বজৰংগী ভাইজান (Brother Bajrangi) কবীৰ খানৰ দ্বাৰা পৰিচালিত এখন ভাৰতীয় ড্ৰামা চলচ্চিত্ৰ।১ কে ভি ৱিজয়েন্দ্ৰ প্ৰসাদৰ দ্বাৰা লিখিত এই ছবি চলমান খান আৰু ৰকলাইন ভেংকতেশৰ দ্বাৰা নিৰ্মিত।২৩৪
চলমান খান, হৰ্ষালী মলহোত্ৰা, কৰীণা কাপোৰ, নাৱাজুদ্দিন ছিদ্দিকী এই ছবিৰ মুখ্য চৰিত্ৰ।৫৬ ছবিখন সমগ্ৰ বিশ্বতে ১৭ জুলাই ২০১৫ চনত মুকলি কৰা হ'ল ঈদৰ দিনা।৭৮
পটভূমি
ছবিখনৰ আৰম্ভণিত ওলায় ভাৰত-পাকিস্তানৰ ক্ৰিকেট খেল চাই থকা এটি পাকিস্তানী মুছলমান পৰিয়াল। ছাহিদ আফ্ৰিদিয়ে পাকিস্তানক বিজয়ী কৰাৰ সময়তে এজনী গৰ্ভৱতী মহিলা (মেহেৰ ভিজ)ৰ পেটৰ কেঁচুৱাই গোৰ মাৰে। তেওঁ সেই কেঁচুৱাৰ (কন্যা)ৰ নাম ছাহিদা (হৰ্ষালী মলহোত্ৰা) ৰাখে। কেইবছৰমানৰ পিছত বোবা ছাহিদাৰ মাত আনিবলৈ মাকে তায়ে যায় দিল্লীৰ নিজামুদ্দিন দৰগাহ। পিচে, ছাহিদা ভাৰততে হেৰাই যায়। মাক গৈ পাকিস্তান পায়।
কুৰুক্ষেত্ৰত হনুমানৰ ভক্ত এজন হিন্দু যুৱক পৱন কুমাৰ চতুৰ্ৱেদী (ছলমান খান)এ তাইক পাই। পৱনে ছোৱালীজনী হিন্দু আৰু মাক-বাপেকৰ পৰা পৃথক হোৱা বুলি ভাবি তাইক আশ্ৰয় দিয়ে।
ছাহিদাৰ নাম জানিব নোৱাৰি পৱনে তাইক মুন্নী নাম দিয়ে। দিল্লীৰ বাছত পৱনে নিজৰ কাহিনী সকলোকে শুনায়। তেওঁ নিজৰ দেউতাকৰ বন্ধু আৰু তেওঁ বিবাহ কৰিব বিচৰা ৰছিকা (কৰীণা কাপোৰ)ৰ ঘৰত থাকে। তেওঁ মুন্নীকো তেওঁৰ লগতে ৰাখে।
চৰিত্ৰ আৰু অভিনেতা
- পৱন কুমাৰ চতুৰ্ৱেদী-- চলমান খান
- ছাহিদা/ মুন্নী-- হৰ্ষালী মলহোত্ৰা
- ৰছিকা-- কৰীণা কাপোৰ
- চান্দ নৱাব (পাকিস্তানী সাংবাদিক)-- নাৱাজুদ্দিন চিদ্দিকী
- ছাহিদাৰ মাহ-- মেহেৰ ভিজ
- --নজীম খান
- যাত্ৰী-- কমলেশ গিল
- মৌলানা চাহিব-- ওম পুৰী (গেষ্ট এপিয়াৰেঞ্চ)
- দয়ানন্দ (ৰছিকাৰ দেউতাক)-- ছৰৎ ছক্সে'না
- ৰছিকাৰ মাক-- অলকা কৌছল
- আদনান ছামি (গেষ্ট এপিয়াৰেঞ্চ)
- বজৰংগীৰ দেউতাক-- অটুল শ্ৰীৱাস্তৱ
তথ্যসূত্ৰ
- ↑ Bajrangi Bhaijaan: 5 reasons this is a Rs 500 crore Salman Khan film: Bollywood, News – India Today. Indiatoday.intoday.in (19 June 2015). Retrieved on 19 July 2015
- ↑ Eros International acquires global distribution rights of Salman Khan's Bajrangi Bhaijaan and Hero | Bollywood News | Hindi Movies News | News. BollywoodHungama.com (8 December 2014). Retrieved on 19 July 2015
- ↑ (10 July 2015). If you want to see India bashing Pakistan then don't watch Bajrangi Bhaijaan: Salman Khan. Express Tribune
- ↑ Bajrangi Bhaijaan Movie Review . Glamsham (18 May 2015). Retrieved on 19 July 2015
- ↑ (5 September 2014). Salman Khan to stay away from politics in Kabir Khan's Bajrangi Bhaijaan?. বলিউড হাংগামা
- ↑ Why Harshaali Malhotra not Salman Khan is the real star of Bajrangi Bhaijaan. Dailyo.in. Retrieved on 19 July 2015
- ↑ (6 November 2014). First Look: Salman Khan, Kareena Kapoor on sets of Bajrangi Bhaijaan. হিন্দুস্তান টাইমছ
- ↑ On way to box-office triumph BAJRANGI BHAIJAAN will smash records, left right and centre. Glamsham
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “বজৰংগী ভাইজান” প্ৰবন্ধৰ সংশোধন ৪০৩১৩২ (২১ জানুৱাৰী ২০২৪)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।