অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
বিবিধ

পিনক'ড

ডাক সূচকাংক বা পিনক'ড বা পিন নং (Postal Index Number চমুকৈ PIN) ভাৰতীয় ডাক বিভাগৰ ডাকঘৰ সূচোৱা ব্যৱস্থা। প্ৰতিটো পিনক'ডত ৬টা সংখ্যা থাকে। পিনক'ড ব্যৱস্থা ১৯৭২ চনৰ ১৫ আগষ্টত প্ৰৱৰ্ত্তন কৰা হৈছিল।

হালনাগাদ: ৯ ছেপ্তেম্বৰ ২০২৩ ৭৪ শব্দ · ১ মিনিট সংগৃহীত ৭২
সংশোধনৰ পৰামৰ্শ

ডাক সূচকাংক বা পিনক'ড বা পিন নং (Postal Index Number চমুকৈ PIN) ভাৰতীয় ডাক বিভাগৰ ডাকঘৰ সূচোৱা ব্যৱস্থা। প্ৰতিটো পিনক'ডত ৬টা সংখ্যা থাকে। পিনক'ড ব্যৱস্থা ১৯৭২ চনৰ ১৫ আগষ্টত প্ৰৱৰ্ত্তন কৰা হৈছিল।

গঠন

ভাৰতত ৮টা অসামৰিক আৰু ১টা সামৰিক পিনক'ড অঞ্চল আছে। পিনক'ডৰ প্ৰথম সংখ্যাটোৱে এই ৯টা অঞ্চলৰ কোন অঞ্চলত ঠিকনাটো অৱস্থিত তাক সূচায়। দ্বিতীয় সংখ্যাটোৱে মূখ্য অঞ্চলৰ উপ-অঞ্চলৰ অৱস্থিতি দেখুৱায়। তৃতীয় সংখ্যাটোৱে ডাক-জিলাৰ অৱস্থান আৰু শেষৰ তিনিটা সংখ্যাই বিশেষ এটা ডাকঘৰ সূচায়।

পিনক'ড আৰু ডাক চক্ৰৰ তালিকা

পিনক'ডৰ প্ৰথম ২টা সংখ্যা সৈতে ডাক চক্ৰসমুহ
পিনক'ডৰ প্ৰথম ২টা সংখ্যা সৈতে ডাক চক্ৰসমুহছবি: GfK GeoMarketing · CC BY-SA 3.0
পিনক'ডৰ প্ৰথম ২/৩ টা সংখ্যাডাক চক্ৰ
১১দিল্লী
১২ আৰু ১৩হাৰিয়ানা
১৪ আৰু ১৫পঞ্জাব
১৬চণ্ডীগড়
১৭হিমাচল প্ৰদেশ
১৮ আৰু ১৯জম্মু আৰু কাশ্মীৰ
২০ৰ পৰা ২৮উত্তৰ প্ৰদেশ/উত্তৰাখণ্ড
৩০ৰ পৰা ৩৪ৰাজস্থান
৩৬ৰ পৰা ৩৯গুজৰাট
৪০গোৱা
৪০ৰ পৰা ৪৪মহাৰাষ্ট্ৰ
৪৫ৰ পৰা ৪৮মধ্য প্ৰদেশ
৪৯ছত্তীসগড়
৫০ৰ পৰা ৫৩অন্ধ্ৰপ্ৰদেশ
৫৬ৰ পৰা ৫৯কৰ্ণাটক
৬০ৰ পৰা ৬৪তামিলনাডু
৬৭ৰ পৰা ৬৯কেৰালা
৬৮২লাক্ষাদ্বীপ
৭০ৰ পৰা ৭৪পশ্চিমবংগ
৭৪৪আন্দামান আৰু নিকোবৰ দ্বীপপুঞ্জ
৭৫ৰ পৰা ৭৭ওড়িশা
৭৮অসম
৭৯অৰুণাচল প্ৰদেশ
৭৯৩, ৭৯৪, ৭৮৩১২৩মেঘালয়
৭৯৫মণিপুৰ
৭৯৬মিজোৰাম
৭৯৯ত্ৰিপুৰা
৮০ৰ পৰা ৮৫বিহাৰ আৰু ঝাৰখণ্ড

দ্ৰষ্টব্য

সম্পৰ্কিত শ্ৰেণী

ডাক সেৱা

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “পিনক'ড” প্ৰবন্ধৰ সংশোধন ৩৭৭৪১৩ (৯ ছেপ্তেম্বৰ ২০২৩)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।