ডাক সেৱা
৭ প্ৰবন্ধ
-
ডাক টিকট
ডাক টিকট হৈছে এবিধ বিশেষ প্ৰকাৰৰ মুদ্ৰিত কাগজৰ টুকুৰা, যি ডাক সেৱাৰ মাছুল পৰিশোধ কৰাৰ প্ৰমাণ হিচাপে ব্যৱহাৰ কৰা হয়। নানা বৰণৰ এই ডাক টিকট সমূহত দেশৰ ইতিহাস ঐতিহ্য, সংস্কৃতি, বৰেণ্য ব্যক্তিত্ব ইত্যাদি বিষয় ফুটি উঠে। প্ৰায় প্ৰতিখন দেশৰ ডাক ব্যৱস্থাত ডাক টিকটৰ ব্যৱহাৰ কৰা হয়।
-
ভাৰতীয় ডাক
ভাৰতীয় ডাক বিভাগ, যি ভাৰতীয় ডাক হিচাপে ব্যৱসায় কৰি আছে, হৈছে ভাৰতৰ চৰকাৰ চালিত ডাক প্ৰণালী যাক সাধাৰণতে ডাক ঘৰ হিচাপে জনা যায়।
-
পিনক'ড
ডাক সূচকাংক বা পিনক'ড বা পিন নং (Postal Index Number চমুকৈ PIN) ভাৰতীয় ডাক বিভাগৰ ডাকঘৰ সূচোৱা ব্যৱস্থা। প্ৰতিটো পিনক'ডত ৬টা সংখ্যা থাকে। পিনক'ড ব্যৱস্থা ১৯৭২ চনৰ ১৫ আগষ্টত প্ৰৱৰ্ত্তন কৰা হৈছিল।
-
ফিলাটেলি
ফিলাটেলি (philately, ) হৈছে ডাক টিকট, ডাক বিভাগৰ বুৰঞ্জী আৰু এই সম্পৰ্কীয় বিষয়ৰ এক সমূহিক অধ্যয়ন। কেৱল ডাক টিকট সংগ্ৰহ কৰাৰ উপৰিও ফিলাটেলিৰ অন্য গুৰুত্ব আছে। নগণ্য সংখ্যক বা কোনো ডাক টিকটৰ গৰাকী নোহোৱকৈও ফিলটেলিষ্ট হ'ব পাৰি।
-
পিন ক'ড H0H 0H0
পিন ক'ড H0H 0H0 (উচ্চাৰণ:হ'হ'হ' ) কানাডাৰ ডাক বিভাগৰ দ্বাৰা পৃথিৱীৰ ভৌগোলিক উত্তৰ মেৰুৰ বাবে নিৰ্ধাৰিত পিন ক'ড। কানাডাৰ ঠাই সমূহৰ ডাক বিভাগীয় পিন ক'ড সমূহ ছটা বৰ্ণ-সংখ্যা বিশিষ্ট যি একো একোটা স্থানীয় এলেকা নিৰ্দিষ্ট কৰে।
-
সেনা ডাক সেৱা (ভাৰত)
সেনা ডাক সেৱা (Army Postal Service)-ই ভাৰতত সামৰিক মেইল প্ৰণালী হিচাপে কাম কৰে। সেনা ডাক সেৱা প্ৰণালীৰ এটা প্ৰাথমিক বিশেষত্ব হ'ল - যাতে বিদেশ আৰু গৃহ দেশৰ মাজত পোষ্ট কৰা সামৰিক মেইলৰ বাবে প্ৰেৰকৰ সাধাৰণ ঘৰুৱা মেইল ট্ৰেফিকতকৈ অধিক ব্যয় নহয়।
-
ৰাষ্ট্ৰীয় ডাক টিকট সংগ্ৰহালয়, নতুন দিল্লী
ভাৰতৰ নতুন দিল্লীৰ ডাক ভৱনত থকা ৰাষ্ট্ৰীয় ডাক টিকট সংগ্ৰহালয়টো (National Philatelic Museum, New Delhi) ডাক বিভাগৰ দ্বাৰা পৰিচালিত। সংগ্ৰহালয়টো "দিল্লী ঐতিহ্য গৱেষণা আৰু ব্যৱস্থাপনা প্ৰতিষ্ঠান"ৰ ড° আনন্দ বৰ্ধনে ৰূপাঙ্কণ কৰিছিল, তেওঁ "ভাৰতীয় সংগ্ৰহালয় সংস্থা"ৰ সচিবও।