অসমৰ ৰাজনীতিবিদ
১১ প্ৰবন্ধ
-
কমলা প্ৰসাদ আগৰৱালা
কমলা প্ৰসাদ আগৰৱালা আছিল এজন ভাৰতীয় ৰাজনীতিবিদ। ১৯৭১ চনত তেজপুৰ লোকসভা সমষ্টিৰ পৰা লোকসভা, ভাৰতীয় সংসদ ৰ নিম্ন সদনলৈ, তেজপুৰ বিধানসভা সমষ্টিৰ সদস্য হিচাপে নিৰ্বাচিত হয়। ১৯৫৭ আৰু ১৯৬২ চনত আৰু ভাৰতীয় জাতীয় কংগ্ৰেছ টিকটত (১৯৪০-১৯৪৭) অসম বিধান পৰিষদ ৰ সদস্য।
-
পৰিমল শুক্লবৈদ্য
পৰিমল শুক্লবৈদ্য (Parimal Suklabaidya) (জন্ম ২০ জানুৱাৰী ১৯৫৮) এজন ভাৰতীয় তথা অসমৰ ৰাজনীতিবিদ। তেওঁ ভাৰতীয় জনতা পাৰ্টিৰ পৰা অসম বিধানসভা সদস্য হিচাপে নিৰ্বাচিত হয়। ২০১৬ চনত সৰ্বানন্দ সোণোৱাল নেতৃত্বাধীন চৰকাৰৰ মন্ত্ৰী পদত অধিষ্ঠিত হৈ চতুৰ্থবাৰৰ বাবে ধলাই সমষ্টিৰ পৰা নিৰ্বাচিত হৈছে।
-
কবীন্দ্ৰ পুৰকায়স্থ
কবীন্দ্ৰ পুৰকায়স্থ (Kabindra Purkayastha; ১৫ ডিচেম্বৰ ১৯৩১ – ৭ জানুৱাৰী ২০২৬) এগৰাকী ভাৰতীয় ৰাজনীতিবিদ আছিল। তেওঁ কেন্দ্ৰীয় ৰাজ্যিক মন্ত্ৰী হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল। তেওঁ ১৯৯৮ চনৰপৰা ১৯৯৯ চনলৈকে অটল বিহাৰী বাজপেয়ী চৰকাৰত যোগাযোগ বিভাগৰ ৰাজ্যিক মন্ত্ৰী হিচাপে সেৱা আগবঢ়াইছিল।
-
প্ৰদ্যুৎ বৰদলৈ
প্ৰদ্যুৎ বৰদলৈ (জন্ম ২৮ এপ্ৰিল ১৯৫৯) হৈছে ভাৰতীয় জনতা পাৰ্টিৰ এজন ৰাজনীতিবিদ যি পূৰ্বতে ২০১৯ চনৰ পৰা ২০২৬ চনলৈকে নগাঁও লোকসভা সমষ্টিৰ কংগ্ৰেছ দলৰ সাংসদ হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল।
-
কমল কুমাৰ মেধি
কমল কুমাৰ মেধি (Kamal Kumar Medhi) অসমৰ এগৰাকী সক্ৰিয় ৰাজনীতিবিদ, সমাজ-সমালোচক আৰু কবি। তেওঁ বৰ্তমান ভাৰতীয় জনতা পাৰ্টি (বিজেপি) অসম প্ৰদেশৰ এজন অন্যতম মুখপাত্ৰ হিচাপে কাৰ্যনিৰ্ভাহ কৰি আছে।
-
ফণী ভূষণ চৌধুৰী
