কৰ্ণাটকৰ ব্যক্তি
১১ প্ৰবন্ধ
-
অদিতি অশোক
অদিতি অশোক (Aditi Ashok, জন্ম: ২৯ মাৰ্চ ১৯৯৮) এগৰাকী ভাৰতীয় পেছাদাৰী গল্ফ খেলুৱৈ আৰু অলিম্পিয়ান। তেওঁ বৰ্তমান নাৰী ইউৰোপীয়ান টুৰ আৰু এলপিজিএ টুৰত খেলে। তেওঁ ২০১৬ গ্ৰীষ্মকালীন অলিম্পিকত পোনপ্ৰথমে খেলাৰ সুযোগ লাভ কৰি অলিম্পিকত আত্মপ্ৰকাশ কৰিছিল।
-
এচ এল ভৈৰপ্পা
সান্তাশিৱাৰা লিঙ্গন্নায়াহ ভৈৰপ্পা (জন্ম ২০ আগষ্ট ১৯৩১) এগৰাকী কানাড়া ভাষাৰ ভাৰতীয় ঔপন্যাসিক, দাৰ্শনিক আৰু চিত্ৰনাট্যকাৰ। কেৱল কৰ্ণাটকৰে নহয়, তেওঁক আধুনিক ভাৰতৰ জনপ্ৰিয় ঔপন্যাসিকসকলৰ এগৰাকী হিচাপে গণ্য কৰা হয়। তেওঁৰ উপন্যাসসমূহ বিষয়বস্তু, গাঁথনি আৰু চৰিত্ৰায়নৰ ক্ষেত্ৰত অনন্য।
-
বৃন্দা আচাৰ্য
বৃন্দা আচাৰ্য (Brinda Acharya; জন্ম: ১৮ ছেপ্টেম্বৰ ১৯৯৪) এগৰাকী ভাৰতীয় অভিনেত্ৰী। তেওঁ মূলতঃ কন্নড় চলচ্চিত্ৰত অভিনয় কৰে। তেওঁ ২০২১ চনত প্ৰেমম পূজ্যম নামৰ কন্নড় চলচ্চিত্ৰ এখনত অভিনয়েৰে ছবিজগতত খোজ দিয়ে। ইয়াৰ পিছত, ২০২৩ চনত তেওঁ কৌশল্যা সুপ্ৰজা ৰামা নামৰ ছবিখনত অভিনয় কৰিছিল।
-
অশ্বিনী পোনাপ্পা
অশ্বিনী পোনাপ্পা মাছিমাণ্ডা (জন্ম: ১৮ ছেপ্টেম্বৰ ১৯৮৯) এগৰাকী ভাৰতীয় বেডমিণ্টন খেলুৱৈ। তেওঁ আন্তঃৰাষ্ট্ৰীয় বেডমিণ্টন চাৰ্কিটত মহিলা ডাবলছ আৰু মিক্স ডাবলছ উভয় শাখাতে দেশক প্ৰতিনিধিত্ব কৰে।
-
নয়না উদুপি
নয়না উদুপি (জন্ম ১৯৭২ বা ১৯৭৩) হৈছে এগৰাকী ভাৰতীয় ট্ৰান্সজেণ্ডাৰ মহিলা, যিয়ে কৰ্পোৰেট ক্ষেত্ৰত এটা সফল পেছা গঢ়ি তোলাৰ লগতে কৰ্মক্ষেত্ৰত লিংগ অন্তৰ্ভুক্তি আৰু সমতাৰ বাবে সক্ৰিয়ভাৱে কাম কৰি আহিছে।
-
প্ৰিয়ংকা জাৰকিহোলি
