নাউৰু (আধিকাৰিক নাম: নাউৰু গণৰাজ্য; নাউৰুয়ান ভাষাত: Repubrikin Naoero, ৰিপুব্ৰিকিন নাওয়েৰো; ইংৰাজী ভাষাত: Republic of Nauru, ৰিপাব্লিক অফ নাউৰু) দক্ষিণ প্ৰশান্ত মহাসাগৰৰ মাইক্ৰ'নেছিয়া অঞ্চলৰ এক ক্ষুদ্ৰ দ্বীপ ৰাষ্ট্ৰ। ইয়াৰ নিকটতম দ্বীপ হ'ল ৩০০ কিলোমিটাৰ পূব দিশে অৱস্থিত কিৰিবাছৰ বানাবা দ্বীপ। নাউৰু মাটিকালি মাত্ৰ ২১ বৰ্গ কিলোমিটাৰ; ই ভেটিকান চিটি আৰু ম'ন'ক'ৰ পাছতে পৃথিৱীৰ তৃতীয় ক্ষুদ্ৰতম ৰাষ্ট্ৰ। ই পৃথিৱীৰ ক্ষুদ্ৰতম গণতন্ত্ৰ আৰু দ্বীপ ৰাষ্ট্ৰও; আৰু ইয়াৰ কোনো ৰাজধানী নাই।১ জনসংখ্যাৰ ফালৰ পৰা জুলাই ২০১৬-ৰ তথ্য অনুসৰি ১১,৩৪৭জন লোকেৰে নাউৰু ভেটিকান চিটি আৰু টুভালুৰ পাছতে পৃথিৱীৰ তৃতীয় কম জনবহুল ৰাষ্ট্ৰ।
নাউৰুৰ আদি বাসিন্দাসকল হৈছে মাইক্ৰ'নেছীয় আৰু পলিনেছীয় মূলৰ লোক। ঊনবিংশ শতিকাৰ শেষভাগত জাৰ্মানীয়ে ইয়াক দখল কৰে। প্ৰথম বিশ্বযুদ্ধৰ পাছত ই অষ্ট্ৰেলিয়া, নিউজিলেণ্ড আৰু যুক্তৰাজ্যৰ অধীনৰ এক লিগ অফ নেছন মেণ্ডেট বা প্ৰশাসনিক অঞ্চলত পৰিণত হয়। কিন্তু দ্বিতীয় বিশ্বযুদ্ধৰ সময় জাপানে নাউৰু দখল কৰে। যুদ্ধৰ শেষত ই পুনৰ অধীনস্থ প্ৰশাসনিক অঞ্চল পৰিণত হয়, আৰু অৱশেষত ১৯৬৮ চনত পূৰ্ণ স্বাধীনতা লাভ কৰে।
নাউৰু এক ফছফেট-শিলাৰ দ্বীপ। পূৰ্বতে ইয়াত ফছফেট আহৰণৰ বাবে অত্যধিক খনন কাৰ্য চলিছিল আৰু এয়াই আছিল নাউৰুৰ অৰ্থনীতিৰ মূল উৎস। পিছে ২০১১ চনৰ তথ্য অনুসৰি দ্বীপটোত ফছফেটৰ পৰিমাণ প্ৰায় শেষ হৈ আহিছে আৰু ইয়াৰ খনন অৰ্থনৈতিক ভাবে লাভজনক হৈ ৰোৱা নাই।২ এই ফছফেট আহৰণৰ ফলত নাউৰুৰ পৰিবেশত বিপৰ্যয়ৰ সূচনাও হৈছে, লগতে ফছফেটৰ খনন কম হৈ অহাৰ বাবে নাউৰু অৰ্থনৈতিক ভাবে দুৰ্বল হৈ পৰিছে। সেয়ে অৰ্থ উপাৰ্জনৰ বাবে নাউৰুৰ চৰকাৰে বিভিন্ন অপ্ৰচলিত পদ্ধতিৰ আশ্ৰয় লৈছে। যেনে, ১৯৯০ ৰ দশকৰ আৰম্ভণিৰ পৰা নাউৰু কলাধন বৈধ কৰাৰ কেন্দ্ৰত পৰিণত হয়।৩ ইয়াৰোপৰি বিদেশী বিনিয়োগক আকৰ্ষণৰ অৰ্থে নাউৰুত কৰৰ পৰিমাণ একেবাৰে নগণ্য কৰি দিয়া হৈছে।৩ নাউৰুৱে অষ্ট্ৰেলিয়া চৰকাৰৰ অনুদানো গ্ৰহণ কৰিছে। তাৰ বিনিময়ত নাউৰুক অষ্ট্ৰেলিয়াই ইয়াৰ ৰাজনৈতিক আশ্ৰয় প্ৰাৰ্থীবোৰৰ কাৰাগাৰ হিচাপে ব্যৱহাৰ কৰে। অষ্ট্ৰেলিয়াৰ ওপৰত নাউৰুৰ অত্যধিক নিৰ্ভৰশীলতাৰ বাবে বহুতেই নাউৰুক অষ্ট্ৰেলিয়াৰ পৰোক্ষভাবে-অধীন ৰাষ্ট্ৰ (client state) ৰূপে গণ্য কৰে।৪৫৬
ইতিহাস

নাউৰুত প্ৰথমে অন্ততঃ ৩,০০০ বছৰ পূৰ্বে মাইক্ৰ'নেছীয় আৰু পলিনেছীয় লোকসকলে বসতি স্থাপন কৰিছিল।৭ নাউৰুত ঐতিহাসিকভাবে ১২টা গোষ্ঠী বা উপজাতি আছিল। নাউৰুৰ জাতীয় পতাকাটোৰ ১২টা বিন্দুৰ তৰাই এইসকলক প্ৰতিনিধিত্ব কৰে।৮ সেইসময়ত নাউৰুৰ অধিবাসীসকলে মিনপালন আৰম্ভ কৰিছিল। তেওঁলোকে লুণীয়া পানীৰ ইবিজা নামৰ মাছবিধৰ পোনা ধৰি বুদা লেগুন নামৰ মিঠা পানীৰ উপহ্ৰদত মিনপালনৰ বাবে ব্যৱহাৰ কৰিছিল। এই মাছ তেওঁলোকৰ খাদ্যৰ এক নিৰ্ভৰযোগ্য উৎস আছিল। ইয়াৰ লগতে অন্যান্য স্থানীয়ভাবে উপলব্ধ ফল যেনে নাৰিকল আৰু পেনডেনাচ নামৰ ফল খাদ্যৰ বাবে ব্যৱহাৰ কৰিছিল।৯১০ "নাউৰু" নাম উৎপত্তি সম্ভৱতঃ নাউৰুয়ান ভাষাৰ শব্দ এনাউৰু-ৰ পৰা হৈছে, যাৰ অৰ্থ "মই সাগৰৰ পাৰলৈ যাওঁ। "১১
১৭৯৮ চনত ব্ৰিটিছ কেপ্টেইন জন ফেয়াৰ্ণে তেওঁৰ হাণ্টাৰ নামৰ ব্যৱসায়িক জাহাজেৰে ভ্ৰমণ কৰাৰ সময়ত নাউৰুক দেখা পায়। তেওঁ হৈছে নাউৰুক দেখা প্ৰথমজন ইউৰোপীয়ান লোক। নাউৰুৰ মোহনীয় প্ৰাকৃতিক ৰূপৰ বাবে ফেয়াৰ্ণে ইয়াক "প্লিজেণ্ট আইলেণ্ড" (Pleasant Island) নামেৰে নামকৰণ কৰে।১২১৩ ১৮২৬ চনৰ পৰা আৰম্ভ কৰি নাউৰু আৰু জাহাজেৰে ভ্ৰমণ কৰা ইউৰোপীয়সকলৰ মাজত সঘনাই যোগাযোগ আৰম্ভ হয়। ইউৰোপীয়সকলৰ বাবে নাউৰু হৈ পৰে চফা খোৱা পানীৰ এক উৎস।১৪
এই সময়তে, ইউৰোপীয় জাহাজবোৰ পৰা পলাতক লোকসকলে দ্বীপটোত বসবাস আৰম্ভ কৰে। দ্বীপটোৰ বাসিন্দাসকলে তেওঁলোকৰ লগত খাদ্যবস্তুৰ বিনিময়ত সুৰা আৰু আগ্নেয়াস্ত্ৰৰ আদান-প্ৰদান কৰে।১৫ এই আগ্নেয়াস্ত্ৰসমূহ ১৮৭৮ চনত আৰম্ভ হোৱা দহ বছৰযোৰা নাউৰুৰ গৃহযুদ্ধত ব্যৱহাৰ কৰা হৈছিল।১৬
গ্ৰেট ব্ৰিটেনৰ সৈতে এক চুক্তিৰ পাছত, ১৮৮০ চনত জাৰ্মানীৰ সৈতে নাউৰু সংযুক্ত হয় আৰু প্ৰশাসনিক সুবিধাৰ উদ্দেশ্যে জাৰ্মানীৰ মাৰ্চেল দ্বীপপুঞ্জৰ লগত অন্তৰ্ভুক্ত কৰা হয়।১৭১৮ জাৰ্মানসকলৰ আগমণৰ ফলত নাউৰুৰ গৃহযুদ্ধ সমাপ্ত হয় আৰু দ্বীপটো শাসন কৰিবৰ বাবে ৰজাৰ প্ৰতিষ্ঠিত কৰা হয়। ৰজাসকলৰ ভিতৰত সৰ্বাধিক পৰিচিত ৰজা আছিল আৱেইদা। গিলবাৰ্ট দ্বীপপুঞ্জৰ পৰা খ্ৰিষ্টান মিছনেৰীসকলৰ আগমণ নাউৰুলৈ ঘটে ১৮৮৮ চনত।১৯২০ জাৰ্মান ঔপনিবেশকাৰীসকলে দ্বীপটোক "নাউডো" বা "অনাউৰু" নামেৰে মাতিছিল।২১ জাৰ্মানসকল প্ৰায় তিন দশক ধৰি নাউৰুক শাসন কৰে। ১৮৯০ চনত নিযুক্ত দ্বীপটোৰ প্ৰথম প্ৰশাসক আছিল ৰবাৰ্ট ৰাছ নামৰ এজন জাৰ্মান ব্যৱসায়ী। তেওঁ পাছত এগৰাকী নাউৰুয়ান মহিলাৰ সৈতে বিবাহপাশতো আৱদ্ধ হয়।১৯
