অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
ভাষা আৰু সাহিত্য

দেউৰী ভাষা

দেউৰী ভাষা হৈছে উত্তৰ পূব ভাৰতৰ অসম আৰু অৰুণাচল প্ৰদেশৰ অধিবাসী দেউৰী জনগোষ্ঠীৰ লোকসকলৰ দ্বাৰা ব্যৱহৃত চীনা-তিব্বতীয় ভাষা পৰিয়ালৰ অন্তৰ্গত এটা মান-তিব্বতীয় ভাষা। দেউৰী জনগোষ্ঠীৰ অন্তৰ্ভুক্ত তিনিটা প্ৰধান বংশৰ ভিতৰত কেৱল দিবঙীয়া (Dibongya) নামৰ ঠালটোয়েহে দেউৰী ভাষা বৰ্তাই ৰাখিছে।

হালনাগাদ: ১৩ ছেপ্তেম্বৰ ২০২৬ ৪৯১ শব্দ · ৩ মিনিট সংগৃহীত ৮০
সংশোধনৰ পৰামৰ্শ

দেউৰী ভাষা হৈছে উত্তৰ-পূব ভাৰতৰ অসম আৰু অৰুণাচল প্ৰদেশৰ অধিবাসী দেউৰী জনগোষ্ঠীৰ লোকসকলৰ দ্বাৰা ব্যৱহৃত চীনা-তিব্বতীয় ভাষা ভাষা পৰিয়ালৰ অন্তৰ্গত এটা মান-তিব্বতীয় ভাষা।১ দেউৰী জনগোষ্ঠীৰ অন্তৰ্ভুক্ত তিনিটা প্ৰধান বংশৰ ভিতৰত কেৱল দিবঙীয়া (Dibongya) নামৰ ঠালটোয়েহে দেউৰী ভাষা বৰ্তাই ৰাখিছে। অন্য দুটা ঠাল ক্ৰমে টেঙাপনীয়া (Tengaponia) আৰু বৰগঞা (Borgoyan)-ই অসমীয়া ভাষা গ্ৰহণ কৰিছে। ইয়াৰ বিপৰীতে দিবঙীয়াসকলৰ মাজত দেউৰী ভাষাৰ প্ৰভাৱ সৰ্বাত্মক। অতীজতে উজনি আৰু উত্তৰ অসমত দেউৰী ভাষাই মূল ভাষা আছিল।২ ভাৰতৰ ভাষাগত সমীক্ষা (১৮৯৮-১৯২৮)-ৰ তথ্য অনুসৰি, দেউৰী ভাষা (চুতীয়া ভাষা হিচাপে চিহ্নিত) হৈছে বড়ো-কছাৰী ভাষাগোষ্ঠীৰ প্ৰত্নতাত্ত্বিকভাৱে সৰ্বপ্ৰাচীন ৰূপ। ডিমাছা ভাষাৰ সৈতে দেউৰী ভাষাৰ এক নিকট সম্পৰ্ক আছে, কিন্তু বৈয়াকৰণিক পদ্ধতিৰ ফালৰ পৰা দেউৰী ভাষা নিশ্চিতভাৱে অধিক আদিকালীন।৩

পি. আৰ. টি. গৰ্ডন (১৯০৩)-ৰ মত অনুসৰি, দেউৰী-চুতীয়া ভাষাৰ অসমৰ মৰাণ ভাষাৰ সৈতে সাদৃশ্য আছে। বহুক্ষেত্ৰত এইভাৱেও কোৱা হয়, মৰাণ ভাষাটো প্ৰকৃতপক্ষে দেউৰী আৰু অসমীয়া ভাষাৰ মাজত সাঁকো হিচাপে কাম কৰা এক অনূদিত ভাষাহে।

দেউৰী ভাষা অৰুণাচল প্ৰদেশৰ লোহিত জিলা আৰু অসমৰ লখিমপুৰ জিলা, ধেমাজি জিলা, তিনিচুকীয়া জিলা, যোৰহাট জিলা আৰু মাজুলী জিলাৰ দেউৰী অধিবাসীসকলে ব্যৱহাৰ কৰে। প্ৰাচীন কালত দেউৰী ভাষাই উজনি আৰু উত্তৰ অসমৰ মৌলিক ভাষা আছিল।

দেউৰী অসমৰ প্ৰভাৱশালী ভাষাসমূহৰ অন্যতম আৰু উজনি অসমত অসমীয়া ভাষাৰ বিকাশত ই এক গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছিল।

