সুনীল আৰোৰা ( Sunil Arora; জন্ম: ১৩ এপ্ৰিল ১৯৫৬) ভাৰতৰ ২৩ সংখ্যক মুখ্য নিৰ্বাচন আয়ুক্ত।১২ তেওঁ এছ’চিয়েশ্যন অৱ ৱৰ্ল্ড ইলেকচন বডিজ (এ-ৱেব)ৰ অধ্যক্ষও আছিল। তেওঁ ৰাজস্থান কেডাৰৰ ১৯৮০ বেট্চৰ ভাৰতীয় প্ৰশাসনিক সেৱা (আই এ এছ)ৰ অৱসৰপ্ৰাপ্ত বিষয়া। তেওঁ ভাৰত চৰকাৰৰ দুটা মন্ত্ৰালয়ত সচিব হিচাপেও কাৰ্যনিৰ্বাহ কৰিছিল।৩৪
ব্যক্তিগত জীৱন
তেওঁৰ দুজন ভাতৃৰ ভিতৰত এজন আই এ এছ বিষয়া আৰু আনজন ভাৰতীয় বৈদেশিক সেৱাৰ কূটনীতিবিদ।৫৬
শিক্ষা
আৰোৰাই কেন্দ্ৰীয় শাসিত অঞ্চল চণ্ডীগড়ৰ পাঞ্জাৱ বিশ্ববিদ্যালয়ৰ পৰা ইংৰাজী বিষয়ত স্নাতক (বি এ অনাৰ্ছ) আৰু স্নাতকোত্তৰ (এম এ) ডিগ্ৰী লাভ কৰিছে।৫৬৭
কৰ্মজীৱন
আই এ এছ সেৱাৰ পূৰ্বে
আই এ এছ বিষয়া হিচাপে নিযুক্তি পোৱাৰ পূৰ্বে সুনীল আৰোৰাই জলন্ধৰৰ ডি এ ভি কলেজত সহযোগী অধ্যাপক হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল।৫৬
আই এ এছ বিষয়া হিচাপে
আই এ এছ বিষয়া হিচাপে অৰোৰাই ভাৰত চৰকাৰ আৰু ৰাজস্থান চৰকাৰ উভয়ৰে বাবে বিভিন্ন গুৰুত্বপূৰ্ণ পদত কাৰ্যনিৰ্বাহ কৰিছিল। তেওঁ অতিৰিক্ত মুখ্য সচিব(গৃহ)কে ধৰি, প্ৰধান সচিব (ক্ষুদ্ৰ উদ্যোগ), প্ৰধান সচিব (বিনিয়োগ আৰু প্ৰট'কল), ৰাজস্থান ৰাজ্যিক ঔদ্যোগিক উন্নয়ন আৰু বিনিয়োগ নিগমৰ অধ্যক্ষ আৰু পৰিচালন সঞ্চালক, ৰাজস্থানৰ মুখ্যমন্ত্ৰীৰ প্ৰধান সচিব, আৰু ৰাজস্থান চৰকাৰৰ যোধপুৰ, নগৌৰ, আলৱাৰ আৰু ধোলপুৰ জিলাৰ জিলা দণ্ডাধীশ আৰু সংগ্ৰাহক হিচাপে,৭৮৯১০১১ আৰু কেন্দ্ৰীয় তথ্য আৰু সম্প্ৰচাৰ সম্পাদক, কেন্দ্ৰীয় দক্ষতা উন্নয়ন আৰু উদ্যোগীকৰণ সচিব, ভাৰতীয় বিমান সংস্থাৰ অধ্যক্ষ আৰু পৰিচালন সঞ্চালক, আৰু ভাৰত চৰকাৰৰ অসামৰিক বিমান পৰিবহণ মন্ত্ৰালয়ৰ যৌথ সচিব হিচাপে কৰ্যনিৰ্বাহ কৰিছিল।৮৭৯১০১১
২০১৬ চনৰ ৩০ এপ্ৰিলত আৰোৰাই সেৱাৰ পৰা অৱসৰ গ্ৰহণ কৰে।৭৮৯ অৱসৰৰ পিছত আৰোৰাক ইণ্ডিয়ান ইনষ্টিটিউট অৱ কৰ্পৰেট এফেয়াৰ্ছৰ সঞ্চালক প্ৰধান আৰু মুখ্য কাৰ্যবাহী বিষয়া হিচাপে নিযুক্তি দিয়া হয় আৰু সেয়েহে তেওঁক আই এ এছত পুনৰ নিযুক্তি দিয়া বুলি ধৰা হয়।৭১২১৩১৪
ভাৰতৰ নিৰ্বাচন আয়ুক্ত
আৰোৰাই ২০১৭ চনৰ ৩১ আগষ্টত ভাৰতৰ দুগৰাকী নিৰ্বাচন আয়ুক্তৰ ভিতৰত এজন হিচাপে কাৰ্যভাৰ গ্ৰহণ কৰে,১৫১৬১৭১৮১৯২০২১ আৰোৰাই ২০১৭ চনৰ ১ ছেপ্টেম্বৰত নিৰ্বাচন আয়ুক্তৰ পদ গ্ৰহণ কৰে।৯১০২২২৩ তেওঁৰ কাৰ্যকালত ২০১৯ চনৰ ভাৰতীয় সাধাৰণ নিৰ্বাচন অনুষ্ঠিত হৈছিল।
তেওঁ কৃষি-টেক ষ্টাৰ্ট-আপ গ্ৰাম উন্নাটিৰ অ-কাৰ্যবাহী অধ্যক্ষ হিচাপে যোগদান কৰিছে।২৪
তথ্যসূত্ৰ
- ↑ (2018-11-26). President Kovind appoints Sunil Arora as new Chief Election Commissioner
- ↑ As Sunil Arora retires on 12th April and Sushil Chandra will take charge as new Chief Election Commissioner of India. দ্য টাইম্ছ অৱ ইণ্ডিয়া
- ↑ कौन हैं सुनील अरोड़ा, जिनकी निगरानी में होंगे पांच राज्य में विधानसभा चुनाव. Amar Ujala
