চামেলি মেমচা'ব (Madame Chameli) হৈছে ১৯৭৫ চনত মুক্তিপ্ৰাপ্ত সেউজ বোলছবি সন্থা প্ৰযোজিত আৰু আব্দুল মজিদ পৰিচালিত এখন ক'লা-বগা অসমৰ চলচ্চিত্ৰ। অসমৰ চাহ বাগিছাৰ পটভূমিত নিৰ্মিত চলচ্চিত্ৰখনত চাহ বাগিচাৰ এজন ব্ৰিটিছ মালিক আৰু বাগিছাখনত কাম কৰা এগৰাকী স্থানীয় শ্ৰমিক যুৱতীৰ প্ৰেম কাহিনী দেখুওৱা হৈছে। চলচ্চিত্ৰখনৰ মুখ্য চৰিত্ৰত অভিনয় কৰে বঙালী অভিনেতা জৰ্জ বেকাৰ আৰু বিনীতা বৰগোহাঁয়ে।১ লিখক সাংবাদিক নিৰোদ চৌধুৰীৰ এটি চুটিগল্পৰ আধাৰত কাহিনীটো নিৰ্মিত।২
চলচ্চিত্ৰখন সমালোচকৰদ্বাৰা প্ৰশংসিত হোৱাৰ উপৰিও ৰাইজৰো সমাদৰ লাভ কৰে আৰু মুখ্য অভিনেতা বেকাৰে খুব জনপ্ৰিয়তা লাভ কৰে।৩ ১৯৭৫ চনত এই চলচ্চিত্ৰখনৰ বাবে ভূপেন হাজৰিকাই শ্ৰেষ্ঠ সংগীত পৰিচালকৰ ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা লাভ কৰে আৰু চলচ্চিত্ৰখনে অসমীয়া ভাষাৰ শ্ৰেষ্ঠ ছবিৰ ৰাষ্ট্ৰীয় বঁটা লাভ কৰে।৪ ২০১৩ চনত গোৱাত অনুষ্ঠিত ৪৪তম ভাৰতৰ আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱৰ “Focus: North East” শাখাত চলচ্চিত্ৰখন প্ৰদৰ্শিত হয়।৫
১৯৭৮ চনত এই ছবিখনৰ 'চামেলী মেমসাহেব' নামেৰে এটা বঙালী সংস্কৰণ নিৰ্মাণ কৰা হয়। জৰ্জ বেকাৰে বঙালী সংস্কৰণটোতো নায়কৰ ভূমিকা লৈছিল। নায়িকা আছিল ৰাখী।৬৭
কাহিনী
চাহ বাগানত নতুনকৈ যোগদান কৰা পাঠশালা স্কুলৰ শিক্ষক এজনৰ লগত অলপ আচহুৱা প্ৰকৃতিৰ ব্ৰিটিছ চাহাব বাৰ্কলীৰ সৈতে চিনাজনা হয়। বাৰ্কলী এসময়ত সেইখন বাগানৰে মেনেজাৰ আছিল। তেওঁৰ পত্নী চামেলিয়ে আত্মহত্যা কৰিছিল। পত্নীৰ মৃত্যুৰ পিছত তেওঁ চাকৰি এৰিছিল যদিও বাগান এৰি গুছি যোৱা নাছিল। স্থানীয় সমাজখনে তথা চামেলিৰ মাকে চামেলিৰ মৃত্যুৰ বাবে তেওঁকে দোষী সাৱ্যস্ত কৰিছিল।৪
চামেলি একেখন বাগানৰে চৰ্দাৰৰ জীয়েক আছিল। বাৰ্কলী চাহাবে তাইৰ প্ৰেমত পৰিছিল আৰু সকলোৰে বিৰোধৰ পিছততো তাইক পত্নীৰূপে গ্ৰহণ কৰিছিল। গৰ্ভৱতী অৱস্থাতে তাইৰ কুষ্ঠৰোগ ধৰা পৰে। কুষ্ঠৰোগ সেই সময়ত দুৰাৰোগ্য ৰোগ আছিল। সময়ত তাই এজনী ছোৱালী সন্তান জন্ম দিয়ে। কিন্তু জন্মৰ পিছতে সন্তানটোক বাৰ্কলী চাহাবে তাইৰ পৰা আঁতৰাই ৰাখে, যাতে মাকৰ গাত থকা ৰোগ জীয়েকৰ গালৈ নসোঁচৰে। সন্তানটোক চাবলৈ আকুল হেঁপাহ; অথচ তাইৰ মানসিক অৱস্থাটোক বাৰ্কলী চাহাবে বুজি নাপায়। ফলস্বৰূপে তাই আত্মহত্যাৰ দৰে এক কঠোৰ সিদ্ধান্ত লৈ পেলালে।৪
বাৰ্কলীয়ে কিয় এতিয়াও বাগান এৰি যোৱা নাই, সেইবিষয়ে শিক্ষকজনে জানিব বিচৰাত তেওঁ কয় যে তেওঁৰ জীয়ৰী শাৰীৰিক ভাবে বাধাগ্ৰস্থ। ডাক্তৰে কৈছে, তাই আৰু ভাল নহয়। তাইৰ শেষ দিনটোলৈ তেওঁ এতিয়া অপেক্ষা কৰি আছে।৪