খনিজ পদাৰ্থৰ সন্ধানকাৰী এলবাৰ্ট ফুলাৰ এলিছে ১৯০০ চনত নাউৰুত ফছফেট আৱিষ্কাৰ কৰে।১৮১৩ প্ৰশান্ত মহাসাগৰীয় ফছফেট কোম্পানীয়ে ১৯০৬ চনত জাৰ্মানীৰ সৈতে কৰা চুক্তিৰ পাছত ফছফেটৰ খনন আৰম্ভ কৰে আৰু ১৯০৭ চনৰ পৰা ইয়াৰ ৰপ্তানি আৰম্ভ কৰে।১২২২ ১৯১৪ চনত প্ৰথম বিশ্বযুদ্ধৰ সময়ত অষ্ট্ৰেলিয়ান সৈন্যবাহিনীয়ে নাউৰু দখল কৰে। ১৯১২ চনত মিত্ৰশক্তিৰ সিদ্ধান্ত মৰ্মে নাউৰুক যুক্তৰাজ্যৰ অধীনৰ এক লিগ অফ নেছন মেণ্ডেট বা প্ৰশাসনিক অঞ্চলত পৰিণত কৰা হয়। ১৯১২ চনত অষ্ট্ৰেলিয়া, নিউজিলেণ্ড আৰু যুক্তৰাজ্যৰ চৰকাৰৰে নাউৰুৰ প্ৰশাসন আৰু ব্ৰিটিছ ফছফেট কমিছন নামৰ এক আন্তঃচৰকাৰী সংস্থাৰ দ্বাৰা ফছফেটৰ খনন আৰু ৰপ্তানি বাবে এক ত্ৰিপাক্ষীক চুক্তি সাক্ষৰ কৰে।১৭২৩
১৯২০ চনত দ্বীপটোত ইনফ্লুৱেঞ্জা মহামাৰীয়ে দেখা দিয়ে, স্থানীয় নাউৰুয়ানৰ মাজত ইয়াৰ মৃত্যুহাৰ আছিল ১৮%।২৪
১৯২৩ চনত লীগ অফ নেছনে অষ্ট্ৰেলিয়াক নাউৰুৰ ওপৰত ট্ৰাষ্টি মেণ্ডেট প্ৰদান কৰে, নিউজিলেণ্ড আৰু যুক্তৰাজ্য সহ-ট্ৰাষ্টি ৰূপে ৰয়।২৫ ১৯৪০ চনৰ ৬ আৰু ৭ ডিছেম্বৰত সেইসময়ৰ নাজী জাৰ্মানীৰ সামৰিক জাহেজে ফছফেট সৰবৰাহ কৰা ৫খন জাহাজৰ ওপৰত আক্ৰমণ কৰি ডুবায়।২৬২৭

দ্বিতীয় বিশ্বযুদ্ধৰ সময়ত ১৯৪২ চনৰ ২৫ আগষ্টত জাপানৰ সৈন্যই নাউৰু দখল কৰে।২৭ জাপানীসকলে দ্বীপটোত এক বিমানঘাঁটি নিৰ্মাণ কৰে। আমেৰিকান সৈন্যই এই বিমানঘাঁটিটোক প্ৰথমবাৰৰ বাবে ১৯৪৩ চনৰ ২৫ মাৰ্চত বোমা বিস্ফোৰণ কৰে, ফলত নাউৰুলৈ খাদ্য সৰবৰাহ বন্ধ হৈ পৰে। জাপানে ১,২০০জন নাউৰুৰ নিবাসীক শ্ৰমিক ৰূপে কাম কৰিবৰ বাবে সেইসময়ত জাপানৰ অধীনৰ চুুক দ্বীপপুঞ্জলৈ নিৰ্বাসিত কৰে। মিত্ৰশক্তিয়ে নাউৰুক দখল নকৰি বাদ দি যায় আৰু জাপানৰ দিশে অগ্ৰসৰ হয়। জাপানৰ কামাণ্ডাৰ হায়াইকি চ'য়েদাই অষ্ট্ৰেলিয়ান সৈন্যবাহিনীৰ হাতত আত্মসমৰ্পণৰ ফলত অৱশেষত ১৯৪৫ চনৰ ১৩ ছেপ্টেম্বৰত নাউৰু জাপানৰ দখলৰ পৰা মুক্তি লাভ কৰে।২৮ চুুক দ্বীপপুঞ্জৰ পৰা জাপানৰ কাৰাধীন ৭৩৭জন জীৱিত নাউৰুয়ানক স্বভূমিলৈ প্ৰত্যাৱৰ্তনৰ ব্যৱস্থা কৰা হয়। ১৯৪৬ চনৰ জানুৱাৰীত ব্ৰিটিছ ফছফেট কমিছনৰ জাহাজেৰে তেওঁলোকক নাউৰুলৈ উভটাই অনা হয়।২৯
১৯৪৭ চনত অষ্ট্ৰেলিয়া, নিউজিলেণ্ড আৰু যুক্তৰাজ্যক ট্ৰাষ্টি হিচাপে লৈ ৰাষ্ট্ৰসংঘই নাউৰুক ইয়াৰ ট্ৰাষ্ট অঞ্চল ৰূপে প্ৰতিষ্ঠা কৰে।৩০৩১ এই ব্যৱস্থাৰ অধীনত নাউৰু হৈ পৰে অষ্ট্ৰেলিয়া, নিউজিলেণ্ড আৰু যুক্তৰাজ্য যৌথ প্ৰশাসনিক অঞ্চল। এই চুক্তিৰ মৰ্মে প্ৰথমে অষ্ট্ৰেলিয়াই ৫ বছৰৰ বাবে প্ৰশাসক নিয়োগ কৰিব, আৰু তাৰ পাছৰ প্ৰশাসকসকলক তিনিওখন দেশে আলোচনাৰে নিয়োগ কৰিব।১৭৩২ পিছে প্ৰকৃতাৰ্থত কেৱল অষ্ট্ৰেলিয়াইহে ইয়াত প্ৰশাসনিক ক্ষমতা প্ৰয়োগ কৰে।১৭৩২
১৯৬৪ চনত নাউৰুৰ সকলো বাসিন্দাক অষ্ট্ৰেলিয়াৰ অধীনৰ কুৰ্টিচ দ্বীপলৈ স্থানান্তৰিত কৰাৰ প্ৰস্তাব আগবঢ়োৱা হয়। সেইসময়ত ফছফেটৰ খননৰ ফলত নাউৰুৰ প্ৰাকৃতিক পৰিবেশ বিনষ্ট হৈ পৰিছিল আৰু অনুমান কৰা হৈছিল যে এনেদৰে খনন চলি থাকিলে ১৯৯০ চনলৈ নাউৰু বসবাসৰ অনুপযোগী হৈ পৰিব। এই স্থানান্তৰৰ লগতে অষ্ট্ৰেলিয়াৰ চৰকাৰে নাউৰুয়ানসকলক অষ্ট্ৰেলিয়াৰ নাগৰিকত্ব দিয়াৰো প্ৰস্তাব আগবঢ়ায়।৩৩৩৪ পিছে নাউৰুয়ানসকলে অষ্ট্ৰেলিয়াৰ নাগৰিকত্ব গ্ৰহণ কৰিবলৈ মান্তি নহ'ল আৰু কুৰ্টিচ দ্বীপৰ ওপৰত সাৰ্বভৌম অধিকাৰ বিচাৰি স্বাধীন ৰাষ্ট্ৰ গঠন কৰিব বিছাৰিলে। এই কথাত অষ্ট্ৰেলিয়াৰ চৰকাৰ মান্তি নহ'ল।৩৫ সেয়ে নাউৰুৱে কুৰ্টিচ দ্বীপলৈ স্থানান্তৰিত কৰাৰ প্ৰস্তাব নাকচ কৰে আৰু নিজকে স্বাধীন ৰাষ্ট্ৰ হিচাপে গঠন কৰি ফছফেটৰ খনিসমূহ নিজাকৈ পৰিচালনা কৰিব বিছাৰিলে।৩৬
১৯৬৬ চনৰ জানুৱাৰীত নাউৰু স্বায়ত্ত্বশাসিত হয় আৰু সংবিধান প্ৰণয়নৰ দুবছৰ পাছত ১৯৬৮ চনত স্বাধীনতা লাভ কৰে। স্বাধীন ৰাষ্ট্ৰখনৰ প্ৰথম ৰাষ্ট্ৰপতি হয় হেমৰ ডিৰোবৰ্চ।৩৭ ১৯৬৭ চনৰ নাউৰুবাসীসকলে ব্ৰিটিছ ফছফেট কমিছনৰ সম্পদসমূহ ক্ৰয় কৰে আৰু ১৯৭০ চনত ফছফেট খনিসমূহৰ নিয়ন্ত্ৰণ স্থানীয় প্ৰতিষ্ঠান নাউৰু ফছফেট কৰ্পৰেচনৰ হাতলৈ হস্তান্তৰ কৰে। খনিসমূহৰ পৰা হোৱা উপাৰ্জনে নাউৰুয়ানসকলক বিশ্বৰ চহকী লোকসকলৈ পৰিণত কৰে।৩৮৩৯ ১৯৮৯ চনত নাউৰুৱে অষ্ট্ৰেলিয়াৰ ওপৰত আন্তঃৰাষ্ট্ৰীয় ন্যায়ালয়ত গোচৰ তৰে। গোচৰৰ মূল কাৰণ আছিল দ্বীপটোৰ ওপৰত কৰা অষ্ট্ৰেলিয়া প্ৰশাসন আৰু খননৰ ফলত ধ্বংস হোৱা দ্বীপটোৰ প্ৰাকৃতিক পৰিবেশ পৰিকাৰ কৰাৰ বিফলতা। পাছে খনন হোৱা অঞ্চলবোৰৰ পুনৰসংস্থাপনৰ চৰ্তত এই গোচৰ আদালতৰ বাহিৰত বুজাবুজি হয়।৩০৪০
