অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
ভূগোল আৰু ঠাই

বিষুৱ ৰেখা

বিষুৱ ৰেখা বা ভূমধ্য ৰেখা পৃথিৱী পৃষ্ঠত উত্তৰ মেৰু আৰু দক্ষিণ মেৰুৰ পৰা সমান দূৰত্বত অৱস্থিত পৃথিৱীক দুটা গোলাৰ্ধত ভাগ কৰা কাল্পনিক ৰেখা। ই পৃথিৱীক উত্তৰ গোলাৰ্ধ আৰু দক্ষিণ গোলাৰ্ধত ভাগ কৰে।

হালনাগাদ: ২৮ ছেপ্তেম্বৰ ২০২৩ ৪৩০ শব্দ · ২ মিনিট সংগৃহীত ৭১
সংশোধনৰ পৰামৰ্শ
গোলকক দুটা গোলাৰ্ধত ভাগ কৰা বিষুৱ ৰেখা
গোলকক দুটা গোলাৰ্ধত ভাগ কৰা বিষুৱ ৰেখাছবি: Public domain

বিষুৱ ৰেখা বা ভূমধ্য ৰেখা পৃথিৱী পৃষ্ঠত উত্তৰ মেৰু আৰু দক্ষিণ মেৰুৰ পৰা সমান দূৰত্বত অৱস্থিত পৃথিৱীক দুটা গোলাৰ্ধত ভাগ কৰা কাল্পনিক ৰেখা। ই পৃথিৱীক উত্তৰ গোলাৰ্ধ আৰু দক্ষিণ গোলাৰ্ধত ভাগ কৰে। অন্য ভাষাত পৃথিৱীৰ কেন্দ্ৰৰ পৰা সৰ্বাধিক দূৰত্বত অৱস্থিত ভূমধ্য ৰেখাৰ উখহা স্থানৰ বিন্দুসমূহ লগ লগাই পশ্চিমৰ পৰা পূবলৈ কল্পনা কৰা ৰেখাডালেই হ'ল বিষুৱ ৰেখা। পৃথিৱীৰ সোঁমাজত অৱস্থিত হোৱাৰ বাবে ইয়াক ভূমধ্য ৰেখা আৰু ইয়াত দিন ৰাতি সমান দৈৰ্ঘৰ হোৱাৰ বাবে বিষুৱ ৰেখা বোলে। অন্য গ্ৰহসমূহৰো বিষুৱ ৰেখাক এইদৰেই ব্যাখ্যা কৰা হয়। ইয়াৰ ২৩°৩০′০″ উত্তৰে কৰ্কট ক্ৰান্তি ৰেখা আৰু ২৩°৩০′০″ দক্ষিণে মকৰ ক্ৰান্তি ৰেখা অৱস্থিত। ১২

বৰ্ণনা

পৰ্যটন ক্ষেত্ৰসমূহত বিষুৱ ৰেখাক পথৰ দাঁতিত চিহ্নিত কৰা হয়।
পৰ্যটন ক্ষেত্ৰসমূহত বিষুৱ ৰেখাক পথৰ দাঁতিত চিহ্নিত কৰা হয়।ছবি: CC BY-SA 3.0

বিষুৱ ৰেখাৰ অক্ষাংশ শূন্য। ইয়াৰ সৰ্বমুঠ দৈৰ্ঘ্য প্ৰায় ৪০,০৭৫ কিঃমিঃ বা ২৪,৯০১.৫ মাইল (প্ৰকৃত দৈৰ্ঘ্য ৪০,০৭৫,০১৬.৬৮৫৬ মিটাৰ)। বছৰৰ ২১ মাৰ্চ আৰু ২৩ ছেপ্টেম্বৰ তাৰিখে বিষুৱ ৰেখাৰ ওপৰত সূৰ্যৰ ৰশ্মি লম্বভাৱে পৰে।৩এই দুদিন পৃথিৱীত দিন আৰু ৰাতি সমান দৈৰ্ঘৰ হয়। ২১ মাৰ্চক মহাবিষুৱ আৰু ২৩ ছেপ্টেম্বৰক জলবিষুৱ বোলা হয়।

বিষুৱ ৰেখাৰ কাষৰীয়া অঞ্চলসমূহত সূৰ্যাস্ত আৰু সূৰ্যোদয় অপেক্ষাকৃতভাৱে পলমকৈ সংঘটিত হয়। লগতে এনে অঞ্চলত দিন ৰাতিৰ ব্যৱধান প্ৰায় ১২ ঘণ্টাৰ হয়। আনহাতে ইয়াৰ উত্তৰ আৰু দক্ষিণে ঋতু অনুসাৰে দিন আৰু ৰাতিৰ দৈৰ্ঘৰ তাৰতম্য ঘটে। যেতিয়া ইয়াৰ উত্তৰে গ্ৰীষ্মকাল চলি থাকে তেতিয়া ইয়াৰ দক্ষিণত শীতকাল চলি থাকে অৰ্থাৎ দুই গোলাৰ্ধত পৰস্পৰ বিপৰীত ঋতু বিৰাজ কৰে। কিন্তু বিষুবীয় অঞ্চলত ঋতুৰ পৰিৱৰ্তন দৃষ্টিগোচৰ নহয়।

