উত্তৰাখণ্ডৰ ব্যক্তি
৭ প্ৰবন্ধ
-
জুবিন নৌটিয়াল
জুবিন নৌটিয়াল (জন্ম: ১৪ জুন ১৯৮৯) এগৰাকী ভাৰতীয় নেপথ্য কণ্ঠশিল্পী আৰু সংগীত পৰিবেশক। ২০২২ চনৰ জুন মাহত তেওঁ “ৰাতাঁ লাম্বিয়াঁ” গীতটোৰ বাবে “নেপথ্য কণ্ঠশিল্পী (পুৰুষ)”ৰ বাবে আইফা বঁটা লাভ কৰে।
-
চিত্ৰাশী ৰাৱট
চিত্ৰাশী ৰাৱট (Chitrashi Rawat) এগৰাকী ভাৰতীয় মডেল, ৰাষ্ট্ৰীয় পৰ্যায়ৰ খেলুৱৈ আৰু অভিনেত্ৰী। ২০০৭ চনত ‘চক দে ইণ্ডিয়া’ ছবিখনত কোমল চৌটালাৰ চৰিত্ৰত অভিনয় কৰি তেওঁ পৰিচিতি লাভ কৰিছিল। চিত্ৰাশী এগৰাকী হকী খেলুৱৈ। ১৭ বছৰ বয়সৰ পৰাই হকী খেলিবলৈ আৰম্ভ কৰিছিল। তেওঁ বাওঁফালৰ ষ্ট্ৰাইকাৰ হিচাপে খেলিছিল।
-
অংশুলা কান্ত
অংশুলা কান্ত (Anshula Kant, জন্ম: ৭ ছেপ্টেম্বৰ ১৯৬০) এগৰাকী ভাৰতীয় বেংকাৰ। বৰ্তমান তেওঁ বিশ্ব বেংক গোটৰ মুখ্য বিত্তীয় বিষয়া আৰু পৰিচালনা সঞ্চালক। ২০১৯ চনৰ ১২ জুলাই তাৰিখে তেওঁ এই পদত নিযুক্তি লাভ কৰিছিল।
-
বীৰ দাস
বীৰ দাস (Vir Das; জন্ম: ৩১ মে' ১৯৭৯) এজন ভাৰতীয় কমেডিয়ান, অভিনেতা আৰু সংগীতশিল্পী। ষ্টেণ্ডআপ কমেডীত কেৰিয়াৰ আৰম্ভ কৰাৰ পিছত দাসে বদমাছ কোম্পানী (২০১০), দিল্লী বেলি (২০১১), আৰু গ' গোৱা গ'ন (২০১৩) আদি ছবিত সহযোগী চৰিত্ৰত অভিনয় কৰি হিন্দী চিনেমাত কিছু পৰিচয় অৰ্জন কৰে।
-
উমা ভট্ট
উমা ভট্ট (জন্ম ১৯৫২) এগৰাকী ভাৰতীয় শিক্ষাবিদ, লেখিকা আৰু মহিলাকেন্দ্ৰিক আলোচনী উত্তৰাৰ প্ৰতিষ্ঠাতা-সম্পাদক। তেওঁ নিজৰ গৃহৰাজ্য উত্তৰাখণ্ডৰ ৰাজনৈতিক আৰু সামাজিক বিষয়ত সক্ৰিয়ভাৱে জড়িত।
-
মেৰী ফেণ্টন
মেৰী ফেণ্টন বা মেহেৰবাই (Mary Fenton; ১৮৫৪-১৮৯৬) এগৰাকী ইউৰোপীয় মূলৰ গুজৰাটী, পাৰ্চী আৰু উৰ্দু থিয়েটাৰৰ অভিনেত্ৰী আছিল। ব্ৰিটিছ সেনা বাহিনীৰ এজন আয়াৰলেণ্ড দেশীয় সেনা মেথিউ ফেণ্টনৰ জীয়ৰী আছিল। তেওঁ পাৰ্চী অভিনেতা, পৰিচালক কাভাছজী পালানজী খাটাউৰ সৈতে তেওঁৰ প্ৰেমবিবাহ হৈছিল।
-
স্বৰাজ বিদ্বান
স্বৰাজ বিদ্বান (Swaraj Bidwan) এজন ভাৰতীয় সমাজকৰ্মী আৰু অপ্ৰতিনিধিত্বশীল লোকৰ কৰ্মী। ৰাষ্ট্ৰীয় অনুসূচিত জাতি আয়োগৰ প্ৰাক্তন সদস্য ৷ দুৰ্বল আৰু প্ৰান্তীয় গোটৰ সৈতে কৰা কামৰ বাবে ভাৰত চৰকাৰে তেওঁক নাৰী শক্তি সন্মানেৰে সন্মানিত কৰে।