কমতাপুৰ ৰাজ্য (কামতাপুৰ বুলিও কোৱা হয়) ত্ৰয়োদশ শতিকাত পাল ৰাজবংশ (কামৰূপ)ৰ পতনৰ পাছত পুৰণি কামৰূপ ৰাজ্যৰ পশ্চিম অংশত গঠিত হৈছিল। কমতা ৰাজ্যৰ উত্থানৰ লগে লগে বুৰঞ্জীৰ প্ৰাচীন যুগ শেষ হয় আৰু মধ্য যুগ আৰম্ভ হয়। এই অঞ্চলৰ শেষ শাসক আছিল খেন বংশ।
১৪ শতিকাৰ শেষৰ দশকত চুতীয়া ৰজা সত্যনাৰায়ণে কামৰূপৰ শত্ৰুক পৰাস্ত কৰি কমতাপুৰত ৰজা হৈছিল। এই কথা তেওঁৰ নাতি চুতীয়া ৰজা দুৰ্ল্লভ নাৰায়ণে ১৪২৮ চনৰ শদিয়াৰ চাপাখোৱা অঞ্চলত উদ্ধাৰ হোৱা হাবুং অঞ্চলত কৰা ভূমি দানৰ তামৰ ফলিত উল্লেখ কৰিছিল।
কোচসকলে নিজকে কমতেশ্বৰ (কমতাৰ শাসক) বুলি কৈছিল, কিন্তু তেওঁলোকৰ প্ৰভাৱ আৰু বিস্তৃতি ইমানেই বাঢ়িছিল যে তেওঁলোকৰ ৰাজ্যক কমতা ৰাজ্যও বোলা হয়। পাছলৈ ৰাজ্যখন দুভাগ হৈ পৰে: কোচ বিহাৰ ৰাজ্য আৰু কোচ হাজো। পূবৰ ৰাজ্য কোচ হাজো ১৭শ শতিকাত আহোম ৰাজ্যৰ অন্তৰ্গত হয়। পশ্চিমৰ অংশ কোচ বিহাৰ কোচ ৰাজবংশৰ হাততে থাকে আৰু ভাৰতৰ স্বাধীনতাৰ পাছত ভাৰতত অন্তৰ্ভুক্ত কৰা হয়।
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “কমতাপুৰ” প্ৰবন্ধৰ সংশোধন ৬০৬০৭৫ (১৩ মে’ ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।