ভূগোল
নাউৰু প্ৰশান্ত মহাসাগৰৰ দক্ষিণ-পশ্চিমে অৱস্থিত এক ২১ বৰ্গ কিলোমিটাৰ১ (৮.১ বৰ্গ মাইল) মাটিকালিৰে ডিম্বাকাৰ আকৃতিৰ দ্বীপ। ই বিষুৱ ৰেখাৰ পৰা ৫৫.৯৫ কিলোমিটাৰ (৩৪.৭৭ মাইল) দক্ষিণে অৱস্থিত।৪১ দ্বীপটো প্ৰবাল প্ৰাচীৰেৰে পৰিবেষ্টিত, যিবোৰ কম জোৱাৰৰ সময়ত দৃষ্টিগোচৰ হৈ পৰে।৪২ প্ৰবাল প্ৰাচীৰবোৰৰ বাবে দ্বীপটোত বন্দৰ স্থাপন সম্ভৱ হৈ পৰা নাই, কেৱল কিছুমান সৰু নাওহে দ্বীপটোৰ মূলভূমিৰ কাষলৈ প্ৰবেশৰ অনুমতি দিয়া হয়।৪৩ সমুদ্ৰতীৰ পৰা মূলভূমিৰ ফালে ১৫০-ৰ পৰা ৩০০ মিটাৰ বহল অঞ্চল হৈছে উৰ্বৰ উপকূলীয় ভূমি।৪২
প্ৰবালৰ থিয় গৰাই নাউৰুৰ কেন্দ্ৰীয় মালভূমি অঞ্চল আৱৰি ৰাখিছে। মালভূমিটোৰ সৰ্বোচ্চ স্থান হৈছে সমুদ্ৰপৃষ্ঠৰ পৰা ৭১ মিটাৰ (২৩৩ ফুট) উচ্চতাত অৱস্থিত কামাণ্ড ৰিজ।৪৪
নাউৰুৰ একমাত্ৰ উৰ্বৰ উপকূলীয় ভূমি এলাকাত নাৰিকল গছৰ ভাল ফচল হয়। দ্বীপটোৰ ভিতৰত থকা বুদা লেগুন নামৰ উপহ্ৰদটোৰ আশেপাশে কল, আনাৰস, শাক-পাচলি, পেনডেনাচ ফল আৰু কিছু স্থানীয় গছ গজে।৪২
নাউৰু প্ৰশান্ত মহাসাগৰৰ তিনিটা মূল ফছফেট-শিলাৰ দ্বীপৰ ভিতৰত এটা আছিল; আন দুটা আছিল কিৰিবাছৰ বানাবা বা অ'চিন আইলেণ্ড আৰু ফৰাচী পলিনেছীয়াৰ মাকাটেয়া। নাউৰুত ফছফেট ৰিজাৰ্ভ বৰ্তমানে প্ৰায় সম্পূৰ্ণভাবে নিঃশেষ হৈ পৰিছে। কেন্দ্ৰীয় মালভূমিত ফছফেট খননৰ ফলত মাটি অনুৰ্বৰ হৈ পৰিছে। খনন ফলত বৰ্তমান নাউৰুৰ ভূমি অঞ্চলৰ প্ৰায় ৮০% অনুৰ্বৰ আৰু বসবাসৰ বাবে অনুপযোগী।৩৯ ইয়াৰ লগতে এয়াও অনুমান কৰা হৈছে যে খনিবোৰৰ অপবাহৰ ফলত ৪০% সামুদ্ৰিক প্ৰাণী মৃত্যু মুখত পৰিছে।৪২৪৫
নাউৰুত মিঠা পানীৰ প্ৰাকৃতিক উৎস সীমিত। ইয়াত বৰষুণৰ পানী সংৰক্ষণ কৰা হয়। দ্বীপটোৰ বেছিভাগ বাসিন্দাই পানীৰ বাবে নাউৰু ইউটিলিটি এজেঞ্চিৰ তিনিটা সাগৰৰ লুণীয়া পানী খোৱাৰ উপযোগী কৰা প্লেণ্টৰ ওপৰত নিৰ্ভৰ কৰে।
জলবায়ু
সাগৰ আৰু বিষুৱ ৰেখাৰ কাষত নাউৰুৰ অৱস্থান হোৱাৰ কাৰণে বছৰজুৰি ইয়াৰ জলবায়ু গৰম আৰু অতি আৰ্দ্ৰ। নৱেম্বৰ আৰু ফেব্ৰুৱাৰীৰ মাজত মৌচুমী জলবায়ুৰ বাবে নাউৰুত বৰ্ষাপাত হয়, কিন্তু ঘূৰ্ণীবতাহ একেবাৰেই নাহে। গড় বৰ্ষাপাতৰ পৰিমাণ পৰিবৰ্তনশীল আৰু কেইবাৰো খৰাং পৰিস্থিতি দ্বীপটোত দেখা গৈছে।৭৪৬ দিনৰ সময়ত নাউৰুৰ তাপমাত্ৰা সচৰাচৰ ৩০ ৰ পৰা ৩৫ ডিগ্ৰি ছেণ্টিগ্ৰেড আৰু ৰাতি ২৫ ডিগ্ৰি ছেণ্টিগ্ৰেড হয়।৪৭
নাউৰুত কোনো জান-জুৰি বা নদী নাই। ঘৰৰ ছাদৰ পৰা বৰষুণৰ পানী সংগ্ৰহ কৰা হয়। ফছফেট সৰবৰাহ কৰিবলৈ অহা জাহাজবোৰত দ্বীপটোলৈ আন দেশৰ পৰা পানী কঢ়িয়াই অনা হয়।৪৮

জীৱকুল
গছ-গছনিৰ অভাব আৰু ফছফেট খননৰ পৰিণতিৰ ফলত এই দ্বীপত জীৱ-জন্তুৰ বসতি কম। বহুতো স্থানীয় চৰাই সিহঁতৰ আবাসস্থল ধ্বংস হোৱাৰ কাৰণে দ্বীপটোৰ পৰা নোহোৱা বা বিৰল হৈ গৈছে।৪৯ দ্বীপটোত প্ৰায় ৬০টা সংবাহী উদ্ভিদৰ প্ৰজাতি আছে কিন্তু ইয়াৰ এটাও দ্বীপটোৰ স্থানীয় প্ৰজাতি নহয়। নাৰিকলৰ খেতি, ফছফেটৰ খনন আৰু বাহিৰৰ পৰা অনা উদ্ভিদবোৰৰ বাবে নাউৰুৰ স্থানীয় উদ্ভিদৰ বিকাশত মাৰাত্মকভাবে ব্যাঘাত ঘটিছে।৭
নাউৰুত কোনো স্থানীয় স্থলচৰ স্তন্যপায়ী প্ৰাণী নাই, কিন্তু দ্বীপটোত স্থানীয় পতংগ, স্থল কেকোঁৰা আৰু চৰাই আছে, ইয়াৰ মাজৰে স্থানীয় নাউৰু ৰিড ৱাৰ্বলাৰ চৰাই অন্যতম। পলিনেছীয়ান এন্দুৰ, মেকুৰী, কুকুৰ, গাহৰি আৰু মুৰ্গী জাহাজেৰে আন ঠাইৰ পৰা নাউৰুলৈ অনা হৈছিল।৫০ প্ৰবাল প্ৰাচীৰৰ বৈচিত্ৰপূৰ্ণ সামুদ্ৰিক জীৱবোৰৰ বাবে দ্বীপটোৰ ভ্ৰমণকাৰীসকলৰ মাজত মাছমৰা এক জনপ্ৰিয় কাৰ্যত পৰিণত হৈছে; লগতে স্কুবা ডাইভিং আৰু স্ন'ৰকেলিংও জনপ্ৰিয়।৫১
ৰাজনীতি

নাউৰুৰ ৰাষ্ট্ৰপ্ৰধান গৰাকী হৈছে দেশখনৰ ৰাষ্ট্ৰপতি, তেওঁ ১৯ গৰাকী সদস্যৰ একক সংসদীয় সংসদৰ প্ৰধান। নাউৰু ৰাষ্ট্ৰসংঘ, কমনৱেলথ অফ নেশ্বনছ, এছীয় উন্নয়ন বেংক আৰু পেছিফিক আইলেণ্ডচ ফ'ৰামৰ সদস্য। দেশখনে কমনৱেলথ আৰু অলিম্পিক গেমছত অংশগ্ৰহণ কৰে। শেহতিয়াকৈ নাউৰু আন্তঃৰাষ্ট্ৰীয় নবীকৰণযোগ্য শক্তি সংস্থা (আইআৰইএনএ)-ৰ সদস্যতাও গ্ৰহণ কৰিছে। নাউৰু গণৰাজ্য ২০১৬ চনৰ এপ্ৰিলত আন্তঃৰাষ্ট্ৰীয় মুদ্ৰা নিধিৰ ১৮৯তম সদস্য হয়।
