ওড়িয়া চলচ্চিত্ৰৰ নেপথ্য কণ্ঠশিল্পী
৫ প্ৰবন্ধ
-
নিৰ্মলা মিশ্ৰ
নিৰ্মলা মিশ্ৰ (নির্মলা মিশ্র; ২১ অক্টোবৰ ১৯৩৮-৩১ জুলাই ২০২২) এগৰাকী বিশিষ্ট বঙালী আধুনিক গীত আৰু চলচ্চিত্ৰীয় গীতৰ কণ্ঠশিল্পী। তেওঁৰ অৱদানৰ তালিকাত অসংখ্য চিৰসেউজ গীত আছে।
-
ইলা বসু
ইলা বসু (Ila Basu; ১০ আগষ্ট ১৯৩৬ – ২১ ছেপ্তেম্বৰ, ১৯৯১) এগৰাকী ভাৰতীয় বঙালী কণ্ঠশিল্পী আছিল। তেওঁ মূলতঃ আধুনিক বঙালী গীত আৰু নজৰুল গীতত বিশেষ অৱদান আগবঢ়াইছে। তাৰোপৰি তেওঁ বঙালী, অসমীয়া আৰু ওড়িয়া চলচ্চিত্ৰৰ নেপথ্য কণ্ঠশিল্পীও আছিল।
-
বনশ্ৰী সেনগুপ্ত
বনশ্ৰী সেনগুপ্ত (Banasree Sengupta) ভাৰতীয় গায়িকা আছিল। তেওঁ ১৯৮৬ত তৎকালীন চোভিয়েট সংঘৰ সঙ্গীত মঞ্চত ভাৰতৰ হৈ প্ৰতিনিধিত্ব কৰিছিল। তেওঁ বঙালী, হিন্দী, ভোজপুৰী, ওড়িয়া আৰু অসমীয়া ভাষাত গীত গাইছে।
-
হিউমেন সাগৰ
হিউমেন সাগৰ (ওড়িয়া: ହ୍ୟୁମାନ ସାଗର) হ'ল ওড়িয়া চলচ্চিত্ৰ জগতৰ এগৰাকী বিশিষ্ট গায়ক। স্থানীয় ৰাইজে তেওঁক ওড়িশাৰ অৰিজিৎ সিং বুলিও সম্বোধন কৰে। "তৰংগ" টিভি চেনেলত প্ৰচাৰিত "ভয়েচ ওড়িশা ছিজন ২"ৰ ৰিয়েলিটি শ্ব' বিজয়ী হোৱাৰ পিছত তেওঁ খ্যাতি লাভ কৰে।
-
দীপ্তিৰেখা পাঢ়ী
দীপ্তিৰেখা পাঢ়ী এগৰাকী ওড়িয়া টেলিভিছন অভিনেত্ৰী আৰু মুখ্য কণ্ঠশিল্পী। তেওঁ ওড়িয়া চলচ্চিত্ৰ লভ ডট কমত প্ৰথমে মুখ্য কণ্ঠশিল্পী হিচাপে কাম কৰিছিল। তাৰ পিছত তেওঁ ইটিভি ওড়িয়াত প্ৰচাৰিত ৰাজকন্যা ধাৰাবাহিকত নায়িকা পূৰ্বী হিচাপে অভিনয় কৰিছিল।