ভাৰতীয় কমিউনিষ্ট পাৰ্টি (Communist Party of India) চমুকৈ CPI হ'ল ভাৰতৰ আটাইতকৈ পুৰণি কমিউনিষ্ট দল আৰু দেশৰ আঠটা জাতীয় দলৰ ভিতৰত অন্যতম।১ ১৯২৫ চনৰ ২৬ ডিচেম্বৰত উত্তৰ প্ৰদেশৰ কানপুৰত চিপিআই প্ৰতিষ্ঠা কৰা হয়।২৩৪
ইতিহাস
প্ৰতিষ্ঠা
ভাৰতৰ কমিউনিষ্ট আন্দোলনৰ আৰম্ভণি সম্পৰ্কে দুটা মত প্ৰচলিত:
- ১৯২০ চনৰ ১৭ অক্টোবৰত ছোভিয়েট ইউনিয়নৰ তাছখণ্ডত এম. এন. ৰায়, অবনী মুখাৰ্জী আৰু অন্যান্য বিপ্লৱীসকলৰ দ্বাৰা প্ৰথমবাৰৰ বাবে গঠিত হৈছিল।
- ১৯২৫ চনৰ ২৬ ডিচেম্বৰত কানপুৰত অনুষ্ঠিত হোৱা প্ৰথম সৰ্বভাৰতীয় সন্মিলনত আনুষ্ঠানিকভাৱে ভাৰতৰ মাটিত এই দল প্ৰতিষ্ঠা কৰা হয়। ইয়াৰ সাধাৰণ সম্পাদক হিচাপে এছ. ভি. ঘাটে নিৰ্বাচিত হয়।
স্বাধীনতা সংগ্ৰাম আৰু বিভাজন
স্বাধীনতা আন্দোলনৰ সময়ত চিপিআইয়ে শ্ৰমিক, কৃষক আৰু ছাত্ৰসকলক একত্ৰিত কৰি ব্ৰিটিছ উপনিবেশিক শাসনৰ বিৰুদ্ধে তীব্ৰ আন্দোলন গঢ়ি তুলিছিল। তেলেংগানা সশস্ত্ৰ সংগ্ৰাম, তেভাগা আন্দোলন আদি কৃষক সংগ্ৰামত এই দলটোৱে গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছিল।
১৯৬৪ চনত আন্তৰ্জাতিক কমিউনিষ্ট আন্দোলনৰ মতভেদ (চীন-ছোভিয়েট বিভাজন) আৰু ভাৰতীয় কংগ্ৰেছ দলৰ সৈতে সম্পৰ্কৰ দৃষ্টিভংগীক কেন্দ্ৰ কৰি দলটো বিভাজিত হয়। ইয়াৰ ফলত এটি বৃহৎ অংশ আঁতৰি গৈ ভাৰতৰ কমিউনিষ্ট পাৰ্টি (মাৰ্ক্সবাদী) বা চিপিআই(এম) গঠন কৰে।
মতাদৰ্শ
চিপিআই-ৰ মূল মতাদৰ্শ হৈছে মাৰ্ক্সবাদ-লেনিনবাদ আৰু সাম্যবাদ। দলটোৱে গণতান্ত্ৰিক পদ্ধতি, সমাজবাদ, ধৰ্মনিৰপেক্ষতা আৰু শ্ৰমিক শ্ৰেণীৰ অধিকাৰ সুৰক্ষাৰ পক্ষত কাম কৰে।
বিশিষ্ট নেতৃত্ব
| নাম | জন্ম- মৃত্যু | ভূমিকা / পৰিচয় |
|---|---|---|
| বিষ্ণু চট্টোপাধ্যায় | এপ্ৰিল, ১৯১০ – ১১ এপ্ৰিল, ১৯৭১ | জমিদাৰতন্ত্ৰ বিৰোধী কৃষক আন্দোলনৰ ঐতিহাসিক নেতা আৰু সাম্যবাদী ৰাজনীতিবিদ |
| ভূপেশ গুপ্ত | ২০ অক্টোবৰ, ১৯১৪ – ৬ আগষ্ট, ১৯৮১ | কমিউনিষ্ট আন্দোলনৰ অন্যতম নেতা |
| অজয় ঘোষ | উল্লেখ নাই | ভাৰতীয় কমিউনিষ্ট পাৰ্টিৰ সৰ্বভাৰতীয় সাধাৰণ সম্পাদক আৰু তাত্ত্বিক নেতা |
| সোমনাথ লাহিড়ী | ১ ছেপ্টেম্বৰ, ১৯০৯ – ১৯ অক্টোবৰ, ১৯৮৪ | প্ৰখ্যাত কমিউনিষ্ট নেতা, সুলেখক আৰু সংবিধান ৰচয়িতা গণপৰিষদৰ একমাত্ৰ সাম্যবাদী সদস্য |
| ভৱানী সেন | উল্লেখ নাই | ৰাজ্যিক সম্পাদক, পলিটব্যুৰ সদস্য আৰু খ্যাতনামা বামপন্থী বুদ্ধিজীৱী |
| অৰ্ধেন্দুভূষণ বৰ্ধন | ২৪ ছেপ্টেম্বৰ, ১৯২৪ – উল্লেখ নাই | ভাৰতৰ কমিউনিষ্ট পাৰ্টিৰ (CPI) প্ৰাক্তন সাধাৰণ সম্পাদক |
তথ্যসূত্ৰ
- ↑ Recognized National Parties. Election Commission of India
- ↑ Brief History of CPI – CPI
- ↑ Foundation of the Communist Party of India (CPI) in 1925: product of (..) – Mainstream. www.mainstreamweekly.net
- ↑ NOORANI, A. G. (17 May 2012). Origins of Indian communism. Frontline
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “ভাৰতৰ কমিউনিষ্ট পাৰ্টি” প্ৰবন্ধৰ সংশোধন ৬২৯৬৮১ (২১ আগষ্ট ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।