নাউৰু এক সংসদীয় গণতন্ত্ৰ।৩৭ দেশখনৰ ৰাষ্ট্ৰপতি ৰাষ্ট্ৰপ্ৰধান হোৱাৰ লগতে চৰকাৰ প্ৰধানো হয়। ৰাষ্ট্ৰপতি ৰূপে কাৰ্যৰত হৈ থাকিবৰ সংসদীয় বাবে আস্থাৰ প্ৰয়োজন। ১৯ সদস্যৰ একক সংসদীয় সংসদ প্ৰতি তিন বছৰৰ মূৰে-মূৰে নিৰ্বাচিত হয়।৫২ সংসদে ইয়াৰ সদস্যসমূহৰ মাজৰ পৰা ৰাষ্ট্ৰপতি নিৰ্বাচন কৰে আৰু ৰাষ্ট্ৰপতি গৰাকীয়ে পাঁচৰ পৰা ছয় গৰাকী সদস্যৰ এক মন্ত্ৰীসভা গঠন কৰে।৫৩
নাউৰুত ৰাজনৈতিক দলৰ কোনো অনুষ্ঠানিক সংস্থান নাই, প্ৰাৰ্থীসকল সাধাৰণতে নিৰ্দলীয় ৰূপে ঠিয় হয়। বৰ্তমান সংসদৰ ১৯জন সদস্যৰ ১৫ জনেই নিৰ্দলীয়। নউৰুৰ ৰাজনীতিত সক্ৰিয় চাৰিটা ৰাজনৈতিক দল হ'ল: নউৰু পাৰ্টি, ডেমক্ৰেটিক পাৰ্টি, নউৰু ফাৰ্ষ্ট আৰু চেণ্টাৰ পাৰ্টি। পিছে চৰকাৰৰ ভিতৰত মিত্ৰগোটবোৰ গঠন সচৰাচৰ ৰাজনৈতিক দলীয় সম্পৰ্কতকৈ পাৰিবাৰিক সম্পৰ্কৰ ভিত্তিতহে হয়।৫৪
১৯৯২-ৰ পৰা ১৯৯৯ পৰ্যন্ত দেশখনত নউৰু দ্বীপ কাউঞ্চিল (এনআইচি) নামৰ এক স্থানীয় চৰকাৰ ব্যৱস্থা আছিল। এই ৯জন সদস্যৰ কাউঞ্চিলটোৱে পৌৰসেৱাসমূহ চোৱাচিতা কৰাৰ বাবে স্থাপন কৰা হৈছিল। এনআইচি ১৯৯৯ চনত খাৰিজ কৰা হয় আৰু ইয়াৰ সমস্ত সম্পদ তথা দ্বয়িত্ব ৰাষ্ট্ৰীয় চৰকাৰক অৰ্পণ কৰা হয়।৫৫ নাউৰুত মাটিৰ ম্যাদ আন দেশতকৈ ভিন্ন: ইয়াত এটুকুৰা মাটিৰ মালিক কোনো ব্যক্তি বা পৰিয়াল হলেও নউৰুৰ সকলো নাগৰিকৰেই দ্বীপটোৰ সমস্ত মাটিৰ ওপৰত কিছু পৰিমাণৰ অধিকাৰ আছে। চৰকাৰ বা আন কোনো সংস্থাই কোনো মাটিৰ মালিক হ'ব নোৱাৰে, সেয়ে কিনো মাটি ব্যৱহাৰৰ পূৰ্বে মাটিৰ মালিকজনৰ সৈতে ইজাৰ ব্যৱস্থা কৰাতো প্ৰয়োজনীয়। অনা-নাউৰুয়ানে মাটিৰ গৰাকী হ'ব নোৱাৰে।৭
মুখ্য ন্যায়াধীশৰ দ্বাৰা পৰিচালিত নাউৰুৰ উচ্চতম ন্যায়ালয় দেশখনৰ সৰ্বোচ্চ সাংবিধানিক আদালত। অন্যান্য গোচৰ দুই ন্যায়াধীশ সম্পন্ন আপিল আদালতত আপিল কৰিব পাৰি। সংসদে ন্যায়ালয়ৰ সিদ্ধান্তক সলনি কৰিব নোৱাৰে। ঐতিহাসিকভাবে, আপিল আদালতৰ শুনানি অষ্ট্ৰেলিয়াৰ উচ্চ ন্যায়ালয়ত৫৬৫৭ আপিল কৰিব পৰা গৈছিল যদিও এনে খুব কমকৈহে ঘটিছিল। পিছে ১২ মাৰ্চ ২০১৮-ত নাউৰু চৰকাৰে একতৰফিয়াভাবে এই চুক্তি বাতিল কৰাৰ ফলত অষ্ট্ৰেলিয়াৰ উচ্চ ন্যায়ালয়ৰ ক্ষেত্ৰাধিকাৰ উকলি যায়।৫৮৫৯৬০ নিম্ন আদালতসমূহ জিলা আদালত আৰু পাৰিবাৰিক আদালতৰ সমন্বয়েৰে গঠিত, তেনে প্ৰতিখন আদালতৰ নেতৃত্ব একোজন ব্যক্তিয়ে কৰে যি উচ্চতম ন্যায়ালয় এগৰাকী ৰেজিষ্টাৰাৰ হোৱাৰ লগতে সেই আদালতটোৰ আবাসিক মেজিষ্ট্ৰেটো হয়। ইয়াৰোপৰি আৰু দুটা অৰ্ধ-আদালত আছে: পাবলিক চাৰ্ভিচ আপিল বৰ্ড আৰু পুলিছ আপিল বৰ্ড, এই দুয়োৰে সভাপতিত্ব কৰে মুখ্য ন্যায়াধীশে।৪২
প্ৰাশাসনিক বিভাজন

নাউৰু ১৪টা প্ৰশাসনিক জিলাত বিভক্ত আৰু ৮টা নিৰ্বাচনী এলেকাত বিভক্ত। প্ৰতিটো জিলাক গাঁৱত বিভক্ত কৰা হৈছে।৪২১ সৰ্বাধিক জনবহুল জিলাটো হৈছে ডেনিগ'ম'ডু জিলা, ইয়াৰ জনসংখ্যা ১,৮০৪ জন, তাৰ মাজৰ ১,৪৯৭জন নাউৰু ফছফেট কৰ্পৰেচনৰ "ল'কেচন" নামৰ এক আবাসিক অঞ্চলত বাস কৰে। নিম্নলিখিত তালিকাত ২০১১ চনৰ লোকপিয়লৰ অনুসাৰি জিলাসমূহৰ জনসংখ্যা দেখুওৱা হৈছে।৬১
| {| ! নং ! ! জিলা ! ! পূৰ্বৰ নাম ! ! মাটিকালি (হেক্টৰ) ! ! জনসংখ্যা (২০১১) ! ! গাঁৱৰ সংখ্যা ! ! জনঘনত্ব (প্ৰতি হেক্টৰ) |- | ১ | | আইৱ' (Aiwo) | | Aiue | | ১১০ | | ১,২২০ | | ৮ | | ১১.১ |- | ২ | | আনাবাৰ (Anabar) | | Anebwor | | ১৫০ | | ৪৫২ | | ১৫ | | ৩.০ |- | ৩ | | আনেটান (Anetan) | | Añetañ | | ১০০ | | ৫৮৭ | | ১২ | | ৫.৯ |- | ৪ | | আনিবাৰে (Anibare) | | Anybody | | ৩১০ | | ২২৬ | | ১৭ | | ০.৭ |- | ৫ | | বাইটচি (Baitsi) | | Beidi, Baiti | | ১২০ | | ৫১৩ | | ১৫ | | ৪.৩ |- | ৬ | | ব' (Boe) | | Boi | | ৫০ | | ৮৫১ | | ৪ | | ১৭.০ |- | ৭ | | বাউদা (Buada) | | Arenibok | | ২৬০ | | ৭৩৯ | | ১৪ | | ২.৮ |- | ৮ | | ডেনিগ'ম'ডু (Denigomodu) | | Denikomotu | | ১১৮ | | ১,৮০৪ | | ১৭ | | ১৫.৩ |- | ৯ | | এৱা (Ewa) | | Eoa | | ১২০ | | ৪৪৬ | | ১২ | | ৩.৭ |- | ১০ | | ইজুউ (Ijuw) | | Ijub | | ১১০ | | ১৭৮ | | ১৩ | | ১.৬ |- | ১১ | | মেনেং (Meneng) | | Meneñ | | ৩১০ | | ১,৩৮০ | | ১৮ | | ৪.৫ |- | ১২ | | নিব'ক (Nibok) | | Ennibeck | | ১৬০ | | ৪৮৪ | | ১১ | | ৩.০ |- | ১৩ | | উআব' (Uaboe) | | Ueboi | | ৮০ | | ৩১৮ | | ৬ | | ৩.০ |- | ১৪ | | য়াৰেন (Yaren) | | Moqua | | ১৫০ | | ৭৪৭ | | ৭ | | ৪.০ |- | | | নাউৰু | | Naoero | | ২,১২০ | | ১০,০৮৪ | | ১৬৯ | | ৪.৮ |} |
জনবসতি
জনগাঁথনি
