গান্ধীবাদী
৮ প্ৰবন্ধ
-
চৌধুৰী চৰণ সিং
চৌধুৰী চৰণ সিং (Chaudhary Charan Singh, ২৩ ডিচেম্বৰ ১৯০২ – ২৯ মে' ১৯৮৭) এজন ভাৰতীয় ৰাজনীতিবিদ আৰু স্বাধীনতা সংগ্ৰামী আছিল। তেওঁ ভাৰতৰ পঞ্চম প্ৰধানমন্ত্ৰী আৰু উত্তৰ প্ৰদেশৰ পঞ্চম মুখ্যমন্ত্ৰী হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল।
-
মীৰাবেন
মীৰাবেন (Mirabehn; জন্ম:মেডেলিন শ্লেড; ২২ নৱেম্বৰ ১৮৯২ - ২০ জুলাই ১৯৮২) এগৰাকী ভাৰতীয় স্বাধীনতা সংগ্ৰামী, সমাজকৰ্মী আৰু পৰিৱেশবিদ। তেওঁ ১৯২০ৰ দশকত মহাত্মা গান্ধীৰ সৈতে থাকিবলৈ আৰু কাম কৰিবলৈ ইংলেণ্ডৰ গৃহ ত্যাগ কৰিছিল।
-
সৰলা বেন
সৰলা বেন (Sarla Behn; জন্ম: কেথেৰিন মেৰী হেইলমেন; ৫ এপ্ৰিল ১৯০১ – ৮ জুলাই ১৯৮২) এগৰাকী ব্ৰিটিছ গান্ধীবাদী সমাজকৰ্মী আছিল। তেওঁ উত্তৰাখণ্ডৰ কুমাও অঞ্চলত কৰা কামে ৰাজ্যখনৰ হিমালয়ৰ অৰণ্যত পৰিৱেশ ধ্বংসৰ বিষয়ে সজাগতা সৃষ্টি কৰাত সহায় কৰিছিল।
-
চণ্ডী প্ৰসাদ ভাট
চণ্ডী প্ৰসাদ ভাট (Chandi Prasad Bhatt; জন্ম ২৩ জুন ১৯৩৪) এগৰাকী ভাৰতীয় পৰিৱেশবিদ আৰু সমাজ-কৰ্মী, যিয়ে ১৯৬৪ চনত গোপেশ্বৰ দশোলী গ্ৰাম স্বৰাজ্য সংঘ (ডিজিএছএছ) প্ৰতিষ্ঠা কৰিছিল আৰু পাছলৈ সেই অনুষ্ঠান চিপকো আন্দোলনৰ মাতৃ-সংগঠন হৈ পৰিছিল; তেওঁ তাৰ অন্যতম পথ-প্ৰদৰ্শক আছিল।
-
জোহৰাবেন চাৱড়া
জোহৰাবেন আকবৰভাই চাৱড়া (১৯২৩–১৯৯৭) এগৰাকী গান্ধীবাদী সমাজ সংস্কাৰক আৰু বানাস্কান্তৰ পৰা তৃতীয় লোকসভাৰ সদস্য আছিল।
-
পোনাকা কনকাম্মা
পোনাকা কনকাম্মা (Ponaka Kanakamma; ১৮৯২–১৯৬৩) হ'ল এগৰাকী ভাৰতীয় সমাজকৰ্মী, কৰ্মী আৰু স্বাধীনতা সংগ্ৰামী, যিগৰাকী মহাত্মা গান্ধীৰ শিষ্য হিচাপে এবছৰতকৈও অধিক সময় কাৰাগাৰত বন্দী হৈ আছিল। তেখেতে নেল্লোৰত ছোৱালীৰ বাবে এখন বৃহৎ বিদ্যালয় শ্ৰী কস্তুৰীদেৱী বিদ্যালম প্ৰতিষ্ঠা কৰিছিল।
-
প্ৰেমলীলা বিথালদাস থাকাৰচি
লেডী থাকাৰচি নামেৰে পৰিচিত প্ৰেমলীলা বিথালদাছ (১৮৯৪–১৯৭৭) এগৰাকী ভাৰতীয় শিক্ষাবিদ আৰু গান্ধীবাদী আছিল নাৰী। শিক্ষাবিদ আৰু দানবীৰ ছাৰ বিথালডাস থাকাৰচিৰ পত্নী আছিল প্ৰেমলীলা বিথালদাস থাকাৰচি। ১৯২৫ চনত যেতিয়া তেওঁৰ স্বামীৰ মৃত্যু হয়, তেতিয়া তেওঁৰ বয়স আছিল ৩১ বছৰ।
-
বিবি আমতুছ চালাম
বিবি আমতুছ চালাম (মৃত্যুঃ ২৯ চেপ্টেম্বৰ ১৯৮৫) এগৰাকী সমাজ কৰ্মী আৰু মহাত্মা গান্ধীৰ শিষ্য আছিল, যিয়ে ভাৰত বিভাজনৰ পিছত সাম্প্ৰদায়িক হিংসাৰ বিৰুদ্ধে যুঁজ দিয়াত আৰু বিভাজনৰ পিছত ভাৰতলৈ অহা শৰণাৰ্থীসকলৰ পুনৰ সংস্থাপনৰ ক্ষেত্ৰত সক্ৰিয় ভূমিকা পালন কৰিছিল।