ওচেনিয়াৰ দেশ
৪ প্ৰবন্ধ
-
অষ্ট্ৰেলিয়া
অষ্ট্ৰেলিয়া (Australia; স্থানীয় উচ্চাৰণ আ-ধ্ব-ব-তে /ə.ˈstɹæɪ.ljə/, /ə.ˈstɹæɪ.liː.ə/ বা /ə.ˈstɹæɪ.jə/) এখন দ্বীপ-মহাদেশ। ই এচিয়াৰ দক্ষিণ-পূবত ওচেনিয়া অঞ্চলত অৱস্থিত। অষ্ট্ৰেলিয়াৰ মূল ভূ খণ্ড আৰু দক্ষিণৰ তাছমেনিয়া দ্বীপ লৈ এই কমনৱেল্থ অফ অষ্ট্ৰেলিয়া গঠিত হৈছে।
-
নিউজিলেণ্ড
নিউজিলেণ্ড ( ইং: New Zealand, ) হ'ল দক্ষিণপশ্চিম প্ৰশান্ত মহাসাগৰৰ বুকুত অৱস্থিত এখন দ্বীপৰাষ্ট্ৰ। দেশখন দুটা প্ৰধান দ্বীপ – উত্তৰ দ্বীপ (নৰ্থ আইলেণ্ড), বা Te Ika-a-Māui, আৰু দক্ষিণ দ্বীপ (চাউথ আইলেণ্ড), বা Te Waipounamuৰ লগতে ষ্টুৱাৰ্ট দ্বীপ আৰু অসংখ্য সৰু সৰু দ্বীপপুঞ্জৰে গঠিত।
-
ফিজি
ফিজি আনুষ্ঠানিকভাৱে ফিজি গণৰাজ্য হৈছে দক্ষিণ প্ৰশান্ত মহাসাগৰৰ ওচেনিয়াৰ অংশ মেলানেছিয়াৰ এখন দ্বীপ-দেশ। ই নিউজিলেণ্ডৰ পৰা প্ৰায় ১১০০ নটিকেল মাইল (২,০০০ কিমি; ১,৩০০ মাইল) উত্তৰ-উত্তৰ-পূৱত অৱস্থিত।
-
নাউৰু
নাউৰু (আধিকাৰিক নাম: নাউৰু গণৰাজ্য; নাউৰুয়ান ভাষাত: Repubrikin Naoero, ৰিপুব্ৰিকিন নাওয়েৰো; ইংৰাজী ভাষাত: Republic of Nauru, ৰিপাব্লিক অফ নাউৰু) দক্ষিণ প্ৰশান্ত মহাসাগৰৰ মাইক্ৰ'নেছিয়া অঞ্চলৰ এক ক্ষুদ্ৰ দ্বীপ ৰাষ্ট্ৰ। ইয়াৰ নিকটতম দ্বীপ হ'ল ৩০০ কিলোমিটাৰ পূব দিশে অৱস্থিত কিৰিবাছৰ বানাবা দ্বীপ।