অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
ভূগোল আৰু ঠাই

ছাংগে জলপ্ৰপাত

ছাংগে জলপ্ৰপাত পশ্চিম বংগৰ লিংচাইখা খাছমহলত অৱস্থিত এটা জলপ্ৰপাত। মুঠ উচ্চতা ৩০০ মিটাৰ (৯৮৪ ফুট) উত্তৰ বংগৰ সৰ্বোচ্চ উচ্চতাৰ জলপ্ৰপাত। ছাংগে জলপ্ৰপাত কালিম্পংৰ চিত্ৰময় উপত্যকাৰ মাজত অৱস্থিত।

হালনাগাদ: ২৮ ছেপ্তেম্বৰ ২০২৩ ২৫৩ শব্দ · ১ মিনিট সংগৃহীত ৮০
সংশোধনৰ পৰামৰ্শ

ছাংগে জলপ্ৰপাত পশ্চিমবংগৰ লিংচাইখা খাছমহলত অৱস্থিত এটা জলপ্ৰপাত।১ মুঠ উচ্চতা ৩০০ মিটাৰ (৯৮৪ ফুট) উত্তৰ বংগৰ সৰ্বোচ্চ উচ্চতাৰ জলপ্ৰপাত। ছাংগে জলপ্ৰপাত কালিম্পংৰ চিত্ৰময় উপত্যকাৰ মাজত অৱস্থিত।২

স্থান

পশ্চিম বংগৰ কালিমপং জিলাৰ কলাখামৰ পৰা প্ৰায় ৪ কিলোমিটাৰ (২.৫ মাইল) আৰু লাভা গাঁৱৰ পৰা ১০ কিলোমিটাৰ (৬.২ মাইল) দুৰত্বত আৰু ২২০০ মিটাৰ (৭,২১৮ ফুট) উচ্চতাত ছাংগে জলপ্ৰপাত অৱস্থিত। জলপ্ৰপাতটো দৰ্শন কৰিবলৈ হ'লে শেষৰ ৯০০ মিটাৰ (০.৫৬ মাইল) বাট খোজেৰে যাব লাগে। এই জলপ্ৰপাতৰ দৃশ্য উপভোগ কৰিবলৈ আশে পাশে কেইবাটাও ভিউইং ডেক উপলব্ধ।৩

ছাংগে জলপ্ৰপাতৰ নিকটতম বিমানবন্দৰ বাগডোগ্ৰা বিমানবন্দৰ। ইয়াৰ পৰা নিকটতম ৰেল ষ্টেচন শিলিগুৰিৰ নিউ জলপাইগুৰি জংচন ৰেলৱে ষ্টেচন।৪

বিৱৰণ

ছাংগে জলপ্ৰপাতৰ প্ৰাকৃতিক সৌন্দৰ্য্য আকৰ্ষণীয়। এইবাবেই দুৰ্গম বাট অতিক্ৰম কৰিও এই শোভা উপভোগ কৰিবলৈ পৰ্য্যটকৰ সমাগম ঘটে।৫

ছাংগে জলপ্ৰপাতলৈ যোৱা পৰ্য্যটকসকলে শেষৰ ৯০০ মিটাৰ পথ খোজকাঢ়ি যোৱাৰ প্ৰয়োজন। এই জলপ্ৰপাতৰ পৰা কাঞ্চনজংঘা পৰ্বতো দেখা পোৱা যায়। জলপ্ৰপাতৰ আশেপাশে থকা বনাঞ্চলখনত বহুতো থলুৱা চৰায়ো দেখিবলৈ পোৱা যায়।৬

পৰ্যটন

পশ্চিম বংগৰ কালিম্পং অঞ্চলত অৱস্থিত ছাংগে জলপ্ৰপাত পৰ্য্যটনৰ বাবে এক আকৰ্ষণীয় ঠাই। কোলাখামৰ পৰা ৪ কিলোমিটাৰ আৰু লাভাৰ পৰা ১০ কিলোমিটাৰ দূৰত্বত অৱস্থিত হোৱাৰ বাবে পৰ্যটকে গাড়ীৰে ইয়ালৈ সহজে যাব পাৰে। মাথোঁ জলপ্ৰপাতটো পাবলৈ শেষৰ ৯০০ মিটাৰ পথ ট্ৰেকিং কৰিব লাগে।৭

ৰাজহুৱা বা ব্যক্তিগত বাছ সেৱাৰ অভাৱৰ বাবে এই জলপ্ৰপাতৰ দৰ্শনাৰ্থীসকলে ব্যক্তিগতভাৱে যাতায়তৰ ব্যৱস্থা কৰাৰ প্ৰয়োজন।৮

ছাংগে জলপ্ৰপাত পুৱা ৬ বজাৰ পৰা বিয়লি ৫ বজালৈ দৰ্শনাৰ্থীৰ বাবে খোলা থাকে। পৰ্বতাৰোহণ আৰু ট্ৰেকিঙৰ দৰে কাৰ্য্যকলাপৰ বাবে ছাংগে জলপ্ৰপাত এক আকৰ্ষণীয় স্থান।৯

ছাংগে জলপ্ৰপাতৰ ওচৰত থাকিবলৈ ভ্ৰমণকাৰীসকলৰ বাবে ইয়াৰ আশে-পাশে কেইবাখনো হোটেল, ৰিজৰ্ট, আৰু হোমষ্টে আছে। উদাহৰণস্বৰূপে চেংগে ফল্ছ ৰিজৰ্ট, কোলাখাম হোটেল পেৰাডাইজ লেক ভিউ, নিওৰা ভেলী, জংগল কেম্প আদি।১০

বাহ্যিক সংযোগসমূহ

তথ্যসূত্ৰ

  1. ↑ Changey Falls. Kalimpong Online
  2. ↑ Changey Falls on West Bengal Tourism. West Bengal Tourism
  3. ↑ Changey Falls on TripAdvisor. TripAdvisor
  4. ↑ Changey Falls on Lonely Planet. Lonely Planet
  5. ↑ Changey Waterfalls. Times of India Travel
  6. ↑ Changey Falls, Kalimpong. East Himalaya
  7. ↑ Changey Falls, West Bengal. Tour My India
  8. ↑ Changey Falls, Kalimpong. Holidify
  9. ↑ Changey Falls, Kalimpong. ixigo
  10. ↑ Changey Falls, Kalimpong. Native Planet

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “ছাংগে জলপ্ৰপাত” প্ৰবন্ধৰ সংশোধন ৩৮০৯০৭ (২৮ ছেপ্তেম্বৰ ২০২৩)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।