ফণী ভূষণ চৌধুৰী (জন্ম ১ মে' ১৯৫২) এগৰাকী ভাৰতীয় ৰাজনীতিবিদ। তেওঁ বৰ্তমান লোকসভাৰ সংসদ সদস্য হিচাপে বৰপেটা লোকসভা সমষ্টিৰ প্ৰতিনিধিত্ব কৰি আছে আৰু অসম গণ পৰিষদৰ এগৰাকী নেতা। তেওঁ ১৯৮৫ চনৰপৰা অবিৰতভাৱে ৮বাৰকৈ বঙাইগাঁও বিধানসভা সমষ্টিৰ প্ৰতিনিধিত্ব কৰাৰ অভিলেখ গঢ়ে।
-
বেগম আবিদা আহমেদ
বেগম আবিদা আহমেদ (Begum Abida Ahmed,১৭ জুলাই ১৯২৩ – ৭ ডিচেম্বৰ ২০০৩) এগৰাকী ভাৰতীয় ৰাজনীতিবিদ, শিল্পী, আৰু সমাজ কৰ্মী৷ তেওঁ ১৯৭৪ চনৰ পৰা ১৯৭৭ চনলৈ ভাৰতৰ প্ৰথম মহিলা হিচাপে আৰু পিছলৈ লোকসভাত সাংসদ সদস্য হিচাপে উত্তৰ প্ৰদেশৰ বাৰেলী সংসদীয় সমষ্টিক প্ৰতিনিধিত্ব কৰিছিল৷ আবিদা আহমেদ ভাৰতৰ পঞ্চম…
-
হেমেন দাস (ৰাজনীতিবিদ)
হেমেন দাস (Hemen Das;জন্ম: ২ মাৰ্চ, ১৯৩১) অসমৰ এগৰাকী প্ৰখ্যাত সাম্যবাদী নেতা তথা প্ৰাক্তন বিধায়ক। তেওঁ অসম বিধানসভাৰ সৰভোগ সমষ্টিৰ পৰা চাৰিবাৰকৈ - ১৯৭৮, ১৯৮৩,১৯৮৫ আৰু ১৯৯৬ চনত বিধায়ক হিচাপে নিৰ্বাচিত হৈছে।
-
অলকা নাথ
অলকা নাথ (ইংৰাজী: Alka Nath, জন্ম: ২৪ নৱেম্বৰ ১৯৫১) এগৰাকী ৰাজনৈতিক আৰু সমাজকৰ্মী আৰু এগৰাকী প্ৰাক্তন সংসদ সদস্য৷ তেওঁ ভাৰতৰ মধ্যপ্ৰদেশ ৰাজ্যৰ ছিণ্ডৱাৰা সমষ্টিৰ পৰা ভাৰতীয় জাতীয় কংগ্ৰেছৰ প্ৰাৰ্থী হিচাপে নিৰ্বাচিত হৈছিল।
-
জীৱেশ ৰায়
জীৱেশ ৰায় (ইংৰাজী: Jibesh Rai; জন্ম: ১৯৮৫) হৈছে উত্তৰ-পূব ভাৰতৰ অসম ৰাজ্যৰ এজন ৰাজনীতিবিদ। তেওঁ ধুবুৰী জিলাৰ বিলাসীপাৰা বিধানসভা সমষ্টিৰ পৰা অসম গণ পৰিষদৰ প্ৰতিনিধিত্ব কৰি অসম বিধানসভাৰ এজন সদস্য হিচাপে নিৰ্বাচিত হয়। ৰায়ৰ ঘৰ অসমৰ ধুবুৰী জিলাৰ বিলাসীপাৰাত। তেওঁ শ্ৰী পবিত্ৰ ৰায়ৰ পুত্ৰ।
-
ৰাজদ্বীপ ৰয়
ৰাজদীপ ৰায় এজন ভাৰতীয় ৰাজনীতিবিদ। তেওঁ ৭ ছেপ্টেম্বৰ, ১৯৭০ চনত অসমৰ শিলচৰ জন্মগ্ৰহণ কৰে। তেওঁ লোকসভা, অৰ্থাৎ নিম্ন সদনৰ সংসদ আছিল। অসমৰ শিলচৰ লোকসভা সমষ্টিৰ পৰা ২০১৯ ভাৰতীয় সাধাৰণ নিৰ্বাচনত নিৰ্বাচিত হয়। তেওঁ ভাৰতীয় জনতা পাৰ্টিৰ সক্ৰিয় সদস্য হিচাপে কাৰ্যনিৰ্বাহ কৰে।