অভিনয়ত
- জৰ্জ বেকাৰ (চৰিত্ৰ- বাৰ্কলী)
- বিনীতা বৰগোহাঁই (চৰিত্ৰ- চামেলি)
- আব্দুল মজিদ৮(চৰিত্ৰ- মংলু)
- হৰেশ দত্ত
কলা-কুশলী
- কাহিনী - নিৰোদ চৌধুৰী
- চিত্ৰনাট্য/পৰিচালনা - আব্দুল মজিদ
- সংগীত পৰিচালনা/গীতৰ কথা - ভূপেন হাজৰিকা
সংগীত
চলচ্চিত্ৰখনৰ সংগীত পৰিচালনা আৰু গীতৰ কথা ভূপেন হাজৰিকাৰ।৯
সন্মান
- ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা, শ্ৰেষ্ঠ সংগীত পৰিচালনা, ভূপেন হাজৰিকা, ২৩তম ৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱ, ১৯৭৫। এই বঁটাত আছিল ৰজত কমল আৰু নগদ ১০,০০০ টকা।৪
- ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা, শ্ৰেষ্ঠ আঞ্চলিক ভাষাৰ চলচ্চিত্ৰ (অসমীয়া ভাষা), ১৯৭৫। এই বঁটাত ৰজত কমলৰ উপৰিও প্ৰযোজকলৈ নগদ ১০,০০০ টকা আৰু পৰিচালকলৈ নগদ ৫০০০ টকা আগবঢ়োৱা হৈছিল।৪
- ভাৰতৰ আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱৰ “Focus: North East” শাখাত প্ৰদৰ্শিত, ২০১৩৫
ৰিমেক
এই ছবিখনৰ বঙালী আৰু হিন্দী ভাষাত পুনৰ্নিমাণ হৈছিল। ইন্দৰ সেন পৰিচালিত বঙালী 'চামেলী মেমচাহেব' ১৯৭৮ চনত মুক্তি পাইছিল। বঙালী সংস্কৰণত বাৰ্কলেৰ চৰিত্ৰটো জৰ্জ বেকাৰেই ৰূপায়ণ কৰিছিল। নায়িকাৰ চৰিত্ৰটো ৰাখীয়ে কৰিছিল।৬ আনহাতে ১৯৮১ চনত মুক্তি পোৱা অজিত লাহিড়ী পৰিচালিত হিন্দী 'চামেলী মেমচাব'ত অভিনয় কৰিছিল মিথুন চক্ৰৱৰ্তী আৰু আভা ঢুলীয়াই।৭
বাহ্যিক সংযোগ
তথ্যসূত্ৰ
- ↑ (December 9, 2010). ‘Chameli Memsaab a memorable experience’. The Assam Tribune
- ↑ (1 January 2003). Asomiya: Handpicked Fictions. Katha. পৃ. 196. ISBN 978-81-87649-42-7
- ↑ (September 5, 2007). Chameli’s Saab returns to inaugurate film festival: Show organised at George Baker’s request. The Telegraph
- ↑ 23rd National Film Awards. Directorate of Film Festivals
- ↑ (November 10, 2013). Chameli Memsaab at 44th International Film Festival of India in Goa. India Tea
- ↑ 1978 Bangla Cinema Chameli Memsaheb
- ↑ 1981 Hindi Film Chamelee Memsaab
- ↑ Released Assamese Films. Enajori
- ↑ Chameli Memsaheb. Gaana
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “চামেলি মেমচা'ব” প্ৰবন্ধৰ সংশোধন ৪৬৬৯৩১ (২৯ জানুৱাৰী ২০২৫)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।