১৯৭৫ বৰ্ষৰ চলচ্চিত্ৰ
৮ প্ৰবন্ধ
-
চামেলি মেমচা'ব
চামেলি মেমচা'ব (Madame Chameli) হৈছে ১৯৭৫ চনত মুক্তিপ্ৰাপ্ত সেউজ বোলছবি সন্থা প্ৰযোজিত আৰু আব্দুল মজিদ পৰিচালিত এখন ক'লা-বগা অসমীয়া চলচ্চিত্ৰ। অসমৰ চাহ বাগিছাৰ পটভূমিত নিৰ্মিত চলচ্চিত্ৰখনত চাহ বাগিচাৰ এজন ব্ৰিটিছ মালিক আৰু বাগিছাখনত কাম কৰা এগৰাকী স্থানীয় শ্ৰমিক যুৱতীৰ প্ৰেম কাহিনী দেখুওৱা হৈছে।
-
খোজ (অসমীয়া চলচ্চিত্ৰ)
খোজ (Khoj) ১৯৭৫ চনৰ ফেব্ৰুৱাৰীত মুক্তি লাভ কৰা এখন ক'লা-বগা অসমীয়া চলচ্চিত্ৰ। ছবিখনৰ পৰিচালনা, প্ৰযোজনা, কাহিনী, চিত্ৰনাট্য,সংলাপ পুলক গগৈৰ। ভূপেন হাজৰিকাই সঙ্গীত পৰিচালনা কৰাৰ উপৰিও গীতো লিখিছে।
-
ৰতনলাল
ৰতনলাল (Ratanlal) ১৯৭৫ চনত মুক্তি পোৱা এখন ক’লা-বগা অসমীয়া নাট্যধৰ্মী চলচ্চিত্ৰ। অসম চাহ মজদুৰ সংঘই প্ৰযোজনা কৰা এই ছবিখন পৰিচালনা কৰিছে নলিন দুৱৰাই। ছবিখনৰ চিত্ৰগ্ৰহণো নলিন দুৱৰাৰ।
-
নিশান্ত
নিশান্ত (Nishant) ১৯৭৫ চনত মুক্তি পোৱা শ্যাম বেনেগালৰ পৰিচালনাত নিৰ্মিত এখন হিন্দী নাট্যধৰ্মী ছবি, যিখন বিশিষ্ট নাট্যকাৰ বিজয় তেণ্ডুলকাৰৰ মূল চিত্ৰনাট্যৰ আধাৰত নিৰ্মিত। ছবিৰ সংলাপ লিখিছে সত্যদেৱ ডুবেই।
-
আন্ধী (চলচ্চিত্ৰ)
আন্ধী ১৯৭৫ চনত সঞ্জীৱ কুমাৰ আৰু সুচিত্ৰা সেন অভিনীত আৰু পৰিচালক গুলজাৰ দ্বাৰা নিৰ্মিত এখন ভাৰতীয় ৰাজনৈতিক নাট্য ছবি। সেই সময়ত অভিযোগ কৰা হৈছিল যে ছবিখন তেতিয়াৰ প্ৰধানমন্ত্ৰী ইন্দিৰা গান্ধীৰ জীৱন আৰু বিচ্ছিন্ন স্বামীৰ সৈতে তেওঁৰ সম্পৰ্কৰ ওপৰত আধাৰিত, কিন্তু বাস্তৱত কেৱল পটভূমিটোহে ৰাজনীতিবিদ…
-
চোমানা দুদি
চোমানা দুদি ( Chomana Dudi; ಚೋಮನ ದುಡಿ; অনু. চোমাৰ ঢোল) বি. ভি. কাৰান্থ পৰিচালিত এখন কানাড়া ভাষাৰ ছবি। ছবিখনৰ চিত্ৰনাট্য বি. শিৱৰাম কাৰান্থে ৰচনা কৰা একে নামৰ উপন্যাসৰ আধাৰত ৰচনা কৰা হৈছে। ১৯৭৫ চনত মুক্তি পোৱা এই ছবিখনে শ্ৰেষ্ঠ পূৰ্ণদৈৰ্ঘ্য ছবিৰ ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা স্বৰ্ণকমল লাভ কৰে।
-
জয় সন্তোষী মা (চলচ্চিত্ৰ)
জয় সন্তোষী মা (Jai Santoshi Maa) ১৯৭৫ চনৰ ভাৰতীয় হিন্দী ভাষাৰ ভক্তিমূলক চলচ্চিত্ৰ। পৰিচালনা বিজয় শৰ্মাৰ আৰু ৰচনা আৰ. প্ৰিয়দৰ্শীৰ। সন্তোষী মা (সন্তোষী মাতা বুলিও কোৱা হয়) হৈছে সন্তুষ্টিৰ দেৱী।
-
জুলী (১৯৭৫ চলচ্চিত্ৰ)
জুলী (Julie) ১৯৭৫ চনৰ এখন হিন্দী ৰোমাণ্টিক ড্ৰামা ছবি, যাৰ পৰিচালনা আছিল কে. সেতুমাধৱনৰ আৰু ৰচনা আছিল চক্ৰপাণিৰ। ছবিখনত লক্ষ্মীয়ে নাম ভূমিকাত অভিনয় কৰিছিল আৰু এয়া অভিনেত্ৰীগৰাকীৰ প্ৰথম হিন্দী ছবিত অভিনয় আছিল।