চাঁওতাল
৫ প্ৰবন্ধ
-
চাঁওতালি ভাষা
চাঁওতালি বা সাঁওতালি, চাঁওতালী, সান্থালী ভাষা হ'ল অষ্ট্ৰো-এছীয় ভাষাপৰিবাৰৰ চাঁওতালি উপপৰিবাৰৰ এটি ভাষা। হো আৰু মুণ্ডাৰী ভাষাৰ লগত ইয়াৰ মিল আছে। ২০০১ চনৰ লোকপিয়ল অনুসৰি ভাৰতত প্ৰায় ৫৯ লাখ ৪০ হাজাৰ চাঁওতালিভাষী মানুহে বসবাস কৰে।
-
অল চিকি লিপি
অল চিকি লিপি (চাঁওতালি ᱺ ᱚᱞ ᱪᱤᱠᱤ) চাঁওতালি ভাষা লিখিবৰ বাবে ব্যৱহাৰ কৰা হয়। ইয়াক বাওঁফালৰ পৰা সোঁফাললৈ লিখা হয়। আন ভাৰতীয় ব্ৰাহ্মী লিপিৰ দৰে অল চিকি লিপি আবুগিদা নহয়, ই এক বৰ্ণমালা বা এলফাবেট লিপি। অৰ্থাৎ অল চিকি লিপিত লেটিন লিপিৰ দৰে ব্যঞ্জন আৰু স্বৰ দুয়ো বৰ্ণই সমান গুৰুত্ব পায়।
-
চাঁওতালি ৱিকিপিডিয়া
চাঁওতালি ৱিকিপিডিয়া (ᱥᱟᱱᱛᱟᱲᱤ ᱣᱤᱠᱤᱯᱤᱰᱤᱭᱟ) হ'ল অনলাইন মুক্ত বিশ্বকোষ ৱিকিপিডিয়াৰ চাঁওতালি সংস্কৰণ। ৱিকিমিডিয়া ফাউণ্ডেচনৰ অন্তৰ্ভুক্ত এই প্ৰকল্পটো ২০১৮ চনৰ ২ আগষ্ট তাৰিখে ইয়াক মুকলি কৰা হৈছিল। চাঁওতালি ভাষাৰ নিজস্ব অল চিকি লিপিৰ চাঁওতালি ৱিকিপিডিয়াত ব্যৱহাৰ কৰা হয়।
-
চাঁওতাল সংস্কৃতি সংগ্ৰহালয়
চাঁওতাল সংস্কৃতি সংগ্ৰহালয় ( Museum of Santal Culture) হৈছে পশ্চিম বংগৰ বিষ্ণুবাটি গাঁৱত অৱস্থিত এটা ব্যক্তিগত সামূহিক সংগ্ৰহালয়। সম্প্ৰদায়ৰ দ্বাৰা সঞ্চালিত এই সংগ্ৰহালয়টোৱে অঞ্চলটোত বহুলাংশে প্ৰচলিত চাওতাল সম্প্ৰদায়ৰ ইতিহাসৰ নথিকৰণ কৰে, য’ত তেওঁলোকৰ অতীত, তেওঁলোকৰ স্মৃতি আৰু পৰম্পৰাগত…
-
লুংগী পাঞ্চি নৃত্য
লুংগী পাঞ্চি নৃত্য হৈছে পশ্চিম বংগৰ চাঁওতাল জনগোষ্ঠীৰ এক পৰম্পৰাগত নৃত্য শৈলী। পুৰুষ-মহিলা উভয়ে পৰিৱেশন কৰা এই নৃত্যৰ লগত পৰম্পৰাগত লোক সংগীত পৰিৱেশন কৰা হয়। চাঁওতালসকল ভাৰত আৰু বাংলাদেশত অতি বৃহৎ জনবসতি থকা মুণ্ডা জনগোষ্ঠীৰ অন্তৰ্গত লোক।