অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
সমাজ আৰু জীৱনধাৰা

পোলাও

পোলাও হৈছে চাউল দি তৈয়াৰ কৰা এটা মচলাযুক্ত খোৱা বস্তু। চাউলৰ ৰঙ বাদামী বা সোনালী কৰিবলৈ কিছু পৰিমাণে তেলত ভাজি লোৱা হয়। পাছত ভজা পিঁয়াজ, মচলা, সব্জী ইত্যাদি যোগ কৰা হয়। অঞ্চলভেদে পোলাওয়ৰ সৈতে মাংস, মাছ, সব্জী, পাস্তা আৰু শুকান ফল যোগ কৰা হয়।

হালনাগাদ: ২৯ ছেপ্তেম্বৰ ২০২৬ ১৩২ শব্দ · ১ মিনিট সংগৃহীত ৭৭
সংশোধনৰ পৰামৰ্শ

পোলাও হৈছে চাউল দি তৈয়াৰ কৰা এটা মচলাযুক্ত খোৱা বস্তু।১ চাউলৰ ৰঙ বাদামী বা সোনালী কৰিবলৈ কিছু পৰিমাণে তেলত ভাজি লোৱা হয়। পাছত ভজা পিঁয়াজ, মচলা, সব্জী ইত্যাদি যোগ কৰা হয়। অঞ্চলভেদে পোলাওয়ৰ সৈতে মাংস, মাছ, সব্জী, পাস্তা আৰু শুকান ফল যোগ কৰা হয়।

পোলাও আৰু এই ধৰণৰ খোৱা বস্তু বলকান, মধ্যপ্ৰাচ্য, ককেশাচ, মধ্য এছিয়া আৰু দক্ষিণ এছিয়া, পূৰ্ব এছিয়া, লেটিন আমেৰিকা আৰু কেৰিবীয় ৰন্ধনশৈলীত গুৰুত্বপূৰ্ণ আসন দখল কৰি আছে। বাংলাদেশ, আফগানিস্তান, আৰ্মেনিয়া, আজাৰবাইজান, বালুচি, বুখাৰাৰ ইহুদি২ ক্ৰেটান, টকিঅ, ভাৰত, ইৰাণ, কাজাক, কেনিয়া, পাকিস্তান, তানজানিয়া, জাঞ্জিবাৰ, উইঘুৰ, উজবেক৩৪, তাজিক ৫ আৰু তুৰ্কী]]৬ প্ৰভূতি ৰন্ধনশৈলীত প্ৰধান খোৱা বস্তুৰ তালিকাত পোলাওয়ে স্থান দখল কৰি আছে।

প্ৰস্তুত প্ৰণালী

সুগন্ধী চাউল যেনেকৈ বাছমতি, কলাজিৰা, চেনি ইত্যাদী যিকোনো জাতৰ চাউলক ভাল পৰিষ্কাৰ কৰি ঘি বা তেলত ভজা হয়। ইয়াৰ পাছত বিভিন্ন মচলা দি পৰিমাণ অনুযায়ী পানী দি সিদ্ধ কৰা হয়।

তথ্যসূত্ৰ

  1. ↑ "Rice Pilaf". Accessed May 2010
  2. ↑ Gil Marks. Encyclopedia of Jewish Food. Houghton Mifflin Harcourt, 2010. ISBN 9780544186316
  3. ↑ Bruce Kraig, Colleen Taylor Sen. Street Food Around the World: An Encyclopedia of Food and Culture. ABC-CLIO, 2013, p. 384. ISBN 9781598849554
  4. ↑ Russell Zanca. Life in a Muslim Uzbek Village: Cotton Farming After Communism CSCA. Cengage Learning, 2010, p. 92–96. ISBN 9780495092810
  5. ↑ Marshall Cavendish. World and Its Peoples. Marshall Cavendish, 2006, p. 662. ISBN 9780761475712
  6. ↑ Navy Bean Stew And Rice Is Turkey's National Dish আৰ্কাইভ কপি turkishfood.about.com

সম্পৰ্কিত শ্ৰেণী

খাদ্যমাংস

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “পোলাও” প্ৰবন্ধৰ সংশোধন ৬৩৯৯৭৮ (২৯ ছেপ্তেম্বৰ ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।