- ↑ जानें मुख्य निर्वाचन आयुक्त सुनील अरोड़ा के बारे में, जिन्होंने किया 05 राज्यों में चुनावों का ऐलान. News18 Hindi
- ↑ (7 September 2017). New Election Commissioner's Doaba connect. The Tribune
- ↑ (7 September 2017). यहां पढ़े हैं चुनाव आयोग के कमिश्नर बने सुनील अरोड़ा,सरकारी कॉलेज से MA की. Dainik Bhaskar
- ↑ Sunil Arora - Executive Record Sheet. Department of Personnel and Training, ভাৰত চৰকাৰ
- ↑ Sunil Arora - Officer Service History. Department of Personnel, Government of Rajasthan
- ↑ (1 September 2017). Shri Sunil Arora takes over as new Election Commissioner on 1st September, 2017. ভাৰতৰ নিৰ্বাচন আয়োগ
- ↑ Parihar, Rohit. (3 September 2017). Why Rajiv Mehrishi's and Sunil Arora's appointments are Rajasthan's loss and the Centre's gain. ইণ্ডিয়া টুডে
- ↑ (1 September 2017). Sunil Arora is the third Election Commissioner: Former bureaucrat has worked for finance ministry and Planning Commission. Firstpost
- ↑ (10 December 2017). Govt appoints Sunil Arora as IICA Director General. The New Indian Express
- ↑ (15 December 2016). Govt appoints Sunil Arora as IICA Director General. Business Standard
- ↑ (17 December 2017). Sunil Arora appointed as Director General of IICA. Jagran Josh. Dainik Jagran
- ↑ (31 August 2017). Shri Sunil Arora Appointed as New Election Commissioner. Press Information Bureau of India
- ↑ Jain, Bharti. (31 August 2017). Sunil Arora appointed Election Commissioner. Times of India
- ↑ Mohit. (31 August 2017). राजीव महर्षि होंगे देश के नए CAG, सुनील अरोड़ा बने चुनाव आयुक्त. Amar Ujala. Amar Ujala Publications Ltd
- ↑ (1 September 2017). Sunil Arora appointed as Election Commissioner. The Economic Times
- ↑ (1 September 2017). Former Bureaucrat Sunil Arora Appointed Election Commissioner. NDTV
- ↑ (1 September 2017). Sunil Arora appointed Election Commissioner. দ্য ইণ্ডিয়ান এক্মপ্ৰেছ
- ↑ (1 September 2017). Sunil Arora appointed Election Commissioner, Achal Kumar Joti is CEC. Business Standard
- ↑ (2 September 2017). Raj cadre officer takes charge as EC. Daily News and Analysis
- ↑ (1 September 2017). Sunil Arora assumes charge as new Election Commissioner. United News of India
- ↑ Former chief election commissioner Sunil Arora joins agri-tech startup as chairman. Moneycontrol
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “সুনীল আৰোৰা” প্ৰবন্ধৰ সংশোধন ৬২৯১৪৫ (১৯ আগষ্ট ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।