২০১৬ চনৰ জুলাইৰ তথ্য অনুসৰি নাউৰুৰ জনসংখ্যাৰ ১১,৩৪৭ জন, এয়া ভেটিকান চিটি আৰু টুভালুৰ পাছতে পৃথিৱীৰ তৃতীয় কম জনবহুল ৰাষ্ট্ৰ। দেশখনৰ জনসংখ্যা পূৰ্বে বৰ্তমানতকৈ বেছি আছিল, পিছে ২০০৬ চনত ১,৫০০জন বহিৰাগত শ্ৰমিকে দ্বীপটো এৰি কিৰিবাছ আৰু টুভালুলৈ প্ৰত্যৰ্পণ কৰে। এই প্ৰত্যৰ্পণৰ মূল উদ্দেশ্য আছিল ফছফেট খনিৰ শ্ৰমিক হ্ৰাস কৰা।৬২
পশ্চিমীয়া সংস্কৃতিৰ অনুসৰণকাৰীৰ ক্ষেত্ৰত নাউৰু দক্ষিণ প্ৰশান্ত মহাসাগৰৰ দেশসমূহৰ ভিতৰতে আগৰণুৱা।৬৩
জাতিগত গোষ্ঠী
জাতিগতভাবে নাউৰুৰ ৫৮% লোক নাউৰুয়ান, ২৬% আন প্ৰশান্ত মহাসাগৰীয় দ্বীপৰ লোক, ৮% ইউৰোপীয় আৰু আন ৮% হান চীনা লোক।১ নাউৰুয়ানসকলৰ পূৰ্বপুৰুষ আছিল মাইক্ৰ'নেছীয় আৰু পলিনেছীয় লোক। বিংশ শতিকাত নাউৰুৰ ঐতিহাসিক ১২টা উপজাতি গোষ্ঠীৰ মাজৰ দুটা বিলুপ্ত হয়।৪২
ভাষা
নাউৰুৰ চৰকাৰী ভাষা হৈছে নাউৰুয়ান ভাষা, ই এক সুকীয়া প্ৰশান্ত মহাসাগৰীয় দ্বীপ ভাষা। ৯৬% নাউৰুয়ান লোকে ঘৰত নাউৰুয়ান ভাষাৰে কথা পাতে।৬২ নাউৰুয়ান ভাষা দেশৰ বাহিৰত ব্যৱহৃত নোহোৱাৰ ফলত ইংৰাজী ভাষা চৰকাৰী কাম-কাজ আৰু ব্যৱসায়ৰ বাবে বহুলভাবে ব্যৱহৃত হয়।১৪২
ধৰ্ম

দ্বীপটোত প্ৰচলিত প্ৰধান ধৰ্ম হ'ল খ্ৰীষ্টধৰ্ম (ইয়াৰে নাউৰু কংগ্ৰেছনেল চাৰ্চ ৩৫.৭১%, ৰোমান কেথলিক ৩২.৯৬%, এচেমব্লাৰ অফ গড ১২.৯৮% আৰু বাপ্টিষ্ট ১.৪৪%)।৪২ নাউৰুৰ সংবিধানত ধৰ্মীয় স্বাধীনতাৰ আছে।
সংস্কৃতি
প্ৰতিবছৰৰ ২৬ অক্টোবৰত দেশখনত আংগাম দিৱস পালন কৰা হয়; দুই বিশ্বযুদ্ধ আৰু ১৯২০ চনৰ ইনফ্লুৱেঞ্জা মহামাৰীৰ পৰা নাউৰুয়ানসকলৰ পুনৰুদ্ধাৰৰ স্মৃতিত এয়া উদযাপন কৰা হয়।৬৪ ঔপনিৱেশিক আৰু সমসাময়িক পশ্চিমীয়া সংস্কৃতিয়ে বৰ্তমান খিলঞ্জীয়া নাউৰুয়ান সংস্কৃতিৰ স্থান লৈছে।৬৫ কিছু পুৰণা ৰীতি-নীতি সংৰক্ষণ কৰা হৈছে, কিছু পৰম্পৰাগত সংগীত, শিল্প আৰু মাছ মৰা পদ্ধতি এতিয়াও পৰিশীলন কৰা হয়।৬৬
মিডিয়া
নাউৰুৰ পৰা কোনো দৈনিক বাতৰি কাকত প্ৰকাশ নাপায়, মিনেন ক' নামৰ এখন পষেকীয়া কাকত প্ৰকাশ পায়। দেশখনত এক ৰাষ্ট্ৰীয় টেলিভিছন ষ্টেচন আছে: নউৰু টেলিভিছন (এনটিভি)-এ নিউজিলেণ্ড আৰু অষ্ট্ৰেলিয়াৰ অনুষ্ঠান সম্প্ৰচাৰ কৰে। ইয়াৰ লগতে এক চৰকাৰী অ-ব্যৱসায়িক ৰেডিঅ' ষ্টেচন আছে: ৰেডিঅ' নাউৰু-এ ৰেডিঅ' অষ্ট্ৰেলিয়া আৰু বিবিচিৰ অনুষ্ঠান সম্প্ৰচাৰ কৰে।৬৭
ক্ৰীড়া

অষ্ট্ৰেলিয়ান ফুটবল নউৰুৰ আটাইতকৈ জনপ্ৰিয় খেল। অষ্ট্ৰেলিয়ান ফুটবল আৰু ভাৰোত্তোলনক দেশখনৰ ৰাষ্ট্ৰীয় ক্ৰীড়া হিচাপে বিবেচনা কৰা হয়। দ্বীপটোত আঠটা দলৰ এক অষ্ট্ৰেলিয়ান ফুটবলৰ লীগও অনুষ্ঠিত হয়।৬৮ নাউৰুৰ আন জনপ্ৰিয় খেলাসমূহ হৈছে ভলিবল, নেটবল, টেনিছ আৰু মাছ মৰা। নাউৰু কমনৱেলথ গেমছত অংশ লৈছে লগতে গ্ৰীষ্মকালীন অলিম্পিকত ভাৰোত্তোলন আৰু জুডোত অংশগ্ৰহণ কৰিছে।৬৯
নাউৰুৰ ৰাষ্ট্ৰীয় বাস্কেটবল দলে ১৯৬৯ চনত পেছিফিক গেমছত অংশ লৈছিল আৰু চল'মন দ্বীপপুঞ্জ আৰু ফিজিক পৰাজিত কৰিছিল।
বিগত কেইবছৰমান ধৰি ৰাগবি চেভেনছ খেলৰ জনপ্ৰিয়তা দ্বীপটোত বাঢ়িছে আৰু ইয়াৰ এক ৰাষ্ট্ৰীয় দলো গঠন কৰা হৈছে। নাউৰুৱে ২০১৫ চনৰ পৰা ওচেনিয়াৰ চেভেনছ চেম্পিয়নশ্বিপত অংশগ্ৰহণ কৰি আহিছে।
বন্ধৰ দিন
নাউৰুত ৩১ জানুৱাৰীত স্বাধীনতা দিৱস পালন কৰা হয়।৭০
ৰাজহুৱা সেৱা
শিক্ষা
নাউৰুৰ সাক্ষৰতাৰ হাৰ ৯৬ শতাংশ। ছয়ৰ পৰা ষোল্ল বছৰ বয়সৰ শিশুৰ বাবে শিক্ষা বাধ্যতামূলক, একাদশ আৰু দ্বাদশ শ্ৰেণীৰ শিক্ষা বাধ্যতামূলক নহয়।৭১ দ্বীপটোত তিনিটা প্ৰাথমিক বিদ্যালয় আৰু দুটা মাধ্যমিক বিদ্যালয় আছে: এয়া হৈছে নাউৰু মহাবিদ্যালয় আৰু নাউৰু মাধ্যমিক বিদ্যালয়।৭২ নাউৰুত দক্ষিণ প্ৰশান্ত মহাসাগৰীয় বিশ্ববিদ্যালয়ৰ এটি কেম্পাছো আছে। ১৯৮৭ চনত এই কেম্পাছতো স্থাপন কৰাৰ পূৰ্বে শিক্ষাৰ্থীসকলে বিদেশৰ গৈ বা দূৰবৰ্তী শিক্ষা গ্ৰহণ কৰিব লগাত পৰিছিল।৭৩ ২০১১ চনৰ পৰা অষ্ট্ৰেলিয়াৰ নিউ ইংলেণ্ড বিশ্ববিদ্যালয়ে এটা কেন্দ্ৰ স্থাপন কৰি দ্বীপটোৰ প্ৰায় ৩০জন নউৰুয়ান শিক্ষকক শিক্ষা বিষয়ত সহযোগী ডিগ্ৰীৰ পাঠদান আৰম্ভ কৰে। এই শিক্ষাৰ্থীসকলে তেওঁলোকৰ পঢ়া-শুনা শেষ কৰালৈ ডিগ্ৰী অবিৰত থাকিব।৭৪ এই প্ৰকল্পৰ নেতৃত্ব কৰিছে সহযোগী অধ্যাপক পেপ চেৰ'ই আৰু পৃষ্ঠপোষকতা কৰিছে অষ্ট্ৰেলিয়াৰ বৈদেশীক আৰু বাণিজ্য মন্ত্ৰালয়ে।
নাউৰুৰ ৰাজহুৱা পুথিভঁৰালটো জুইত পুৰি ধ্বংস হৈছিল। ২০১৮ চনৰ মে' মাহত নাউৰুৰ ৰাজহুৱা পুথিভঁৰাল নতুন ভৱনটো দক্ষিণ প্ৰশান্ত মহাসাগৰীয় বিশ্ববিদ্যালয় কেম্পাছৰ চৌহদত আনুষ্ঠানিক ভাবে মুকলি কৰা হয়। নাউৰু মাধ্যমিক বিদ্যালয়, কায়চাৰ কলেজ আৰু আইৱ' প্ৰাথমিক বিদ্যালয়ৰ চৌহদতো পুথিভঁৰাল আছে।৭৫