প্ৰিয়ংকা সতীশ জাৰকিহোলি (জন্ম ১৬ এপ্ৰিল ১৯৯৭) কৰ্ণাটকৰ এগৰাকী ভাৰতীয় ৰাজনীতিবিদ। বেলগাড়ি জিলাৰ চিক্কোডি লোকসভা সমষ্টিৰ পৰা তেওঁ প্ৰথমবাৰৰ বাবে সাংসদ হয়। তেওঁ ভাৰতীয় জাতীয় কংগ্ৰেছক প্ৰতিনিধিত্ব কৰে। তেওঁ কৰ্ণাটকত ২০২৪ চনৰ ভাৰতীয় সাধাৰণ নিৰ্বাচনত জয়ী হৈছিল।
-
প্ৰীতি শংকৰ
প্ৰীতি শংকৰ (Priti Shankar; ছেপ্টেম্বৰ ১৯৪৭ – অক্টোবৰ ২০১১) এগৰাকী ভাৰতীয় শিক্ষয়িত্ৰী, গৱেষক আৰু শিক্ষাবিদ। তেওঁৰ গৱেষণাবোৰ কম্পাইলাৰ ডিজাইন, আনুষ্ঠানিক ভাষা তত্ত্ব আৰু এল্গৰিথ্মিক কোডিং তত্ত্বৰ ক্ষেত্ৰসমূহত কেন্দ্ৰীভূত আছিল।
-
বানু মুস্তাক
বানু মুস্তাক (Banu Mushtaq) (জন্ম ১৯৪৮) দক্ষিণৰ কৰ্ণাটক ৰাজ্যৰ এগৰাকী ভাৰতীয় সমাজকৰ্মী, অধিবক্তা আৰু সাহিত্যিক। তেওঁ কানাড়া ভাষাত লিখে৷ তেওঁৰ ৰচনাসমূহ উৰ্দু, হিন্দী, তামিল, মালায়ালম আৰু শেহতীয়াকৈ ইংৰাজী ভাষাতো প্ৰকাশ পাইছে।
-
বি এল সন্তোষ
বম্মাৰাবেট্টো লক্ষ্মীজনাৰ্দন সন্তোষ হৈছে কৰ্ণাটকৰ এগৰাকী ৰাজনীতিবিদ যিয়ে ২০১৯ চনৰ ১৫ জুলাইৰ পৰা ভাৰতীয় জনতা পাৰ্টিৰ বৰ্তমানৰ সাধাৰণ সম্পাদক(সংগঠন) হিচাপে কাৰ্যনিৰ্বাহ কৰি আহিছে। তেওঁ ২০০৬–২০১৪ চনলৈকে ভাৰতীয় জনতা পাৰ্টিৰ কৰ্ণাটকৰ ৰাজ্যিক সাধাৰণ সম্পাদক(সংগঠন) হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল,।
-
বিজয়া দাব্বে
বিজয়া দাব্বে (১ জুন ১৯৫১ – ২৩ ফেব্ৰুৱাৰী ২০১৮) আছিল ভাৰতীয় লেখিকা, নাৰীবাদী, পণ্ডিত আৰু কন্নড় ভাষাৰ সাহিত্য সমালোচক। তেওঁক প্ৰায়ে আধুনিক কন্নড় ভাষাৰ প্ৰথম নাৰীবাদী লেখিকা হিচাপে গণ্য কৰা হয়। তেওঁ কৰ্ণাটক নাৰীবাদী আন্দোলনৰ এজন গুৰুত্বপূৰ্ণ ব্যক্তিত্ব আছিল।
-
ৰাম শ্ৰী মুগালী
ৰাম শ্ৰী মুগালী (ৰংগনাথ শ্ৰীনিবাস মুগালী) (১৯০৬ চনৰ ১৫ জুলাই – ১৯৯৩ চনৰ ২০ ফেব্ৰুৱাৰী) এগৰাকী কানাড়া ভাষাৰ সাহিত্যিক আছিল। ১৯৫৬ চনত তেওঁ "কানাড়া সাহিত্য চৰিত" ৰচনাৰ বাবে কেন্দ্ৰীয় সাহিত্য অকাডেমীৰ সন্মান লাভ কৰে।