বিয়া বিশ্ববিদ্যালয়ৰ অধ্যাপিকা আৰু প্ৰতিষ্ঠানটোৰ ইনষ্টিটিউট ফৰ কম্পাৰেটিভ লিটাৰেচাৰ এণ্ড ছ'চাইটিৰ প্ৰতিষ্ঠাপক সদস্য।
-
নৱ কুমাৰ সন্দিকৈ
ড০ নৱ কুমাৰ সন্দিকৈ (Dr Nava Kumar Handique) ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ অসমীয়া বিভাগৰ অৱসৰপ্ৰাপ্ত মুৰব্বী প্ৰাধ্যাপক। তেখেত সংস্কৃত সাহিত্য,ভক্তি সাহিত্য, কালিদাসৰ সাহিত্য, প্ৰাশ্চ্য আৰু পাশ্চাত্যৰ সাহিত্য, সাহিত্য তত্ত্ব আৰু সমালোচনা ইত্যাদি বিষয়ৰ অধ্যয়নৰ সৈতে জড়িত।
-
প্ৰীতি বৰুৱা
প্ৰীতি বৰুৱা অসমৰ এগৰাকী শিক্ষাবিদ তথা সাহিত্যিক৷ বিশেষকৈ অনুবাদ সাহিত্যৰে অসমীয়া সাহিত্যলৈ আগবঢ়োৱা অৱদানৰ বাবে ২০০৫ চনত তেওঁ সাহিত্য অকাডেমি বঁটা লাভ কৰিছিল৷
-
বসুন্ধৰা শইকীয়া
বসুন্ধৰা শইকীয়া (Basundhara Saikia; ১৯৪৬ – ১০ এপ্ৰিল ২০০২) এগৰাকী উল্লেখযোগ্য অসমীয়া অনুবাদক আৰু সাহিত্যিক আছিল। ভাৰতৰ বিভিন্ন ভাষাৰ সাহিত্য অসমীয়া ভাষালৈ অনুবাদ কৰাৰ জৰিয়তে তেওঁ অসমীয়া সাহিত্যৰ বিকাশত গুৰুত্বপূৰ্ণ অৱদান আগবঢ়াইছিল।
-
শান্তা গোখলে
শান্তা গোখলে ( Shanta Gokhale; জন্ম: ১৪ আগষ্ট ১৯৩৯) এগৰাকী ভাৰতীয় সাহিত্যিক, অনুবাদক, সাংবাদিক আৰু নাট্য সমালোচক। ৰীতা ৱেলিংকাৰ আৰু ত্যা বৰ্ষী গ্ৰন্থ দুখনৰ বাবে তেওঁ অধিক পৰিচিত।