ভাৰতৰ মুখ্য নিৰ্বাচন আয়ুক্ত
২৫ প্ৰবন্ধ
-
ভাৰতৰ মুখ্য নিৰ্বাচন আয়ুক্ত
ভাৰতৰ মুখ্য নিৰ্বাচন আয়ুক্তই ভাৰতৰ নিৰ্বাচন আয়োগৰ নেতৃত্ব দিয়ে, যিটো সংস্থা সাংবিধানিকভাৱে মুক্ত আৰু নিকা নিৰ্বাচন অনুষ্ঠিত কৰাৰ ক্ষমতা প্ৰদান কৰা এক সংস্থা।
-
এ. কে. জ্যোতি
আচল কুমাৰ জ্যোতি (Achal Kumar Jyoti, জন্ম: ২৩ জানুৱাৰী ১৯৫৩) গুজৰাট কেডাৰৰ ১৯৭৫ চনৰ অৱসৰপ্ৰাপ্ত আই এ এছ বিষয়া, যিয়ে ২০১৭ চনৰ ৬ জুলাইৰ পৰা ২০১৮ চনৰ ২৩ জানুৱাৰীলৈকে ভাৰতৰ ২১ সংখ্যক মুখ্য নিৰ্বাচন আয়ুক্ত হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল।
-
এছ. ওৱাই. কুৰেশ্বি
শ্বাহাবুদ্দিন ইয়াকুব কুৰেশ্বি ( Shahabuddin Yaqoob Quraishi; জন্ম: ১১ জুন ১৯৪৭) এজন ভাৰতীয় চৰকাৰী কৰ্মচাৰী যিয়ে ভাৰতৰ ১৭ নং মুখ্য নিৰ্বাচন আয়ুক্ত (CEC) হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল। ২০১০ চনৰ ৩০ জুলাইত নবীন চাওলাৰ উত্তৰাধিকাৰী হিচাপে তেওঁক চি ই চি হিচাপে নিযুক্তি দিয়া হয়।
-
টি. এন. শেষন
টি. এন. শেষন, সম্পূৰ্ণ নাম তিৰুণলেই নাৰায়ণ আয়েৰ শেষন ( Tirunellai Narayana Iyer Seshan; ১৫ মে' ১৯৩৩ – ১০ নৱেম্বৰ ২০১৯) আছিল এজন ভাৰতীয় চৰকাৰী আমোলা কৰ্মচাৰী, যিয়ে ভাৰতীয় প্ৰশাসনিক সেৱাৰ সৈতে আৰু ৰাজনীতিবিদ হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল।
-
নবীন চাওলা
নবীন চাওলা ( Novin Chawla; জন্ম: ৩০ জুলাই ১৯৪৫) এজন অৱসৰপ্ৰাপ্ত ভাৰতীয় চৰকাৰী কৰ্মচাৰী আৰু লেখক। তেওঁ ভাৰতৰ ১৬ সংখ্যক ভাৰতৰ মুখ্য নিৰ্বাচন আয়ুক্ত হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল।
-
বি. বি. টেণ্ডন
ব্ৰিজ বিহাৰী টেণ্ডন, হিমাচল প্ৰদেশ কেডাৰৰ ১৯৬৫ বেচৰ অৱসৰপ্ৰাপ্ত ভাৰতীয় প্ৰশাসনিক সেৱা বিষয়া, যিয়ে ২০০৫ চনৰ ১৬ মে’ৰ পৰা ২০০৬ চনৰ ২৯ জুনলৈকে ভাৰতৰ ১৪ সংখ্যক ভাৰতৰ মুখ্য নিৰ্বাচন আয়ুক্ত হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল। ২০০১ চনৰ জুন মাহত তেওঁ নিৰ্বাচন আয়ুক্ত হিচাপে যোগদান কৰে।
-
ভি. এছ. ৰমাদেৱী
