ভাৰতৰ নতুন দিল্লীৰ ডাক ভৱনত থকা ৰাষ্ট্ৰীয় ডাক টিকট সংগ্ৰহালয়টো (National Philatelic Museum, New Delhi) ডাক বিভাগৰ দ্বাৰা পৰিচালিত। সংগ্ৰহালয়টো "দিল্লী ঐতিহ্য গৱেষণা আৰু ব্যৱস্থাপনা প্ৰতিষ্ঠান"ৰ ড° আনন্দ বৰ্ধনে ৰূপাঙ্কণ কৰিছিল, তেওঁ "ভাৰতীয় সংগ্ৰহালয় সংস্থা"ৰ সচিবও।১ সংগ্ৰহালয়টোত কেইবাটাও ফ্ৰেম প্ৰদৰ্শন কৰা হৈছে য'ত স্বাধীনতাৰ পিছৰ যুগৰ ডাক টিকটৰ প্ৰদৰ্শনে যিকোনো দৰ্শনাৰ্থীক ইয়াৰ আকৰ্ষণেৰে প্ৰভাৱিত কৰিব পাৰে। ফ্ৰেমবোৰ বিভিন্ন শাখাত সুন্দৰভাৱে সজ্জিত কৰা হৈছে যেনে শ্বীটলেটৰ বাবে শাখা, বিভিন্ন থীমৰ বাবে শাখা, বিভিন্ন দেশৰ ষ্টাম্পৰ বাবে শাখা।
সংগ্ৰহালয়টোৱে বিভিন্ন বিদ্যালয়ৰ শিক্ষাৰ্থীসকলৰ সৈতে নিয়মীয়াকৈ ডাক টিকট সংগ্ৰহৰ কৰ্মশালাৰ আয়োজন কৰে। সংগ্ৰহালয়টোত এখন স্মাৰক দোকানো আছে য'ত বিভিন্ন ধৰণৰ ডাক টিকটৰ সামগ্ৰী যেনে ষ্টেম্প, ইয়েৰ পেক, ষ্টাম্প এলবাম, পিকচাৰ পোষ্টকাৰ্ড, "ৰাষ্ট্ৰীয় ডাক টিকট সংগ্ৰহালয়"ৰ নিষ্ক্ৰিয় চিত্ৰ, আৰু উপহাৰ সামগ্ৰী আদি প্ৰদান কৰা হয়।
সংগ্ৰহালয়টো নতুন দিল্লীৰ "সংসদ মাৰ্গ"ৰ ওচৰৰ (কনাট্ প্লেচত অৱস্থিত, আৰু কোনো মাচুল অবিহনে দৰ্শনাৰ্থীসকলৰ বাবে সপ্তাহত গোটেই দিনত ৰাতিপুৱা ১০:০০ বজাৰ পৰা সন্ধিয়া ০৫:০০ বজালৈ মুকলি ৰখা হয়।২
তথ্যসূত্ৰ
- ↑ Faculty at DIHRM. Delhi Institute of Heritage Research and Management
- ↑ National Philatelic Museum. Delhi Tourism
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “ৰাষ্ট্ৰীয় ডাক টিকট সংগ্ৰহালয়, নতুন দিল্লী” প্ৰবন্ধৰ সংশোধন ৩৮৩৫২৯ (২৯ ছেপ্তেম্বৰ ২০২৩)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।