স্বাস্থ্য
লোক।]]
২০০৯ চনৰ তথ্য অনুসৰি নাউৰুবাসীসকলৰ আয়ুকাল পুৰুষৰ ক্ষেত্ৰত ৬০.৬ বছৰ আৰু মহিলাৰ ক্ষেত্ৰত ৬৮.০ বছৰ।৭৬
গড় বডি মাচ ইনডেস্ক (বিএমআই)-ৰ ভিত্তিত নাউৰুয়ানসকল হৈছে পৃথিৱীৰ সবাটোকৈ বেছি ওজনবহুল লোক; নাউৰুৰ ৯৭ শতাংশ পুৰুষ আৰু ৯৩ শতাংশ মহিলাই ওজনবহুল বা মেদবহুল। ২০১২ চনত মেদবহুলতাৰ হাৰ আছিল ৭১.৭ শতাংশ।৭৭ সাধাৰণতে প্ৰশান্ত মহাসাগৰীয় দ্বীপসমূহত মেদবহুলতা দেখা যায়।
নাউৰুৰ ৪০% লোক টাইপ-২ বহুমূত্ৰ ৰোগত আক্ৰান্ত, এয়া পৃথিৱীৰ ভিতৰতে সৰ্বাধিক।৭৮ নাউৰুত আন খাদ্য সম্পৰ্কিত গুৰুত্বপূৰ্ণ ৰোগসমূহৰ ভিতৰত বৃক্কৰ ৰোগ আৰু হৃদৰোগ অন্যতম।৭৬
পৰিবহণ
স্থলপথ
নাউৰুত মুঠ ৪১ কিলোমিটাৰ দৈৰ্ঘ্যৰ স্থলপথৰ আছে; ইয়াৰে ২৯ কিলোমিটাৰ পকা ৰাস্তা। পকা ৰাস্তাৰ ভিতৰত দ্বীপটোৰ চাৰিওপাশ আবৰি ১৭ কিলোমিটাৰ জুৰা উপকূলীয় ৰাস্তা আছে যাক আইলেণ্ড ৰিং ৰোড নামেৰে জনা যায়। আন কেঁচা ৰাস্তাৰ দৈৰ্ঘ্য প্ৰায় ১২ কিলোমিটাৰ; এইবোৰে কেন্দ্ৰীয় মালভূমিক সংযোগ কৰে আৰু মূলতঃ ফছফেট খনিৰ বাবে ব্যৱহাৰ কৰা হয়। দেশখনত যান-বাহন বাওঁফালে চলোৱা হয়।
দ্বীপটোৰ একমাত্ৰ পাঁচ কিলোমিটাৰ নৰ'-গেজৰ ৰেলপথটোৱে ফছফেট খনিসমূহ সংযোগ কৰে। এই ৰেলপথটোৱে ফছফেট খনিৰ পশ্চিমৰ সংগ্ৰহ কেন্দ্ৰটোৰ পৰা প্ৰচেচিং কেন্দ্ৰটোলৈ চলে।
ৰাজহুৱা পৰিবহণৰ বাবে দেশখনত বাছৰ চলাচল আছে।
জলপথ আৰু বিমানপথ
দ্বীপটোত আইৱ'ত এক আন্তঃৰাষ্ট্ৰীয় বন্দৰ আছে। প্ৰবাল প্ৰাচীৰবোৰৰ বাবে ডাঙৰ জাহাজসমূহ দ্বীপটোৰ উপকূলৰ একেবাৰে কাষ চপাটো কঠিন। সেয়ে তেনে জাহাজবোৰে বন্দৰটোৰ পৰা কিছু দূৰত্বত লঙ্গৰ পেলাব লগা হয়।
নাউৰু আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰ হৈছে দেশখনৰ একমাত্ৰ বিমানবন্দৰ আৰু নাউৰু এয়াৰলাইনছ এই দ্বীপটোৰ একমাত্ৰ বিমান সংস্থা। পূৰ্বৰ বিমান সংস্থা এয়াৰ নাউৰু ফছফেট খনিৰ উত্থানৰ সময় প্ৰতিষ্ঠা হৈছিল, পিছে ই অৰ্থনৈতিক সমস্যাৰ সৈতে দীৰ্ঘদিন ধৰি যুঁজ দিব লগা হৈছিল। ২০০৫ চনৰ ডিচেম্বৰত এয়াৰ নাউৰুৰ বিমান চলাচল বন্ধ হৈ যায়, ফলত কেইবামাহৰ বাবে নাউৰুলৈ যোগাযোগ কেৱল জলপথেৰেহে সম্ভৱ হৈ ৰয়। ২০০৫-ৰ ছেপ্টেম্বৰত টাইৱানৰ অৰ্থৰ সাহায্যৰে বিমান পৰিবহণ পুনৰ আৰম্ভ হয়। প্ৰথমে আৱাৰ এয়াৰলাইন নামেৰে আৰম্ভ হোৱা বিমান সংস্থাটো পাছলৈ ২০১৪ চনত নাউৰু এয়াৰলাইনছ নামলৈ পৰিবৰ্তন কৰা হয়। বৰ্তমানে নাউৰু এয়াৰলাইনছে সপ্তাহটোৰ পাঁচটা দিনত অষ্ট্ৰেলিয়াৰ ব্ৰিচবেন, ফিজিৰ নাদী আদি ঠাইলৈ যাত্ৰীবাহী বিমান পৰিচালনা কৰে।৭৯ পেছিফিক এয়াৰ এক্সপ্ৰেছে ব্ৰিচবেনলৈ কাৰ্গো বিমানৰ পৰিচালনা কৰে।
অতিৰিক্ত পঠন
- Gowdy, John M.; McDaniel, Carl N. (2000). Paradise for Sale: A Parable of Nature. University of California Press. ISBN 978-0-520-22229-8
- Williams, Maslyn; Macdonald, Barrie. (1985). The Phosphateers. Melbourne University Press. ISBN 0-522-84302-6
বাহ্যিক সংযোগ
- নাউৰুৰ চৰকাৰ
- নাউৰুৰ ৰাষ্ট্ৰীয় পৰ্যটন কাৰ্যালয়
- নাউৰু এয়াৰলাইনছ
- Nauru from UCB Libraries GovPubs
- Nauru profile from the BBC News Online
তথ্যসূত্ৰ
- ↑ CIA World Fact Book URL Accessed 2006-05-02
- ↑ Hogan, C Michael. (2011). Phosphate. Encyclopedia of Earth. National Council for Science and the Environment
- ↑ Hitt, Jack. The Billion-Dollar Shack
- ↑ (18 June 2015). Pacific correspondent Mike Field. Radio New Zealand
- ↑ Nauru's former chief justice predicts legal break down. SBS News. Special Broadcasting Service
- ↑ Ben Doherty. This is Abyan's story, and it is Australia's story. The Guardian
- ↑ Nauru Department of Economic Development and Environment. (2003). First National Report to the United Nations Convention to Combat Desertification. ৰাষ্ট্ৰসংঘ
- ↑ Whyte, Brendan. (2007). On Cartographic Vexillology. Cartographica. পৃ. 251–262
- ↑ Pollock, Nancy J. (1995). Social Aspects of Obesity. Routledge. পৃ. 87–111
- ↑ Spennemann, Dirk HR. (January 2002). Traditional milkfish aquaculture in Nauru. Aquaculture International. পৃ. 551–562
