অসম চৰকাৰৰ মন্ত্ৰী
৮ প্ৰবন্ধ
-
অতুল বৰা
অতুল বৰা (Atul Bora, জন্ম: ৭ এপ্ৰিল ১৯৬০) এগৰাকী ভাৰতীয় ৰাজনীতিবিদ আৰু বৰ্তমান অসম চৰকাৰৰ কেবিনেট মন্ত্ৰী। তেওঁ অসম গণ পৰিষদ নামৰ আঞ্চলিক দলৰ সৈতে জড়িত তথা বৰ্তমান ইয়াৰ সভাপতি। ২০১৪ চনৰ জুলাই মাহত তেওঁ এই দলৰ সভাপতি নিৰ্বাচিত হৈছিল।
-
অজন্তা নেওগ
অজন্তা নেওগ (Ajanta Neog) এগৰাকী ভাৰতীয় ৰাজনীতিবিদ আৰু বৰ্তমান অসম চৰকাৰৰ কেবিনেট মন্ত্ৰী। তেওঁ হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত অসম চৰকাৰৰ কেবিনেটত সমাজ কল্যাণ আৰু বিত্ত বিভাগৰ কেবিনেট মন্ত্ৰী। তেওঁৰ অসম চৰকাৰৰ প্ৰথম মহিলা বিত্ত মন্ত্ৰী।
-
পীযুষ হাজৰিকা
পীযুষ হাজৰিকা অসম প্ৰদেশৰ ভাৰতীয় জনতা পাৰ্টিৰ এজন ৰাজনীতিবিদ তথা অসম চৰকাৰৰ মন্ত্ৰী।
-
অশোক সিংহল
অশোক সিংঘল (Ashok Singhal; জন্ম: ২৯ ডিচেম্বৰ ১৯৬৮) এগৰাকী ভাৰতীয় ৰাজনীতিবিদ আৰু বৰ্তমান অসম চৰকাৰৰ গৃহ নিৰ্মাণ, নগৰ পৰিক্ৰমা আৰু জলসিঞ্চন মন্ত্ৰী। ইয়াৰ লগতে তেওঁ অসমৰ তিনিখন জিলা ক্ৰমে কোকৰাঝাৰ, ওদালগুৰি আৰু কাছাৰ জিলাৰ অভিভাৱক মন্ত্ৰী হিচাপে কাৰ্যনিৰ্বাহ কৰিছে।
-
কেশৱ মহন্ত (ৰাজনীতিবিদ)
কেশৱ মহন্ত (Keshab Mahanta; জন্ম: ৬ জুলাই ১৯৫৯) এগৰাকী ভাৰতীয় ৰাজনীতিবিদ আৰু বৰ্তমান অসম চৰকাৰৰ কেবিনেট মন্ত্ৰী। তেওঁ অসম গণ পৰিষদ নামৰ আঞ্চলিক দলৰ সৈতে জড়িত তথা বৰ্তমান ইয়াৰ কাৰ্যকৰী সভাপতি।
-
বিমল বৰা
বিমল বৰা (Bimal Bora) ভাৰত অসমৰ এজন ভাৰতীয় জনতা পাৰ্টীৰ ৰাজনীতিবিদ। ২০১৬ আৰু ২০২১ চনত টিংখাং সমষ্টিৰ নিৰ্বাচিত বিধায়ক। বৰ্তমান অসম চৰকাৰৰ এজন কেবিনেট পৰ্যায়ৰ মন্ত্ৰী।২০২১ চনৰ ১০ মে’ত তেওঁ অসম চৰকাৰৰ কেবিনেট মন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰে।
-
প্ৰদ্যুৎ বৰদলৈ
প্ৰদ্যুৎ বৰদলৈ (জন্ম ২৮ এপ্ৰিল ১৯৫৯) হৈছে ভাৰতীয় জনতা পাৰ্টিৰ এজন ৰাজনীতিবিদ যি পূৰ্বতে ২০১৯ চনৰ পৰা ২০২৬ চনলৈকে নগাঁও লোকসভা সমষ্টিৰ কংগ্ৰেছ দলৰ সাংসদ হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল।
-
নাজনীন ফাৰুক
নাজনিন ফাৰুক (Naznin Faruque, (১ আগষ্ট ১৯৫৪–১৭ ছেপ্টেম্বৰ ২০২০) ভাৰতীয় জাতীয় কংগ্ৰেছ দলৰ সমাজকৰ্মী, ৰাজনীতিবিদ আৰু ৰাজ্যসভাৰ প্ৰাক্তন সংসদ সদস্য৷ তেওঁ অসমৰ পৰা ৰাজ্যসভাৰ সদস্য নিৰ্বাচিত হৈছিল।