ভি. এছ. ৰমাদেৱী (ইংৰাজী: V. S. Ramadevi; ১৫ জানুৱাৰী ১৯৩৪ - ১৭ এপ্ৰিল) এগৰাকী ভাৰতীয় ৰাজনীতিবিদ৷ তেওঁ ১৯৯০ চনৰ ২৬ নৱেম্বৰৰ পৰা ১৯৯০ চনৰ ১১ ডিচেম্বৰলৈকে কৰ্ণাটক ৰাজ্যৰ ত্ৰয়োদশ ৰাজ্যপাল আৰু ভাৰতৰ নৱম মুখ্য নিৰ্বাচনী আয়ুক্ত আছিল৷ তেওঁ নিৰ্বাচন আয়োগৰ মুখ্য আয়ুক্ত হিচাপে কাৰ্যনিৰ্বাহ কৰা প্ৰথম…
-
হৰিশংকৰ ব্ৰহ্ম
হৰিশংকৰ ব্ৰহ্ম (Harishankar Brahma; জন্ম: ১৯ এপ্ৰিল ১৯৫০) হৰিশংকৰ ব্ৰহ্মই ২০১১ চনৰ এপ্ৰিল মাহত কেন্দ্ৰীয় শক্তি মন্ত্ৰালয়ৰ সচিব হিচাপে অৱসৰ গ্ৰহণ কৰে। ব্ৰহ্ম নিৰ্বাচন আয়োগত ২০১৫ চনৰ ১৬ জানুৱাৰীৰ পৰা ২০১৫ চনৰ ১৬ জানুৱাৰীত তেখেতে মুখ্য নিৰ্বাচন আয়ুক্ত ৰূপে কাৰ্যভাৰ গ্ৰহণ কৰে আৰু ২০১৫ চনৰ ১৮ এপ্ৰিল…
-
আৰ. কে. ত্ৰিবেদী
আৰ. কে. ত্ৰিবেদী বা ৰাম কৃষ্ণ ত্ৰিবেদী (১ জানুৱাৰী ১৯২১ – ১৯ নৱেম্বৰ ২০১৫) ১৯৮৬ চনৰ ২৬ ফেব্ৰুৱাৰীৰ পৰা ১৯৯০ চনৰ ২ মে'লৈকে গুজৰাটৰ ৰাজ্যপাল আছিল। ত্ৰিবেদীয়ে ১৯৮২ চনৰ ১৮ জুনৰ পৰা ১৯৮৫ চনৰ ৩১ ডিচেম্বৰলৈ ভাৰতৰ সপ্তম মুখ্য নিৰ্বাচন আয়ুক্ত হিচাপেও কাৰ্যনিৰ্বাহ কৰিছিল।
-
আৰ. ভি. এছ. পেৰি শাস্ত্ৰী
আৰ. ভি. এছ. পেৰি শাস্ত্ৰী সম্পূৰ্ণ নাম ৰুদ্ৰবতলা ভেংকটা সূৰ্য্য পেৰি শাস্ত্ৰী ভাৰতৰ প্ৰাক্তন মুখ্য নিৰ্বাচন আয়ুক্ত আছিল আৰু ১৯৮৬ চনৰ ১ জানুৱাৰীৰ পৰা ১৯৯০ চনৰ ২৫ নৱেম্বৰত কৰ্কট ৰোগত আক্ৰান্ত হৈ মৃত্যু হোৱালৈকে কাৰ্যনিৰ্বাহ কৰিছিল। ১৯৮৯ চনৰ সাধাৰণ নিৰ্বাচন তেওঁৰ কাৰ্যকালত অনুষ্ঠিত হৈছিল।
-
এছ. এল. শ্বাকধৰ
এছ. এল. শ্বাকধৰ (১৯১৮–২০০২) ভাৰতৰ ষষ্ঠ মুখ্য নিৰ্বাচন আয়ুক্ত আৰু ৩য় লোকসভা, চতুৰ্থ লোকসভা আৰু ৫ম লোকসভা (ভাৰতীয় সংসদৰ নিম্ন সদন)ৰ প্ৰাক্তন সচিব প্ৰধান আছিল। ১৯৭৭ চনৰ পৰা ১৯৮২ চনলৈকে তেওঁ মুখ্য নিৰ্বাচন আয়ুক্ত আছিল। তেওঁ জম্মু-কাশ্মীৰৰ পৰা আহিছিল। ২০০২ চনত তেওঁৰ মৃত্যু হয়।
-
এছ. পি. সেন বাৰ্মা
এছ পি সেন বাৰ্মা, ১৯৬৭ চনৰ ১ অক্টোবৰৰ পৰা ১৯৭২ চনৰ ৩০ ছেপ্টেম্বৰলৈকে ভাৰতৰ প্ৰাক্তন মুখ্য নিৰ্বাচন আয়ুক্ত আছিল।
-
এন. গোপালাস্বামী
এন গোপালাস্বামী (জন্ম ২১ এপ্ৰিল ১৯৪৪), ভাৰতৰ ১৫ সংখ্যক মুখ্য নিৰ্বাচন আয়ুক্ত হিচাপে কাৰ্যনিৰ্বাহ কৰা আৰু ২০১৫ চনত পদ্মভূষণ বঁটা লাভ কৰা ব্যক্তি। তেওঁ গুজৰাট কেডাৰৰ অন্তৰ্গত ১৯৬৬ বেট্চৰ ভাৰতীয় প্ৰশাসনিক সেৱাৰ বিষয়া।
