অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
ভাষা আৰু সাহিত্য

আনন্দবাজাৰ পত্ৰিকা

আনন্দবাজাৰ পত্ৰিকা হ'ল এবিপি গ্ৰুপৰ মালিকানাধীন ভাৰতীয় বাংলা ভাষাৰ দৈনিক কাকত। ইয়াৰ মূল প্ৰতিযোগী বাংলা বাতৰি কাকত সমূহ হৈছে - বৰ্তমান, এই সময়, আৰু সংবাদ প্ৰতিদিন।

হালনাগাদ: ১৮ ডিচেম্বৰ ২০২৫ ১৩৩ শব্দ · ১ মিনিট সংগৃহীত ৭৮
সংশোধনৰ পৰামৰ্শ

আনন্দবাজাৰ পত্ৰিকা হ'ল এবিপি গ্ৰুপৰ মালিকানাধীন ভাৰতীয় বাংলা ভাষাৰ দৈনিক কাকত। ইয়াৰ মূল প্ৰতিযোগী বাংলা বাতৰি কাকত সমূহ হৈছে - বৰ্তমান, এই সময়, আৰু সংবাদ প্ৰতিদিন।

ইতিহাস

আনন্দবজাৰ পত্ৰিকাৰ যাত্ৰা আৰম্ভ হয় ১৯২২ চনৰ ১৩ মাৰ্চ (২৯ ফাগুন, ১৩২৮)-ৰ পৰা। তেতিয়া দাম আছিল দুপইচা। ১৯১৪ চনত সুৰেশ চন্দ্ৰ মজুমদাৰে প্ৰতিষ্ঠা কৰা ৭১/১ মিৰ্জাপুৰ ষ্ট্ৰীটৰ শ্ৰীগৌৰাংগা প্ৰেছৰ পৰা ছপা হৈছিল। ১ প্ৰথম সংখ্যাটো সম্পূৰ্ণ ৰঙা চিয়াঁহীৰে ছপা হৈছিল। যিটো ব্ৰিটিছ চৰকাৰৰ মুখপাত্ৰ ইংৰাজজনে ‘বিপদৰ সংকেত’ বুলি ভাবিছিল। ইংৰাজজনৰ এই দূৰদৰ্শিতাক প্ৰশংসা নকৰাকৈ থাকিব নোৱাৰি। কাৰণ, আনন্দবজাৰ কাকতখনে দেশৰ স্বাধীনতা অৰ্জনৰ প্ৰতি নিৰ্ভীক আৰু আপোচবিহীন মনোভাৱেৰে ব্ৰিটিছ সাম্ৰাজ্যৰ ভেটি কঁপাই তুলিছিল। ২

ইণ্টাৰনেট সংস্কৰণ

কাকতখনৰ এটা জনপ্ৰিয় ৱেব সংস্কৰণ আছে। ইয়াৰ পূৰ্বৰ সংস্কৰণটো কেৱল ইণ্টাৰনেট এক্সপ্ল’ৰাৰ ব্ৰাউজাৰৰ জৰিয়তেহে চাব পৰা গৈছিল। কিন্তু ২০১১ চনৰ ১ জুন তাৰিখৰ পৰা চাইটটো ইউনিক’ডলৈ ৰূপান্তৰিত কৰা হৈছে, গতিকে যিকোনো ব্ৰাউজাৰ ব্যৱহাৰ কৰি পঢ়িব পাৰি।

তথ্যসূত্ৰ

  1. ↑ (২০২২-০৩-১৭). শতবৰ্ষেৰ ক্ৰোড়পত্ৰ - আনন্দ শতক
  2. ↑ Anandabazar Patrika - About Us. www.anandabazar.com

সম্পৰ্কিত শ্ৰেণী

বাতৰি কাকত

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “আনন্দবাজাৰ পত্ৰিকা” প্ৰবন্ধৰ সংশোধন ৫৬৫১৯৫ (১৮ ডিচেম্বৰ ২০২৫)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।