সৰ্ব ভাৰতীয় সংযুক্ত গণতান্ত্ৰিক মৰ্চা (All India United Democratic Front বা AIUDF) ভাৰতৰ এক ৰাজনৈতিক দল। উত্তৰ-পূব ভাৰতৰ অসমত এই দলৰ উৎপত্তি হৈছিল১। মৌলানা বদৰুদ্দিন আজমল এই দলৰ মুখ্য নেতা। ২০০৫ চনৰ অক্টোবৰ মাহত তেওঁ এক আঞ্চলিক দল হিচাপে "অসম সংযুক্ত গণতান্ত্ৰীক মৰ্চা"(Assam United Democratic Front (AUDF)) গঠন কৰে। ২০০৯ চনৰ ফেব্ৰুৱাৰী মাহত নতুন দিল্লীত অনুষ্ঠিত এক সংবাদমেলত ইয়াক সৰ্ব ভাৰতীয় সংযুক্ত গণতান্ত্ৰিক মৰ্চা নামাকৰণ কৰি এক জাতীয় দল হিচাপে ঘোষণা কৰা হয়। এই দলৰ প্ৰধান কাৰ্য্যালয় গুৱাহাটীৰ হাতীগাঁৱত অৱস্থিত।২৩
সৰ্ব ভাৰতীয় সংযুক্ত গণতান্ত্ৰিক মৰ্চা অসমৰ প্ৰধান বিৰোধী দল। ২০১১ চনৰ অসম বিধানসভা নিৰ্বাচনত তেওঁলোকে ১২৬ খন আসনৰ ভিতৰত ১৮ খনত জয়ী হৈছিল।৪
প্ৰতীক

তলা-চাবি সৰ্ব ভাৰতীয় সংযুক্ত গণতান্ত্ৰিক মৰ্চা নিৰ্বাচনী প্ৰতীক। দলৰ পতাকা তিনি বৰণীয়া। ওপৰত সেউজীয়া, মাজত বগা আৰু তলত ক'লা। দলৰ প্ৰতীক তলা-চাবি বগা ৰঙৰ মাজত বিদ্যমান।
নিৰ্বাচন ইতিহাস
| চন | নিৰ্বাচন | বিজয়ী আসন | আসনৰ পৰিবৰ্তন | ভোটৰ শতাংশ | ভোটৰ শতাংশ পৰিৱৰ্তন |
|---|---|---|---|---|---|
| ২০০৯ | ১৫তম লোকসভা | ১ | |||
| ২০১১ | ১৩তম অসম বিধানসভা | ১৮ | |||
| ২০১৪ | ১৫তম লোকসভা | ৩ | - | - | |
| ২০১৯ | ১৬তম লোকসভা | ১ | - | - |
তথ্যসূত্ৰ
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “সৰ্ব ভাৰতীয় সংযুক্ত গণতান্ত্ৰিক মৰ্চা” প্ৰবন্ধৰ সংশোধন ৬২৯৬৮২ (২১ আগষ্ট ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।