-
এম. এছ. গীল
মনোহৰ সিং গীল ( Manohar Singh Gill; ১৪ জুন ১৯৩৬ – ১৫ অক্টোবৰ ২০২৩) এজন ভাৰতীয় আমোলা, ৰাজনীতিবিদ আৰু সাহিত্যিক। ১৯৫৮ চনৰ পৰা ২০০১ চনলৈ ভাৰতৰ একাদশ মুখ্য নিৰ্বাচন আয়ুক্ত হিচাপে অৱসৰ লোৱালৈকে ভাৰতীয় প্ৰশাসনিক সেৱাৰ সদস্য হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল।
-
ওম প্ৰকাশ ৰাৱত
ওম প্ৰকাশ ৰাৱত ( Om Prakash Raawat; জন্ম: ২ ডিচেম্বৰ ১৯৫৩) মধ্যপ্ৰদেশ কেডাৰৰ ১৯৭৭ চনৰ বেচৰ ভাৰতীয় প্ৰশাসনিক সেৱা (IAS)ৰ অৱসৰপ্ৰাপ্ত বিষয়া, যিয়ে ভাৰতৰ ২২ সংখ্যক মুখ্য নিৰ্বাচন আয়ুক্ত হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল।
-
কল্যাণ সুন্দৰম
কল্যাণ বৈদ্যনাথন কুট্টুৰ সুন্দৰম(Kalyan Vaidyanathan Kuttur Sundaram, ১১ মে' ১৯০৪ – ২৩ ছেপ্টেম্বৰ ১৯৯২), যাক চমুকৈ কে ভি কে সুন্দৰম বুলিও কোৱা হয়, এগৰাকী ভাৰতীয় চৰকাৰী অসামৰিক সেৱাৰ কৰ্মচাৰী আছিল, যিয়ে স্বাধীন ভাৰতৰ প্ৰথম আইন সচিব (১৯৪৮–৫৮) আৰু ভাৰতৰ দ্বিতীয় মুখ্য নিৰ্বাচন আয়ুক্ত হিচাপে অভিলেখ…
-
জেমছ মাইকেল লিংডো
জেমছ মাইকেল লিংডো (জন্ম ৮ ফেব্ৰুৱাৰী ১৯৩৯) এজন ভাৰতীয় চৰকাৰী কৰ্মচাৰী আৰু ২০০১ চনৰ ১৪ জুনৰ পৰা ২০০৪ চনৰ ৭ ফেব্ৰুৱাৰীলৈকে ভাৰতৰ মুখ্য নিৰ্বাচন আয়ুক্ত আছিল। ২০০৩ চনত তেওঁক চৰকাৰী সেৱাৰ বাবে ৰমন মেগছেছে বঁটাৰে সন্মানিত কৰা হয়।
-
টি স্বামীনাথন
টি স্বামীনাথন সম্পূৰ্ণ নাম থিৰুমালৰায়া স্বামীনাথন, ১৯৭০ চনৰ ১ ডিচেম্বৰৰ পৰা ১৯৭২ চনৰ ২ নৱেম্বৰলৈকে ভাৰতৰ কেবিনেট সচিব আছিল। তেওঁ ভাৰতীয় অসামৰিক সেৱা (আই চি এছ)ৰ সদস্য আছিল। স্বামীনাথনে ১৯৭৩ চনৰ ৭ ফেব্ৰুৱাৰীৰ পৰা ১৯৭৭ চনৰ ১৭ জুনলৈকে ভাৰতৰ ৫ম মুখ্য নিৰ্বাচন আয়ুক্ত হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল।
-
টি. এছ. কৃষ্ণমূৰ্তি
তৰুভাই সুব্যা কৃষ্ণমূৰ্তি (T. S. Krishnamurthy) (জন্ম: ১৯৪১) ভাৰতীয় ৰাজহ সেৱাৰ এজন প্ৰাক্তন বিষয়া, যিয়ে ভাৰতৰ ত্ৰয়োদশ মুখ্য নিৰ্বাচন আয়ুক্ত (C.E.C) হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল (ফেব্ৰুৱাৰী ২০০৪ – মে' ২০০৫)। চি ই চি হিচাপে তেওঁৰ মূল দায়িত্ব আছিল ২০০৪ চনৰ লোকসভা নিৰ্বাচনৰ তদাৰক কৰা।