- ↑ West, Barbara A. (2010). Nauruans: nationality. Encyclopedia of the Peoples of Asia and Oceania. Infobase Publishing. পৃ. 578–580. ISBN 978-1-4381-1913-7
- ↑ Maslyn Williams & Barrie Macdonald. (1985). The Phosphateers. Melbourne University Press. পৃ. 11. ISBN 0-522-84302-6
- ↑ Ellis, Albert F. (1935). Ocean Island and Nauru; Their Story. Angus and Robertson, limited. পৃ. 29
- ↑ Langdon, Robert (1984), Where the whalers went: an index to the Pacific ports and islands visited by American whalers (and some other ships) in the 19th century, Canberra, Pacific Manuscripts Bureau, p.180
- ↑ Marshall, Mac; Marshall, Leslie B. (January 1976). Holy and Unholy Spirits: The Effects of Missionization on Alcohol Use in Eastern Micronesia. Journal of Pacific History. পৃ. 135–166
- ↑ Reyes, Ramon E. Jr. (1996). Nauru v. Australia. New York Law School Journal of International and Comparative Law
- ↑ "Commonwealth and Colonial Law" by Kenneth Roberts-Wray, London, Stevens, 1966. p. 884
- ↑ Firth, Stewart. (January 1978). German Labour Policy in Nauru and Angaur, 1906–1914. The Journal of Pacific History. পৃ. 36–52
- ↑ Hill. (1986). The Marcus Garvey and Universal Negro Improvement Association Papers. University of California Press. ISBN 978-0-520-05817-0
- ↑ Ellis, AF. (1935). Ocean Island and Nauru – their story. Angus and Robertson Limited. পৃ. 29–39
- ↑ Hartleben, A. (1895). Deutsche Rundschau für Geographie und Statistik. পৃ. 429
- ↑ Manner, HI; Thaman, RR; Hassall, DC. (May 1985). Plant succession after phosphate mining on Nauru. Australian Geographer. পৃ. 185–195
- ↑ Gowdy, John M; McDaniel, Carl N. (May 1999). The Physical Destruction of Nauru. Land Economics. পৃ. 333–338
- ↑ Shlomowitz, R. (November 1990). Differential mortality of Asians and Pacific Islanders in the Pacific labour trade. Journal of the Australian Population Association. পৃ. 116–127
- ↑ Hudson, WJ. (April 1965). Australia's experience as a mandatory power. Australian Outlook. পৃ. 35–46
- ↑ Waters, SD. (2008). German raiders in the Pacific. Merriam Press. পৃ. 39. ISBN 978-1-4357-5760-8
- ↑ Bogart, Charles H. (November 2008). Death off Nauru. CDSG Newsletter. পৃ. 8–9
- ↑ Takizawa, Akira; Alsleben, Allan. (1999–2000). Japanese garrisons on the by-passed Pacific Islands 1944–1945. Forgotten Campaign: The Dutch East Indies Campaign 1941–1942
- ↑ Garrett, J. (1996). Island Exiles. Australian Broadcasting Corporation. পৃ. 176–181. ISBN 0-7333-0485-0
- ↑ Highet, K; Kahale, H. (1993). Certain Phosphate Lands in Nauru. American Journal of International Law. পৃ. 282–288
- ↑ Cmd. 7290
- ↑ Cmd. 1202
- ↑ (6 May 1964). Island Purchase For Nauruans. The Canberra Times. পৃ. 5
- ↑ (30 May 1963). Nauruans Likely To Settle Curtis Island. The Canberra Times. পৃ. 9
- ↑ (5 June 1963). Lack of Sovereignty 'Disappoints' Nauruans. The Canberra Times. পৃ. 45
- ↑ (21 August 1964). Nauru not to take Curtis Is.. The Canberra Times. পৃ. 3
- ↑ Davidson, JW. (January 1968). The Republic of Nauru. The Journal of Pacific History. পৃ. 145–150
- ↑ Squires, Nick. (15 March 2008). Nauru seeks to regain lost fortunes. BBC News Online
- ↑ Watanabe, Anna. (16 September 2018). From economic haven to refugee 'hell'. Kyodo News
- ↑ (January 2004). Case Concerning Certain Phosphate Lands in Nauru (Nauru v. Australia) Application: Memorial of Nauru. ICJ Pleadings, Oral Arguments, Documents. United Nations, International Court of Justice. ISBN 978-92-1-070936-1
- ↑ Google Map Developers. Distance Finder
- ↑ (September 2005). Background Note: Nauru. State Department Bureau of East Asian and Pacific Affairs
