২০০২ বৰ্ষৰ চলচ্চিত্ৰ
৭ প্ৰবন্ধ
-
কন্যাদান (চলচ্চিত্ৰ)
কন্যাদান ২০০২ চনত মুক্তি প্ৰাপ্ত এখন অসমীয়া পাৰিবাৰিক চলচ্চিত্ৰ। চি এছ নাৰায়ণ আৰু স্বৰাজ দাসৰ দ্বাৰা প্ৰযোজিত আৰু মুনিন বৰুৱাৰ দ্বাৰা পৰিচালিত চলচ্চিত্ৰ খনৰ সংগীত পৰিচালনা কৰিছিল জুবিন গাৰ্গে।
-
কণিকাৰ ৰামধেনু
কণিকাৰ ৰামধেনু (Konikar Ramdhenu) হৈছে জাহ্নু বৰুৱাৰ দ্বাৰা পৰিচালিত এখন অসমীয়া চলচ্চিত্ৰ। ২০০২ চনৰ ২০ ডিচেম্বৰত এই ছবিখন মুক্তি দিয়া হয়। ২০০২ চনৰ অক্টোবৰত দিল্লীৰ আই এফ এফ আইৰ ইণ্ডিয়ান পেনোৰোমাত আৰু ২০০৩ চনৰ মুম্বাই আন্তঃৰাষ্ট্ৰীয় উৎসৱত এই চলচ্চিত্ৰ খন প্ৰদৰ্শিত কৰা হৈছিল।
-
প্ৰেম আৰু প্ৰেম
প্ৰেম আৰু প্ৰেম (Prem Aru Prem) হৈছে ২০০২ চনত মুক্তি পোৱা এখন অসমীয়া ৰোমাণ্টিক ড্ৰামা চলচ্চিত্ৰ। চলচ্চিত্ৰখন পৰিচালনা কৰিছে শম্ভু গুপ্তা আৰু প্ৰযোজনা কৰিছে কৰেন্দ্ৰ কলিতাই। সংগীত ৰচনা কৰিছে জুবিন গাৰ্গে। প্ৰেম আৰু প্ৰেমৰ যোগেদি আইমী বৰুৱা আৰু গায়ত্ৰী মহন্তই চলচ্চিত্ৰাভিনয়ৰ পাতনি মেলিছিল।
-
জীৱন নদীৰ দুটি পাৰ
জীৱন নদীৰ দুটি পাৰ ২০০২ চনত মুক্তি লাভ কৰা এখন অসমীয়া চলচ্চিত্ৰ। জে আৰ পি ফিল্ম্ছৰ বেনাৰত সবিতা বৰাই প্ৰযোজনা কৰা এই চলচ্চিত্ৰখনৰ পৰিচালনা মুন্না আহমেদৰ। সংগীত পৰিচালনা কৰে জুবিন গাৰ্গ আৰু দিগন্ত কলিতাই। মুখ্য চৰিত্ৰত অভিনয় কৰে যতীন বৰা আৰু প্ৰস্তুতি পৰাশৰে।
-
জোনাকী মন
জোনাকী মন হৈছে ২০০২ চনত মুক্তি লাভ কৰা এখন অসমীয়া চিনেমা। পৰিচালনা কৰিছিল জীৱৰাজ বৰ্মনে আৰু প্ৰযোজনা আছিল হিৰণ্য কুমাৰ ৰাজখোৱাই। ২০০২ চনৰ ২২ মাৰ্চত মুক্তিলাভ কৰা " জোনাকী মন " ত বিভাষ চক্ৰৱৰ্তী, নিপন গোস্বামী, চেতনা দাস আদিয়ে অভিনয় কৰিছিল।
-
মন্দ মেয়েৰ উপাখ্যান
মন্দ মেয়েৰ উপাখ্যান (Mondo Meyer Upakhyan; অনুবাদ: নষ্ট ছোৱালীৰ উপাখ্যান) বুদ্ধদেৱ দাসগুপ্ত পৰিচালিত ২০০২ বৰ্ষৰ এখন বঙালী ভাষাৰ চলচ্চিত্ৰ। মূল ভূমিকাত অভিনয় কৰিছে সমতা দাসে। অন্যান্য গুৰুত্বপূৰ্ণ ভূমিকাত আছে তাপস পাল, ঋতুপৰ্ণ সেনগুপ্ত, শ্ৰীলেখা মিত্ৰ, সুদীপ্ত চক্ৰৱৰ্তী আৰু জুন মালিয়া।
-
দ্বীপ (চলচ্চিত্ৰ)
দ্বীপ (Dweepa)) হৈছে গিৰীশ কাছাৰৱল্লী পৰিচালিত ২০০২ চনৰ এখন কানাড়া ভাষাৰ ছবি, যিখন না ডিছুজাৰ একে নামৰ উপন্যাসৰ আধাৰত নিৰ্মিত। ইয়াত সৌন্দৰ্য, অবিনাশ আৰু এম ভি বাসুদেৱ ৰাৱে মুখ্য চৰিত্ৰত অভিনয় কৰিছে। বান্ধ নিৰ্মাণ আৰু থলুৱা লোকৰ স্থানচ্যুতি ছবিখনৰ বিষয়।