-
নগেন্দ্ৰ সিং
ৰাজকুমাৰ শ্ৰী নগেন্দ্ৰ সিং ( Prince Sri Nagendra Singh; ১৮ মাৰ্চ ১৯১৪ – ১১ ডিচেম্বৰ ১৯৮৮) এজন ভাৰতীয় অধিবক্তা আৰু প্ৰশাসক আছিল, যিয়ে ১৯৮৫ চনৰ পৰা ১৯৮৮ চনলৈকে আন্তঃৰাষ্ট্ৰীয় ন্যায়ালয়ৰ সভাপতি হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল।
-
নাছিম জাইদী
চৈয়দ নাছিম আহমদ জাইদী (Syed Nasim Ahmad Zaidi) ভাৰতৰ ২০ সংখ্যক মুখ্য নিৰ্বাচন আয়ুক্ত হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল। তেওঁ ১৯৭৬ চনৰ বেট্চৰ উত্তৰ প্ৰদেশ মুজাফৰনগৰৰ কেডাৰৰ অৱসৰপ্ৰাপ্ত আই.এ.এছ. বিষয়া।
-
ভি. এছ. সম্পথ
বীৰৱল্লী সুন্দৰম সম্পথ (V. S. Sampath) ২০১২ চনৰ পৰা ২০১৫ চনলৈকে ভাৰতীয় নিৰ্বাচন আয়োগৰ ১৮ সংখ্যক মুখ্য নিৰ্বাচন আয়ুক্ত (CEC) হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল। ২০১২ চনৰ ১১ জুনত তেওঁ এছ. ওৱাই. কুৰেশ্বিৰ পিছত ভাৰতৰ মুখ্য নিৰ্বাচন আয়ুক্ত হিচাপে কাৰ্যনিৰ্বাহ কৰে।
-
সুকুমাৰ সেন (অসামৰিক সেৱা বিষয়া)
সুকুমাৰ সেন (Sukumar Sen, ২ জানুৱাৰী ১৮৯৮ – ১৩ মে' ১৯৬৩) ১৯৫০ চনৰ ২১ মাৰ্চৰ পৰা ১৯৫৮ চনৰ ১৯ ডিচেম্বৰলৈকে ভাৰতৰ প্ৰথম মুখ্য নিৰ্বাচন আয়ুক্ত আছিল। তেওঁৰ নেতৃত্বত নিৰ্বাচন আয়োগে স্বাধীন ভাৰতৰ প্ৰথম দুটা সাধাৰণ নিৰ্বাচন, ১৯৫১–৫২ আৰু ১৯৫৭ চনত সফলতাৰে পৰিচালনা আৰু তদাৰক কৰিছিল।
-
সুনীল আৰোৰা
সুনীল আৰোৰা ( Sunil Arora; জন্ম: ১৩ এপ্ৰিল ১৯৫৬) ভাৰতৰ ২৩ সংখ্যক মুখ্য নিৰ্বাচন আয়ুক্ত। তেওঁ এছ’চিয়েশ্যন অৱ ৱৰ্ল্ড ইলেকচন বডিজ (এ-ৱেব)ৰ অধ্যক্ষও আছিল। তেওঁ ৰাজস্থান কেডাৰৰ ১৯৮০ বেট্চৰ ভাৰতীয় প্ৰশাসনিক সেৱা (আই এ এছ)ৰ অৱসৰপ্ৰাপ্ত বিষয়া।
-
সুশীল চন্দ্ৰা
সুশীল চন্দ্ৰা (Sushil Chandra; জন্ম: ১৫ মে' ১৯৫৭) ১৯৮০ চনৰ বেট্চৰ আই আৰ এছ (আই টি) বিষয়া। তেওঁ ভাৰতৰ ২৪ সংখ্যক মুখ্য নিৰ্বাচন আয়ুক্ত আছিল। ইয়াৰ পূৰ্বে তেওঁ প্ৰত্যক্ষ কৰৰ কেন্দ্ৰীয় ব'ৰ্ডৰ অধ্যক্ষ হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল।