মেদবহুলতা হৈছে দেহত অতিমাত্ৰা চৰ্বি জমা হোৱাৰ ফলত সৃষ্টি হোৱা শাৰীৰিক সমস্যাজনিত এক অৱস্থা। বৰ্তমান ভাৰতৰ এক কোটিৰো অধিক লোক মেদবহুলতাৰ চিকাৰ। বি এম আই (Body Mass Index) মান অনুসৰি, কোনো ব্যক্তিৰ শৰীৰৰ ওজনক তেওঁৰ শৰীৰৰ উচ্চতাৰ (মিটাৰ এককত) বৰ্গফলেৰে হৰণ কৰি পোৱা মান, ৩০ কি. গ্ৰা./বৰ্গ মিটাৰতকৈ অধিক হ'লে স্থূলকায় আৰু ২৫-৩০ কি. গ্ৰা./বৰ্গ মিটাৰ পৰিসৰৰ লোকসকলক অভাৰৱেট অৰ্থাৎ বেচি ওজন থকা লোক বুলি গণ্য কৰা হয়।
শকত লোকসকল নানা ধৰণৰ ৰোগ, যেনে- বহুমূত্ৰ ৰোগ, উচ্চ ৰক্তচাপ, কৰ্কট ৰোগ (বক্ষ, কল'ন, জৰায়ু, প্ৰষ্টেট, বৃক্ক, যকৃৎ, পিত্ত, অগ্নাশয় আদিৰ), হৃদৰোগ (কাৰ্ডিঅ'মায়'পেথি, হাৰ্ট ফেইলাৰ), ডিচলিপিডেমিয়া, পিত্তৰ পাথৰ, লিভাৰৰ অসুখ, হাঁড়ৰ ৰোগ (অস্তিঅ' আৰ্থাইটিচ), শ্বাস-প্ৰস্বাসৰ ৰোগ, নিদ্ৰাৰ বিকাৰ, মাহেকীয়াৰ বিসংগতি, সন্তানহীনতা আদিত সহজে আক্ৰান্ত হয়। শাৰীৰিক আৰু মানসিক উভয়বিধৰ যন্ত্ৰণাৰ ভুক্তভোগী হয়। মেদবহুলতাৰ প্ৰধান কাৰণ হ'ল অতিমাত্ৰা খোৱাৰ বিপৰীতে কৰ্মৰ নিষ্ক্ৰিয়তা। গতিকে খাদ্যৰ পৰা আহৰণ কৰা শক্তি (কেলৰি) ব্যৱহাৰ নহ'লে শৰীৰত সেইয়া চৰ্বিৰ ৰূপত সঞ্চিত হ'বলৈ ধৰে আৰু দেহৰ ওজন বৃদ্ধি কৰে।১২ ইয়াৰোপৰি ভুল জীৱন শৈলী, খাদ্যৰ বিসংগতি, বংশগত কাৰণ, হ'ৰম'ন, বিভিন্ন ৰোগ, দৰবৰ পাৰ্শ্বক্ৰিয়া আৰু অন্য সামাজিক কাৰণৰ বাবেও মানুহ শকত হ'ব পাৰে।
মেদবহুলতাৰ প্ৰধান চিকিৎসা হৈছে সুষম আহাৰ। শাক-পাচলি, ফল-মূল, বেছি আঁহযুক্ত শস্য, দাইল, বীন, চয়াবীন, মাছ,কণীৰ বগা অংশ, অলিভ বা চানফ্লাৱাৰ তেল আদিৰ ব্যৱহাৰ মেদবহুলতা নিয়ন্ত্ৰণৰ বাবে উপকাৰী। নিয়মিত কচৰতো অতি আৱশ্যকীয়। ওজন কমোৱা নানাবিধ দৰৱো ব্যৱহাৰ কৰা দেখা যায়। বি এম আই ৩৫, ৪০ কি. গ্ৰা./বৰ্গ মিটাৰ বা তাৰো অধিক হ'লে অস্ত্ৰোপচাৰৰ সহায় লোৱা হয়।
মেদবহুলতা হ'ল আজিৰ যুগৰ জীৱনশৈলীৰ লগত জড়িত ৰোগ। ই মৃত্যুৰো এটা প্ৰধান কাৰণ ৰূপে পৰিগণিত হৈছে। ই একবিংশ শতিকাৰ জন-স্বাস্থ্যৰ এটা প্ৰধান সমস্যাৰূপে চিহ্নিত হৈছে।৩
তথ্যসূত্ৰ
- ↑ Kushner, Robert. (2007). Treatment of the Obese Patient (Contemporary Endocrinology). Humana Press. পৃ. 158. ISBN 1-59745-400-1
- ↑ Adams JP, Murphy PG. (July 2000). Obesity in anaesthesia and intensive care. Br J Anaesth. পৃ. 91–108
- ↑ Barness LA, Opitz JM, Gilbert-Barness E. (December 2007). Obesity: genetic, molecular, and environmental aspects. American Journal of Medical Genetics. পৃ. 3016–34
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “মেদবহুলতা” প্ৰবন্ধৰ সংশোধন ৪৬৫৪১৮ (২২ জানুৱাৰী ২০২৫)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।