পৃথিৱী বিষুৱ ৰেখাত অলপ উখহা। ইয়াৰ পৰা পৃথিৱীৰ ব্যাস ১২,৭৫৯.২৮ কিঃমিঃ(৭৯২৭ মাইল)। আনহাতে মেৰুৰ পৰা পৃথিৱীৰ ব্যাস ১২,৭১৩.৫৬ কিঃমিঃ(৭৯০০ মাইল) অৰ্থাৎ প্ৰায় ৪২.৭২ কিঃমিঃ বেছি। বিষুৱীয় অঞ্চল অন্তৰীক্ষ কেন্দ্ৰ স্থাপনৰ বাবে অতি উত্তম। কাৰণ পৃথিৱীৰ আহ্নিক গতিৰ বাবে পৃথিৱীৰ আন ঠাইৰ তুলনাত বিষুৱীয় অঞ্চলৰ কৌণিক বেগ বেছি। সেয়ে অন্তৰীক্ষ যান উৎক্ষেপণৰ বাবে আৱশ্যক ইন্ধনৰ পৰিমাণ কমোৱাত সুবিধা হয়। এই প্ৰভাৱক ব্যৱহাৰ কৰিবলৈ হ'লে অন্তৰীক্ষ যানখনক পূব দিশত প্ৰক্ষেপিত কৰা উচিত।

জলবায়ু

]]

পৃথিৱীৰ সোঁমাজত অৱস্থিত হোৱাৰ বাবে বিষুৱীয় অঞ্চলত সূৰ্যৰ ৰশ্মি বেছি তীক্ষ্ণভাৱে পৰে। সেয়ে বৰ্ষা ঋতু আৰু সুউচ্চ অঞ্চলসমূহৰ বাদে গোটেই বিষুৱীয় অঞ্চলত এক উষ্ণ জলবায়ু বিৰাজ কৰে। ইয়াৰ ওচৰৰ অঞ্চলসমূহত সাধাৰণতে আৰ্দ্ৰ আৰু শুষ্ক এই দুবিধ জলবায়ু বিৰাজ কৰে। তদুপৰি এই অঞ্চলত প্ৰচুৰ বৃষ্টিপাত হয় আৰু বছৰৰ বেছিভাগ সময় সেমেকা হৈ থাকে। তেতিয়াও উচ্চতা আৰু সাগৰৰ পৰা দূৰত্ব অনুযায়ী জলবায়ুৰ তাৰতম্য লক্ষ্য কৰিব পাৰি। পৃথিৱীৰ বেছিভাগ বিষুৱীয় ক্ষেত্ৰ সমুদ্ৰ ভাগত অৱস্থিত। মহাদেশীয় বিষুৱীয় অঞ্চলত ডাঠ বৰ্ষাৰণ্যৰ বাবে বিখ্যাত। তাৰে ভিতৰত আমাজান আৰু আৰু কঙ্গো নদীৰ অৱবাহিকাৰ বৰ্ষাৰণ্য উল্লেখযোগ্য। বিষুৱ ৰেখাৰ সৰ্বোচ্চ বিন্দু হৈছে ৪৬৯০ মিটাৰ উচ্চ ইকোৱেডৰৰ কায়াম্বে জ্বালামুখী। ই ইকোৱেডৰৰ দক্ষিণ প্ৰান্তত অৱস্থিত।

বিষুবীয় অঞ্চল

বিষুৱৰেখাৰ দাঁতিকাষৰীয়া অঞ্চলটোক বিষুবীয় বা নিৰক্ষীয় অঞ্চল বুলি কোৱা হয়। ডাঠ অৰণ্য থকাৰ বাবে এই অঞ্চলত নানা প্ৰকাৰৰ উদ্ভিদ আৰু বিবিধ জীৱ-জন্তু দেখা যায়। এই অঞ্চলত গৰম ঠাণ্ডাৰ মিশ্ৰ পৰিবেশ দেখা যায়। ইয়াৰ কিছু কিছু অঞ্চলত চিৰসেউজ অৰণ্য, কিছুমানত পৰ্ণপাতী আৰু কিছুমানত জোপোহা কাঁইটীয়া গছ আৰু ঘাঁহজাতীয় উদ্ভিদ দেখা যায়।

তথ্যসূত্ৰ

  1. ↑ ঝা, গোবিন্দ. মানক বিজ্ঞান হিন্দী শব্দ কোষ. বাণী প্ৰকাশন. পৃ. ১৬৭
  2. ↑ http://www.patrika.com/print/emailarticle.aspx?id=10645
  3. ↑ ज्योतिष सबके लिए. भगवती पॉकेट बुक्स. পৃ. १६७

সম্পৰ্কিত শ্ৰেণী

ভূগোল

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “বিষুৱ ৰেখা” প্ৰবন্ধৰ সংশোধন ৩৮২১৪৭ (২৮ ছেপ্তেম্বৰ ২০২৩)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।