ডিমাছা ভাষা (Dimasa Language) ভাৰতৰ অসম বিভিন্ন ঠাইত যেনে, নগাঁও, কাৰ্বি আংলং জিলা, ডিমা হাছাও জিলা আৰু নাগালেণ্ড ৰাজ্যৰ ডিমাছা জনগোষ্ঠী জনগোষ্ঠী সকলৰ মাতৃভাষা। ডিমাছাসকল ঘাইকৈ ডিমা হাচাও (পূৰ্বৰ ডিমা হাছাও জিলা) জিলাত বাস কৰে৷ ডিমাছাসকল অসমৰ আদিম অধিবাসীসকলৰ অন্যতম৷ ডিমাছাসকল তিব্বত-বৰ্মী শাখাৰ বড়োসকলৰ সৈতে প্ৰায় একেধৰণৰ ফৈদ। 'ডিমাছা' শব্দৰ অৰ্থ হৈছে 'ডি: পানী, মা: বৃহৎ, ছা: সন্তান' অৰ্থাৎ ডাঙৰ নৈৰ সন্তান।১ আদিতে ডিমাছাসকল দিখৌ আৰু ধনশিৰি নৈৰ মাজত বাস কৰিছিল। পাছত ৰাজনৈতিক কাৰণত তেওঁলোক তাৰ পৰা উঠি গৈ উত্তৰ কাছাৰ জিলাত বসবাস কৰিবলৈ লয়।২৩
ডিমাছা ভাষাৰ বৈশিষ্ট্য
ডিমাছাসকলে কোৱা ডিমাছা ভাষাৰ নিজা লিপি নাই। ডিমাছা ভাষা তিব্বত-বৰ্মী ভাষা ফৈদৰ৷ তিব্বত বৰ্মী ভাষাসমূহৰ কিছুমান উমৈহতীয়া বৈশিষ্ট্য দেখা যায়৷
- জনজাতিসকলে তেওঁলোকৰ ভাষা নিজৰ জাতিৰ মানুহৰ মাজতে আৱদ্ধ ৰাখে৷
- জনজাতিসমূহৰ ভাষা প্ৰায়ক্ষেত্ৰতে দূৰ্বোধ্য৷
- ভাষাসমূহ সুৰপ্ৰধান৷
- স্বৰবৰ্ণৰ হ্ৰস্ব-দীৰ্ঘৰ ৰূপ সুকীয়া সুকীয়া৷
- এই ভাষাবোৰৰ নিজা লিপি নাই৷ কিছুমানে দেৱনাগৰী লিপি লিপি আৰু কিছুমানে ৰোমান লিপিৰে নিজৰ ভাষা বৰ্তাই ৰখাৰ চেষ্টা কৰিছে৷৪
আন্তঃভাষিক সম্পৰ্ক
ডিমাছাসকলৰ পূৰ্বপুৰুষসকলে উজনি অসমত ৰাজত্ব কৰিছিল৷ তাৰ প্ৰমাণ স্বৰূপে “ডি’’ আখৰযুক্ত নামবোৰে প্ৰমাণ৷ নৈ আৰু ঠাইৰ নামবোৰৰ প্ৰায়বোৰেই ডি-যুক্ত; যেনে: ডিখৌ, ডিমৌ, ডিব্ৰু, ডিবাং আদি অনেক শব্দ আছে৷ বড়ো-কছাৰী জনগোষ্ঠীৰ আটাইবোৰ ঠালৰ ভিতৰত ডিমাছা ভাষা সুচল৷ ডিমাছা ভাষাই অইন জনজাতীয় ভাষাৰ সহায় নোলোৱাকৈ ভাব প্ৰকাশ কৰিব পাৰে৷ অসমীয়া ভাষাত ডিমাছা ভাষাৰ বহুতো শব্দ-সম্ভাৰ কিছুমান পৰিবৰ্তিত ৰূপত আৰু কিছুমান অবিকল ৰূপত সোমাই আছে৷৫
অসমীয়া আৰু ডিমাছা ভাষা
অসমীয়া ভাষা বিভিন্ন ভাষাৰ সংমিশ্ৰণত গঢ়ি উঠা ভাষা৷ একেই ভৌগলিক ভূখণ্ডত থকা কাৰণে ডিমাছা ভাষাৰো বহু শব্দ সম্ভাৰ অসমীয়া ভাষাত সোমাইছে আৰু বহু অসমীয়া শব্দও ডিমাছা ভাষাৰ মাজত নিগাজী হৈ পৰিছে৷ ডিমাছা ভাষাৰ লিপি সম্পৰ্কে এতিয়াও মতদ্বৈধতা আঁতৰা নাই৷ কোনোৱে বাংলা লিপি, কোনোৱে অসমীয়া লিপি, কোনোৱে দেৱনাগৰী আৰু আন কিছুমানে ৰোমান লিপি গ্ৰহণ কৰাৰ সপক্ষে থকা বাবে স্থিৰ সিদ্ধান্তত এতিয়াও আহিব পৰা নাই৷ অৱশ্যে নিৰূপমা হাগজেৰে ডিমাছা