কালী-পূজা বা শ্যামা-পূজা১ হিন্দু দেৱী কালীৰ প্ৰতি উৎসৰ্গিত ভাৰতীয় উপমহাদেশত উদযাপিত হোৱা উৎসৱ। কাতি মাহৰ অমাৱস্যা তিথিত এই পূজা পালন কৰা হয়। কালী পূজা ঘাইকৈ ভাৰতৰ পশ্চিমবংগ, অসম, ত্ৰিপুৰা, ওড়িশা, বিহাৰৰ মিথিলা অঞ্চল আৰু মহাৰাষ্ট্ৰৰ তিতৱালা চহৰ আৰু বাংলাদেশত পালন কৰা হয়।২ এইদিনা ভাৰতৰ আন অঞ্চলত লক্ষ্মীপূজা আৰু দেৱালী অনুষ্ঠিত হয়। বৰ্তমান তিনিওটা উৎসৱ প্ৰায় একেলগে উদ্যাপন হোৱা দেখা যায়।
কিংবদন্তি
শাক্তধৰ্মৰ কালীকুল সম্প্ৰদায়ৰ মতে সৰ্বোচ্চ মহাজাগতিক দেৱী মহাকালী পৃথিৱীত অশুভ শক্তিৰ বিনাশৰ বাবে ১০টা ৰূপত আৱিৰ্ভাৱ হৈছিল। এই দহটা ৰূপক একেলগে দশ মহাবিদ্যা নামে জনাজাত। প্ৰত্যেক মহাবিদ্যা ১২ মাহৰ হিন্দু দিনপঞ্জী-মতে অৱতাৰৰ তিথি আছে। এই দশ মহাবিদ্যাৰ ভিতৰত শেষ-দেৱী হৈছে কমলতমিকা বা কমলা। তেওঁৰ অৱতাৰৰ দিন কমলাতমিকা জয়ন্তী হিচাপে দেৱালীৰ দিনা পালন কৰা হয়। তেওঁক 'তান্ত্ৰিক লক্ষ্মী' হিচাপেও জনা যায়। ভাৰতীয় উপমহাদেশৰ বাকী অংশত এই দিন দেৱতা শ্ৰীৰাম বা শ্ৰীকৃষ্ণৰ সৈতে যুক্ত। যিহেতু উভয়ে বৈষ্ণৱধৰ্মৰ কেন্দ্ৰীয় দেৱতা অধিকাংশ ভাৰতীয়ই দেৱালীক বৈষ্ণৱ উৎসৱ হিচাপে উদযাপন কৰে আৰু ভগৱান মহাবিষ্ণুৰ সংগী দেৱী লক্ষ্মীৰ পূজা কৰে।
পূব আৰু উত্তৰ-পূব ভাৰতত কালীকুল শাক্ত বিশ্বাস প্ৰভাৱশালী। সেয়ে এই অঞ্চলত কমলতমিকাৰ মূল দেৱী মহাকালীৰ পূজা কৰা হয়। পিছলৈ এই দিন কালীপূজাৰ ৰূপ লাভ কৰে।
ইতিহাস
ৰ কুমাৰতলিত খনিকৰে প্ৰস্তুত কৰি থকা কালী প্ৰতিমা]]
কালীপূজা প্ৰাচীন পূজা নহয়। ষোড়শ শতাব্দীৰ আগতে কালীপূজাৰ উল্লেখ পোৱা নাযায়। বিখ্যাত ঋষি কৃষ্ণানন্দ আগমবাগীশে প্ৰথম কালীপূজা আৰম্ভ কৰিছিল। তদুপৰি সপ্তদশ শতাব্দীৰ শেষৰ ফালৰ বলৰামৰ ভক্তিমূলক গ্ৰন্থ কালিকা মঙ্গলকাব্যত এটি বাৰ্ষিক উৎসৱৰ কথা উল্লেখ পোৱা যায়।৩ অষ্টাদশ শতিকাত পশ্চিম বংগৰ নদিয়াৰ কৃষ্ণনগৰৰ ৰজা কৃষ্ণচন্দ্ৰইয়ে এই পূজা জনপ্ৰিয় কৰে।২ ঊনবিংশ শতাব্দীত কৃষ্ণচন্দ্ৰৰ নাতি ঈশ্বৰচন্দ্ৰ আৰু বাঙালি অভিজাতসকলৰ মাজত কালীপূজা জনপ্ৰিয়তা লাভ কৰে। ধনী জমিদাৰসকলে এই উৎসৱৰ পৃষ্ঠপোষকতা আৰম্ভ কৰিছিল।৪ দুৰ্গাপূজাৰ সৈতে কালীপূজা হৈছে বংগ আৰু অসম আটাইতকৈ ডাঙৰ শাক্ত উৎসৱ।৫
বাহ্যিক সংযোগ
তথ্যসূত্ৰ
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “কালী-পূজা” প্ৰবন্ধৰ সংশোধন ৩৮০৪৩৯ (২৮ ছেপ্তেম্বৰ ২০২৩)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।