দেউৰী-চুতীয়া ভাষাৰ লগতে আন আন কছাৰী ভাষাত "দি" ("Di/Dji") শব্দৰ অৰ্থ হৈছে পানী। উল্লেখ্য যে, উজনি অসম আৰু উত্তৰ অসমৰ বেছিসংখ্যক মুখ্য নৈৰ নামৰ আদ্যাক্ষৰ "দি"। দিবাং, দিচাং, দিখৌ, ডিক্ৰং, ডিকৰাই, দিহিং, দিগাৰু, ডিফলু, ডিমৌ, দিচৈৰ দৰে নৈৰ নামসমূহৰ পৰা এই কথা অনুমান কৰা হয় যে, এই গোষ্ঠীৰ অন্তৰ্ভুক্ত লোকসকল এই সমগ্ৰ অঞ্চলত প্ৰভাৱশালী আৰু কৰ্তৃত্বপূৰ্ণ আছিল। ইতিহাসৰ তথ্য অনুসৰি চুতীয়া জনগোষ্ঠীৰ ৰাজনৈতিক শক্তি আৰু সভ্যতাৰ প্ৰাচীনতম পীঠ আছিল শদিয়া৷৪ অৱশ্যে, দেউৰী ভাষা অন্তৰ্ভুক্ত হৈ থকা চীনা-তিব্বতীয় ভাষাগোষ্ঠীৰ শাল শাখাৰ আন কেইবাটাও ভাষাতো পানী বুজাবলৈ "দি" শব্দ ব্যৱহাৰ কৰা হয়। গতিকে, দেউৰীসকলেই এই অঞ্চলৰ সৰ্বপ্ৰথম অধিবাসী হিচাপে প্ৰতীয়মান কৰিবলৈ এয়া অকাট্য সাক্ষ্য নহয়।৫

শব্দভাণ্ডাৰ

দেউৰী ভাষা আৰু অসমীয়া ভাষাত সদৃশ কেইটামান শব্দ হৈছে:

দেউৰী শব্দঅসমীয়া শব্দইংৰাজী অৰ্থ
খাংখংAnger
আৰ্চিংআৰ্চিMirror
আওঁজাআওঁজাRest
আটিৰুআটিHighland
পুলুঙাপুলুঙাStraight
লাকিয়ালেখিয়াSimilar
জোংজোংSpear
মিজিমামিহিSmooth
অঁঅঁYes
নুমইনুমলীLittle girl
নৰানিনৰাStraw
দোংদোংIrrigation Channel
ডেকাগুডেকাYoung man
কলাহাচকলাখাৰAlkaline prepared from banana stem
খৰিচাখৰিচাBamboo Shoot
বিচুবিহুFolk Festival of Assam
এনালিTroubles
টাংগোনটাঙোনBeating Stick
বৌতৰবতৰWeather
হাঁফলুহাঁফলুOut Hill
জখলাজখলাLadder
হোজাহোজাSimple
জীয়ৰীজীয়ৰীGirl
উয়ুংউঁইTermite
ডোখৰডোখৰPiece of cut off
মেনামেনাCrooked
হেবাংহেবাংSilly
বোন্দাবোন্দাMale cat
চাংচাংPlatform
সেওসেওHabit
মেলিমেলিOpen
লফালফাA type of green-leafy vegatable
খাউফিউফিDandruff
আপাআপাBoys
মেদালিমাদলিA type of Assamese Jewellery
জাকৈজাকৈFishing tool
খালৈখালৈBasket
দাঁতিদাঁতিBorder
দলংদলংBridge
কেটেঙাকেটেঙাThin/Feeble
চুটুগাচুটিShort
হিচৰিহুঁচৰিBihu Carol/Husori
ঢেকীঢেঁকীGrinding tool
হাটাহেটাSpatula
হাজিয়াহাজিৰাLabor
আগুআঁঠুKnee
কাকাইBrother
জিকুজেকাWet
গিলাঘিলাKnee cap
এৰীএৰীEri silk
গাৰুগাৰুPillow
গুমৰুৱাগুবৰুৱাBeetle
হাঁচুহাঁচিSneeze
হামিহামিYawn
সুগৰাসুগৰী, সোগোৰাA Deer species
কেৰাকেৰাDisplaced eye
কেতুৰীকেতুৰীA kind of turmeric
কেকোঁৰাকেকোঁৰাCrooked
ককিৰিকেকোঁৰাCrab
মাগুৰমাগুৰCat fish
চগুণশগুণVulture
সৰুসৰুSmall
টেমীটেমীContainer
চুণচুণLime
বৰলাবৰলাWidower
বেচনীবিচনীHandfan
জেংজেংBush
পেইপেহীAunty
জাবৰজাবৰWaste
কুচীয়াকুচীয়াEel
কেৰ্কেটুৱাকেৰ্কেটুৱাSquirrel
ফচলাপচলাBanana stem
ঘৰালিগৰালCage
গচকগচকStep
উশাহউশাহBreath
ঢেকীয়াঢেকীয়াFern
আমটুআমঠুHeart
গুৱাগুৱাAreca nut
হিলৈহিলৈGun
চুৰুকাচুৰুকাClean
সেৰেকাসেৰেকাTasteless
কুদুনাখুন্দনাGrind
টাকোনটোকোনStick
জ'বুৰাVegetable curry
খাৰলিখাৰলিMustard paste
লিকটালিকটাSticky
শাওশাওCurse
উমনিউমনিIncubate
উবিৰিবাউবুৰি হোৱাLying chest down
চেৰেং-চেৰেংচেৰেং-চেৰেংExcessive heat of sun
ৰ'বজুৰ'ব/ৰ'বাWait

