অসামৰিক সেৱা
১৪ প্ৰবন্ধ
-
এ. কে. জ্যোতি
আচল কুমাৰ জ্যোতি (Achal Kumar Jyoti, জন্ম: ২৩ জানুৱাৰী ১৯৫৩) গুজৰাট কেডাৰৰ ১৯৭৫ চনৰ অৱসৰপ্ৰাপ্ত আই এ এছ বিষয়া, যিয়ে ২০১৭ চনৰ ৬ জুলাইৰ পৰা ২০১৮ চনৰ ২৩ জানুৱাৰীলৈকে ভাৰতৰ ২১ সংখ্যক মুখ্য নিৰ্বাচন আয়ুক্ত হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল।
-
এছ. ওৱাই. কুৰেশ্বি
শ্বাহাবুদ্দিন ইয়াকুব কুৰেশ্বি ( Shahabuddin Yaqoob Quraishi; জন্ম: ১১ জুন ১৯৪৭) এজন ভাৰতীয় চৰকাৰী কৰ্মচাৰী যিয়ে ভাৰতৰ ১৭ নং মুখ্য নিৰ্বাচন আয়ুক্ত (CEC) হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল। ২০১০ চনৰ ৩০ জুলাইত নবীন চাওলাৰ উত্তৰাধিকাৰী হিচাপে তেওঁক চি ই চি হিচাপে নিযুক্তি দিয়া হয়।
-
নবীন চাওলা
নবীন চাওলা ( Novin Chawla; জন্ম: ৩০ জুলাই ১৯৪৫) এজন অৱসৰপ্ৰাপ্ত ভাৰতীয় চৰকাৰী কৰ্মচাৰী আৰু লেখক। তেওঁ ভাৰতৰ ১৬ সংখ্যক ভাৰতৰ মুখ্য নিৰ্বাচন আয়ুক্ত হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল।
-
বি. বি. টেণ্ডন
ব্ৰিজ বিহাৰী টেণ্ডন, হিমাচল প্ৰদেশ কেডাৰৰ ১৯৬৫ বেচৰ অৱসৰপ্ৰাপ্ত ভাৰতীয় প্ৰশাসনিক সেৱা বিষয়া, যিয়ে ২০০৫ চনৰ ১৬ মে’ৰ পৰা ২০০৬ চনৰ ২৯ জুনলৈকে ভাৰতৰ ১৪ সংখ্যক ভাৰতৰ মুখ্য নিৰ্বাচন আয়ুক্ত হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল। ২০০১ চনৰ জুন মাহত তেওঁ নিৰ্বাচন আয়ুক্ত হিচাপে যোগদান কৰে।
-
আৰ. ভি. এছ. পেৰি শাস্ত্ৰী
আৰ. ভি. এছ. পেৰি শাস্ত্ৰী সম্পূৰ্ণ নাম ৰুদ্ৰবতলা ভেংকটা সূৰ্য্য পেৰি শাস্ত্ৰী ভাৰতৰ প্ৰাক্তন মুখ্য নিৰ্বাচন আয়ুক্ত আছিল আৰু ১৯৮৬ চনৰ ১ জানুৱাৰীৰ পৰা ১৯৯০ চনৰ ২৫ নৱেম্বৰত কৰ্কট ৰোগত আক্ৰান্ত হৈ মৃত্যু হোৱালৈকে কাৰ্যনিৰ্বাহ কৰিছিল। ১৯৮৯ চনৰ সাধাৰণ নিৰ্বাচন তেওঁৰ কাৰ্যকালত অনুষ্ঠিত হৈছিল।
-
এন. গোপালাস্বামী
এন গোপালাস্বামী (জন্ম ২১ এপ্ৰিল ১৯৪৪), ভাৰতৰ ১৫ সংখ্যক মুখ্য নিৰ্বাচন আয়ুক্ত হিচাপে কাৰ্যনিৰ্বাহ কৰা আৰু ২০১৫ চনত পদ্মভূষণ বঁটা লাভ কৰা ব্যক্তি। তেওঁ গুজৰাট কেডাৰৰ অন্তৰ্গত ১৯৬৬ বেট্চৰ ভাৰতীয় প্ৰশাসনিক সেৱাৰ বিষয়া।
-
ওম প্ৰকাশ ৰাৱত
ওম প্ৰকাশ ৰাৱত ( Om Prakash Raawat; জন্ম: ২ ডিচেম্বৰ ১৯৫৩) মধ্যপ্ৰদেশ কেডাৰৰ ১৯৭৭ চনৰ বেচৰ ভাৰতীয় প্ৰশাসনিক সেৱা (IAS)ৰ অৱসৰপ্ৰাপ্ত বিষয়া, যিয়ে ভাৰতৰ ২২ সংখ্যক মুখ্য নিৰ্বাচন আয়ুক্ত হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল।