ভাষাৰ লিপি আদিতে অসমীয়াই আছিল বুলি বিভিন্ন তথ্য দাঙি ধৰিছে৷ মাইবঙত কছাৰী ৰজা মেঘনাৰায়ণৰ ৰাজত্বৰ কালৰ প্ৰস্তৰ লিপিত থকা “ৰ’’ আখৰ অসমীয়া “ৰ’’ৰ সৈতে একেই৷ মহাৰাজ কৃষ্ণচন্দ্ৰ নাৰায়ণ আৰু গোবিন্দ চন্দ্ৰ নাৰায়ণে লিখা পুথিতো “ৰ’’ ব্যৱহাৰ কৰিছিল৷৬ সাহিত্যিক নিৰূপমা হাগজেৰে শেষলৈ অসমীয়া লিপিকে তেওঁ লিখাৰ মাধ্যম কৰি লৈ কেইবাখনো কিতাপ লিখে৷ ডিমাছা ভাষাত অসমীয়া বৰ্ণৰ উচ্চাৰণো প্ৰায় একেই৷ মাত্ৰ শ, ষ, আৰু স ধ্বনি চ আৰু ভ ধ্বনি ব উচ্চাৰণ কৰা হয়৷ যেনে, সিংহ>চিং, সুখ>চুখ, ভাদ>বাদাও, ভাটৌ> বাথৌ আদি৷৭
ডিমাছা ভাষাৰ অভিধান
কাছাৰ জিলাৰ পুলিছ চুপাৰিণ্টেণ্ডেণ্ট W.C.M. Dundasএ ১৯০৮ চনত Outline Grammar And Dictionary নামেৰে এখনি অভিধান লিখে৷ তাৰপিছত, মণিচৰণ বৰ্মনে “হৈড়ম্ব ভাষা প্ৰৱেশ’’ নামৰ বঙালী ভাষা ভাষাত লিখা ডিমাছা শব্দকোষ লিখে৷ ১৯৯২ চনত গড়কাপ্তানী বিভাগৰ ইঞ্জিনিয়াৰ শ্ৰী নগেন্দ্ৰনাথ বৰুৱাই “ ডিমাছা ভাষাৰ ভঁৰাল’’ নামে এখনি অভিধান লিখে আৰু ২০০৫ চনত প্ৰকাশ পায়, নিৰূপমা হাগজেৰে লিখা “ডিমাছা গ্ৰাউৰেণ’’ নামৰ অভিধানখন৮ অসমীয়া ভাষাত লিখা আৰু ডিমাছা ভাষাৰ অসমীয়া অৰ্থ দিয়া হৈছে৷
তথ্যসূত্ৰ
- ↑ উত্তৰ কাছাৰ পাহাৰৰ লোকসংস্কৃতি, ধৰ্মেশ্বৰ দুৱৰা, পৃ:নং; ১, প্ৰকাশক: সঞ্চালক, সাংস্কৃতিক সঞ্চালকালয়, অসম, ১৯৮৮
- ↑ ভাষাতত্ত্ব, দীপ্তি ফুকন পাটগিৰি, পৃ:নং; ৯২,বনলতা, ২০০২
- ↑ চিফুং বাঁহীৰ সুৰ, বিষ্ণুপ্ৰসাদ ৰাভা ৰচনা-সম্ভাৰ, (দ্বিতীয় খণ্ড) পৃ: নং; ৯৪৭, প্ৰকাশক: ড° সৰ্ব্বেশ্বৰ বড়া, ৰাভা ৰচনাৱলী প্ৰকাশন সংঘ, ২০০৮
- ↑ ভাষাৰ ইতিবৃত্ত, ড° ভীমকান্ত বৰুৱা, পৃ:নং; ১২৬ বনলতা, ২০০২
- ↑ ডিমাছা সমাজৰ ইতিবৃত্ত আৰু লোকাচাৰত এভূমুকি, নিৰূপমা হাগজেৰ, পৃ:নং; ৬৩, ২০০৯ চন
- ↑ ডিমাছা সকলৰ অতীত আৰু বৰ্তমান, নিৰূপমা হাগজেৰ, ডিমাছা সমাজৰ ইতিবৃত্ত আৰু লোকাচাৰত এভূমুকি, পৃ:নং; ৪৫, ২০০৯ চন
- ↑ অসমত সংযোগী ভাষাৰ প্ৰাসংগিকতা আৰু অসমীয়াৰ সাৰ্বজনীন ৰূপ, ড° উপেন ৰাভা হাকাচাম, দকচিৰি, যোৰহাট জিলা সাহিত্য সভাৰ স্মাৰক গ্ৰন্থ, ২০০৯
- ↑ ডিমাছা গ্ৰাউৰেণ, নিৰূপমা হাগজেৰ, পাতনি, ২০০৫
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “ডিমাছা ভাষা” প্ৰবন্ধৰ সংশোধন ৪৫২৩১৩ (৮ ডিচেম্বৰ ২০২৪)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।