- ↑ Thaman, RR; Hassall, DC. Nauru: National Environmental Management Strategy and National Environmental Action Plan. South Pacific Regional Environment Programme. পৃ. 234
- ↑ Jacobson, Gerry; Hill, Peter J; Ghassemi, Fereidoun. (1997). Geology and hydrogeology of carbonate islands. Elsevier. পৃ. 716. ISBN 978-0-444-81520-0
- ↑ Republic of Nauru. (1999). Climate Change – Response. First National Communication. United Nations Framework Convention on Climate Change
- ↑ (2003). Affaire de certaines terres à phosphates à Nauru. International Court of Justice. পৃ. 107–109. ISBN 978-92-1-070936-1
- ↑ Pacific Climate Change Science Program. Government of Australia
- ↑ Yaren · district, Nauru. Encyclopedia Britannica
- ↑ NAURU Information on Government, People, History, Economy, Environment, Development
- ↑ BirdLife International. Important Bird Areas in Nauru. Secretariat of the Pacific Regional Environmental Programme
- ↑ Nauru Ecotourism Tours – Sustainable Tourism & Conservation Laws
- ↑ Matau, Robert (6 June 2013) "President Dabwido gives it another go" . Islands Business
- ↑ Levine, Stephen; Roberts, Nigel S. (November 2005). The constitutional structures and electoral systems of Pacific Island states. Commonwealth & Comparative Politics. পৃ. 276–295
- ↑ Anckar, D; Anckar, C. (2000). Democracies without Parties. Comparative Political Studies. পৃ. 225–247
- ↑ Hassell, Graham; Tipu, Feue. (May 2008). Local Government in the South Pacific Islands. Commonwealth Journal of Local Governance. পৃ. 6–30
- ↑ Nauru (High Court Appeals) Act (Australia) 1976. Australian Legal Information Institute
- ↑ Dale, Gregory. (2007). Appealing to Whom? Australia's 'Appellate Jurisdiction' Over Nauru. International & Comparative Law Quarterly. পৃ. 641
- ↑ Gans, Jeremy. (20 February 2018). News: Court may lose Nauru appellate role. Opinions on High. Melbourne Law School, The University of Melbourne
- ↑ Clarke, Melissa. (2 April 2018). Justice in Nauru curtailed as Government abolishes appeal system. ABC News
- ↑ Wahlquist, Calla. (2 April 2018). Fears for asylum seekers as Nauru moves to cut ties to Australia's high court. The Guardian
- ↑ (2011). Nauru—The population of the districts of the Republic of Nauru. City Population
- ↑ Country Economic Report: Nauru. Asian Development Bank. পৃ. 6
- ↑ Yaren · district, Nauru. Encyclopedia Britannica
- ↑ Nauru Celebrates Angam Day. ৰাষ্ট্ৰসংঘ
- ↑ Nazzal, Mary. (April 2005). Nauru: an environment destroyed and international law. lawanddevelopment.org
- ↑ Culture of Nauru. Republic of Nauru
- ↑ Country Profile: Nauru. BBC News Online
- ↑ Nauru Australian Football Association. Australian Football League
- ↑ Nauru Olympic Committee History. Nauru Olympic Committee
- ↑ Stahl, Dean A.; Landen, Karen. (2001). Abbreviations Dictionary. CRC Press. পৃ. 1436. ISBN 9781420036640
- ↑ Waqa, B. (1999). UNESCO Education for all Assessment Country report 1999 Country: Nauru
- ↑ "Schools ." Government of Nauru. Retrieved on 5 June 2018
- ↑ USP Nauru Campus. University of the South Pacific
- ↑ Nauru Teacher Education Project
- ↑ Book Provision in the Pacific Islands. ৰাষ্ট্ৰসংঘ শিক্ষা, বিজ্ঞান আৰু সংস্কৃতি সংস্থা Pacific States Office, 1999., 9789820201552. p. 33
- ↑ Nauru. World health report 2005. বিশ্ব স্বাস্থ্য সংস্থা
- ↑ Nishiyama, Takkaki. (27 May 2012). Nauru: An island plagued by obesity and diabetes. Asahi Shimbun
- ↑ King, H; Rewers M. (1993). Diabetes in adults is now a Third World problem. Ethnicity & Disease. পৃ. S67–74
- ↑ Flight schedule for Nauru Airlines
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “নাউৰু” প্ৰবন্ধৰ সংশোধন ৬৩৪৩৪৪ (৫ ছেপ্তেম্বৰ ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।