-
জেমছ মাইকেল লিংডো
জেমছ মাইকেল লিংডো (জন্ম ৮ ফেব্ৰুৱাৰী ১৯৩৯) এজন ভাৰতীয় চৰকাৰী কৰ্মচাৰী আৰু ২০০১ চনৰ ১৪ জুনৰ পৰা ২০০৪ চনৰ ৭ ফেব্ৰুৱাৰীলৈকে ভাৰতৰ মুখ্য নিৰ্বাচন আয়ুক্ত আছিল। ২০০৩ চনত তেওঁক চৰকাৰী সেৱাৰ বাবে ৰমন মেগছেছে বঁটাৰে সন্মানিত কৰা হয়।
-
টি. এছ. কৃষ্ণমূৰ্তি
তৰুভাই সুব্যা কৃষ্ণমূৰ্তি (T. S. Krishnamurthy) (জন্ম: ১৯৪১) ভাৰতীয় ৰাজহ সেৱাৰ এজন প্ৰাক্তন বিষয়া, যিয়ে ভাৰতৰ ত্ৰয়োদশ মুখ্য নিৰ্বাচন আয়ুক্ত (C.E.C) হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল (ফেব্ৰুৱাৰী ২০০৪ – মে' ২০০৫)। চি ই চি হিচাপে তেওঁৰ মূল দায়িত্ব আছিল ২০০৪ চনৰ লোকসভা নিৰ্বাচনৰ তদাৰক কৰা।
-
নাছিম জাইদী
চৈয়দ নাছিম আহমদ জাইদী (Syed Nasim Ahmad Zaidi) ভাৰতৰ ২০ সংখ্যক মুখ্য নিৰ্বাচন আয়ুক্ত হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল। তেওঁ ১৯৭৬ চনৰ বেট্চৰ উত্তৰ প্ৰদেশ মুজাফৰনগৰৰ কেডাৰৰ অৱসৰপ্ৰাপ্ত আই.এ.এছ. বিষয়া।
-
ভি. এছ. সম্পথ
বীৰৱল্লী সুন্দৰম সম্পথ (V. S. Sampath) ২০১২ চনৰ পৰা ২০১৫ চনলৈকে ভাৰতীয় নিৰ্বাচন আয়োগৰ ১৮ সংখ্যক মুখ্য নিৰ্বাচন আয়ুক্ত (CEC) হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল। ২০১২ চনৰ ১১ জুনত তেওঁ এছ. ওৱাই. কুৰেশ্বিৰ পিছত ভাৰতৰ মুখ্য নিৰ্বাচন আয়ুক্ত হিচাপে কাৰ্যনিৰ্বাহ কৰে।
-
সুনীল আৰোৰা
সুনীল আৰোৰা ( Sunil Arora; জন্ম: ১৩ এপ্ৰিল ১৯৫৬) ভাৰতৰ ২৩ সংখ্যক মুখ্য নিৰ্বাচন আয়ুক্ত। তেওঁ এছ’চিয়েশ্যন অৱ ৱৰ্ল্ড ইলেকচন বডিজ (এ-ৱেব)ৰ অধ্যক্ষও আছিল। তেওঁ ৰাজস্থান কেডাৰৰ ১৯৮০ বেট্চৰ ভাৰতীয় প্ৰশাসনিক সেৱা (আই এ এছ)ৰ অৱসৰপ্ৰাপ্ত বিষয়া।
-
সুশীল চন্দ্ৰা
সুশীল চন্দ্ৰা (Sushil Chandra; জন্ম: ১৫ মে' ১৯৫৭) ১৯৮০ চনৰ বেট্চৰ আই আৰ এছ (আই টি) বিষয়া। তেওঁ ভাৰতৰ ২৪ সংখ্যক মুখ্য নিৰ্বাচন আয়ুক্ত আছিল। ইয়াৰ পূৰ্বে তেওঁ প্ৰত্যক্ষ কৰৰ কেন্দ্ৰীয় ব'ৰ্ডৰ অধ্যক্ষ হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল।
-
পাকিস্তানৰ বৈদেশিক সেৱা
পাকিস্তানৰ বিদেশ সেৱা (উৰ্দু: ملازمتِ خارجہ پاکستان ) পাকিস্তানৰ কেন্দ্ৰীয় উচ্চ সেৱাৰ অংশ। ১৯৪৭ চনত পাকিস্তানৰ সৃষ্টি আৰু স্বাধীনতাৰপৰাই ই এক অস্থায়ী সংগঠন হিচাপে কাম কৰি অহা ১৯৫২ চনৰ অক্টোবৰ মাহত আনুষ্ঠানিকভাৱে প্ৰতিষ্ঠা কৰা হয়।