অধিক তথ্যৰ বাবে পঢ়ক

  • Acharyya, Prarthana & Shakuntala Mahanta. 2019. Language vitality assessment of Deori: An endangered language. Language Documentation & Conservation 13: 514-544.
  • Acharyya, Prarthana & Shakuntala Mahanta. (2018). Production and perception of lexical tone in Deori. Sixth International Symposium on Tonal Aspects of Languages (TAL), June 18–20, 2018, Berlin, Germany. 93–97. doi:10.21437/TAL.2018-19 .
  • Goswami, Upendranath. (1994). An introduction to the Deori language. Guwahati: Anundoram Borooah Institute of Language, Art, and Culture.
  • Jacquesson, François. (2005). Le Deuri: Langue Tibéto-Birmane d’Assam. Leuven: Peeters Publishers.
  • Mahanta, Shakuntala, Indranil Dutta, & Prarthana Acharyya. (2017). Lexical tone in Deori: loss, contrast, and word-based alignment. In Honeybone, Patrick, Julian Bradfield, Josef Fruehwald, Pavel Losad, Benjamin Ress Molin- eaux, & Michael Ramsammy (eds.), Papers in Historical Phonology 2. 51–87. doi:10.2218/pihph.2.2017.1906.
  • Nath, Arup Kumar. (2010). A lexico semantic study of Tiwa and Deori: Two endangered languages of the Tibeto Burman Family. New Delhi: Jawaharlal Nehru University (Doctoral dissertation). hdl.handle.net/10603/31796.
  • Saikia, Sangeeta. (2012). A socio-linguistic survey of Deori speech community. Gauhati: Gauhati University (Doctoral dissertation).
  • Saikia, Sangeeta. (2013). Deuri Asomar Bhasha. In Devy, Ganesh Narayandas (ed.), Peoples Linguistic Survey of India 5(2). 3-15. India: Orient Blackswan Private Limited.

তথ্যসূত্ৰ

  1. ↑ Acharyya, Prarthana; Mahanta, Shakuntala. (2019-09-01). Language vitality assessment of Deori: An endangered language. Language Documentation & Conservation. পৃ. 514–544
  2. ↑ Brown, William Barclays. (2015). An Outline grammar of the Deori Chutiya language spoken in Upper Assam
  3. ↑ Grierson, George, Linguistic Survey of India(Volume 3-2), p. 118.
  4. ↑ Endle 1911, পৃ. 4
  5. ↑ Coupe, Alexander R.; Kratochvíl, František. (2020). Asia before English. The Handbook of Asian Englishes. John Wiley & Sons, Ltd. পৃ. 13–48. ISBN 978-1-118-79188-2

সম্পৰ্কিত শ্ৰেণী

অসমৰ ভাষা আৰু লিপিভাৰতৰ ভাষাভাষা

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “দেউৰী ভাষা” প্ৰবন্ধৰ সংশোধন ৬৩৫২৪৮ (১৩ ছেপ্তেম্বৰ ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।