অসমীয়া ভাষাবিদ
৭ প্ৰবন্ধ
-
হেমচন্দ্ৰ বৰুৱা
হেমচন্দ্ৰ বৰুৱা (১৮৩৫–১৮৯৬) ঊনবিংশ শতিকাৰ অসমীয়া ভাষা-সাহিত্যৰ অন্যতম পথপ্ৰদৰ্শক, যাৰ নাম বিশেষকৈ অভিধান আৰু ব্যাকৰণ-চৰ্চাৰ সৈতে অঙ্গাঙ্গীভাৱে জড়িত। ‘হেমকোষ’ অভিধানৰ প্ৰণেতা হিচাপে তেওঁ আধুনিক অসমীয়া শব্দ-সংকলন আৰু মান্য ৰূপ নিৰ্ধাৰণত দীঘলীয়া প্ৰভাৱ পেলাই গৈছে।
-
উপেন্দ্ৰনাথ গোস্বামী
উপেন্দ্ৰনাথ গোস্বামী (Upendra Nath Goswami, ১৯২৩-২০০০) একাধাৰে ভাষাবিদ, গৱেষক, অধ্যাপক, অনুবাদক আৰু অভিধানপ্ৰণেতা। তেওঁ কটন কলেজৰ অসমীয়া বিভাগৰ অধ্যাপক আছিল আৰু পাছলৈ গুৱাহাটী বিশ্ববিদ্যালয়ৰ অধ্যাপক পদত নিযুক্ত হৈছিল। তেওঁৰ গৱেষণাৰ বিষয় আছিল- A Study of Kamrupi: A Dialect of Assamese.
-
গোলোকচন্দ্ৰ গোস্বামী
গোলোকচন্দ্ৰ গোস্বামী (১৯২৩-২০২০) এজন অসমীয়া শিক্ষাবিদ আৰু ভাষাতত্ত্ববিদ। অসমীয়া ভাষাৰ ৰূপতত্ত্ব, ধ্বনিতত্ত্ব বিষয়ত তেওঁৰ অৱদান অতুলনীয়। তেওঁ ১৯৫৪ চনৰ পৰা ১৯৮৫ চনলৈকে গুৱাহাটী বিশ্ববিদ্যালয়ৰ অসমীয়া বিভাগত অধ্যাপনা কৰিছিল।
-
ৰমেশ পাঠক
ড° ৰমেশ পাঠক (জন্ম: ১ মে' ১৯৪২- মৃত্যু: ২৬ জানুৱাৰী ২০২১) এগৰাকী গৱেষক, অধ্যাপক, বিশ্লেষক, সাহিত্য সমালোচক, সম্পাদক, ভাষাবিদ, বৈয়াকৰণিক, নিবন্ধকাৰ আৰু বক্তা। তেখেতৰ পিতৃৰ নাম হৰেশ্বৰ পাঠক আৰু মাতৃৰ নাম শান্তি পাঠক। জন্মৰ পাছতেই তেখেতৰ মাতৃৰ মৃত্যু হয়।
-
টাবু টাইড
টাবু ৰাম টাইড (Tabu Ram Taid) (১ আগষ্ট ১৯৪২ - ১৭ আগষ্ট ২০১৯) এগৰাকী ভাষাতত্ববিদ, লেখক, শিক্ষাবিদ আৰু শিক্ষা প্ৰশাসক। মিচিং ভাষাৰ সংৰক্ষণ আৰু উন্নয়নৰ প্ৰতি এখেতে উল্লেখযোগ্য বৰঙণি আগবঢ়াই থৈছে। মিচিং লোক নৃত্য, গীত বাদ্য আদি ৰাষ্ট্ৰীয় পৰ্যায়লৈ নিয়াৰ বাবেও এখেতে চেষ্টা কৰিছিল।
-
উপেন ৰাভা হাকাচাম
উপেন ৰাভা হাকাচাম (জন্ম: ১৯৬১ - ) উপেন ৰাভা হাকাচাম একাধাৰে গৱেষক আৰু ৰাভা ভাষা-সাহিত্যৰ সাধক। তেওঁ গুৱাহাটী বিশ্ববিদ্যালয়ৰ অসমীয়া বিভাগৰ অধ্যাপক হিচাপে কৰ্মৰত।
-
ভগৱান মৰল
ভগৱান মৰল (১৯৩৮ - ২০১৩) এগৰাকী অসমীয়া ভাষাতত্ত্ববিদ, গল্পকাৰ, নাট্যকাৰ, ঔপন্যাসিক, কবি আৰু পাঠ্যপুথিৰ লিখক আছিল। পেচাগতভাৱে শিক্ষক ভগৱান মৰলে Semantics of Assamese শীৰ্ষক গৱেষণা কৰ্মৰ বাবে গুৱাহাটী বিশ্ববিদ্যালয়ৰপৰা পিএইচ.ডি ডিগ্ৰী লাভ কৰে।