অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
সমাজ আৰু জীৱনধাৰা

স্ব-নিয়োজিত মহিলা সন্থা

স্বনিয়োজিত মহিলা সংস্থা (Self Employed Women's Association, SEWA), ভাৰতৰ আহমেদাবাদত অৱস্থিত এটা বাণিজ্য সংঘ। তেওঁলোকে কম আয়ৰ, স্বতন্ত্ৰভাৱে নিয়োজিত মহিলা শ্ৰমিকৰ অধিকাৰৰ প্ৰসাৰ ঘটায়।ভাৰতৰ আঠখন ৰাজ্যৰ প্ৰায় ২০ লাখ শ্ৰমিক স্ব-নিয়োজিত মহিলা সন্থাৰ সদস্য।

হালনাগাদ: ৭ আগষ্ট ২০২৬ ১৮৯ শব্দ · ১ মিনিট সংগৃহীত ৭৫
সংশোধনৰ পৰামৰ্শ

স্বনিয়োজিত মহিলা সংস্থা (Self Employed Women's Association, SEWA), ভাৰতৰ আহমেদাবাদত অৱস্থিত এটা বাণিজ্য সংঘ। তেওঁলোকে কম আয়ৰ, স্বতন্ত্ৰভাৱে নিয়োজিত মহিলা শ্ৰমিকৰ অধিকাৰৰ প্ৰসাৰ ঘটায়।১ভাৰতৰ আঠখন ৰাজ্যৰ প্ৰায় ২০ লাখ শ্ৰমিক স্ব-নিয়োজিত মহিলা সন্থাৰ সদস্য। স্বনিয়োজিত মহিলাসকলক এনেসকলক সংজ্ঞায়িত কৰা হয় যিসকলৰ নিয়োগকৰ্তা-কৰ্মচাৰীৰ মাজত নিৰ্দিষ্ট সম্পৰ্ক নাথাকে আৰু আনুষ্ঠানিকভাৱে নিয়োজিত শ্ৰমিকৰ দৰে নিৰ্দিষ্ট দৰমহা আৰু সামাজিক সুৰক্ষা লাভ নকৰে। সেয়েহে তেওঁলোকৰ আয় আৰু জীৱন অধিক অস্বস্তিকৰ।২সন্থা সম্পূৰ্ণ নিয়োগৰ লক্ষ্যক কেন্দ্ৰ কৰি সংগঠিত হৈছে য'ত এগৰাকী মহিলাই কৰ্ম, আয়, খাদ্য, আৰু স্বাস্থ্যসেৱা, শিশুৰ যত্ন, বীমা, পেঞ্চন আৰু আশ্ৰয়ৰ দৰে সামাজিক সুৰক্ষা নিশ্চিত কৰে।৩ এই লক্ষ্যসমূহ সম্পন্ন কৰাৰ আঁৰৰ নীতিসমূহ হৈছে ক্ৰমে সংগ্ৰাম আৰু উন্নয়ন, অৰ্থাৎ অংশীদাৰসকলৰ সৈতে আলোচনা কৰা আৰু সেৱা প্ৰদান কৰা।৪৩

১৯৭২ চনত শ্ৰমিক অধিবক্তা তথা সংগঠক এলা ভাটে এই সন্থাটো প্ৰতিষ্ঠা কৰিছিল। ১৯১৮ চনত মোহনদাস কৰমচান্দ গান্ধীয়ে প্ৰতিষ্ঠা কৰা শ্ৰমিক সংঘ টেক্সটাইল লেবাৰ এছ'চিয়েচন (টিএলএ)ৰ মহিলা শাখাৰ জৰিয়তে ইয়াৰ উত্থান ঘটিছিল।৫ এই সংস্থাটো অতি দ্ৰুতগতিত বৃদ্ধি পায়। ১৯৯৬ চনত ৩০,০০০ সদস্যৰ পৰা ২০০০ চনত ৩১৮,৫২৭ জনলৈ আৰু ২০১৩ চনত ১,৯১৯,৬৭৬ জনলৈ সদস্যলৈ ইয়াৰ বিকাশ সাধন হয়।২৬ ২০২৩ চনত প্ৰায় ২০ লাখ সদস্য সন্থাৰ কগত চামিল হয়।৭ ২০০৮ চনৰ বিত্তীয় সংকটৰ পূৰ্বেও ভাৰতৰ ৯০% তকৈ অধিক শ্ৰমিক জনসংখ্যা অনানুষ্ঠানিক খণ্ডত আছিল। ২০০৯ চনত ৯৪% শ্ৰমিক মহিলাই অনানুষ্ঠানিক খণ্ডত কাম কৰিছিল।৮৯ ভাৰতৰ ইতিহাস আৰু পিতৃতান্ত্ৰিক ব্যৱস্থাইও এই বৈষম্যত অৰিহণা যোগায় কাৰণ পৰম্পৰাগত লিংগ ভূমিকাই মহিলাসকলক নিয়মীয়া, সুৰক্ষিত শ্ৰমৰ পৰা বাদ দিয়ে।১০

তথ্যসূত্ৰ

  1. ↑ Howard Spodek. (October 1994). Review: The Self-Employed Women's Association (SEWA) in India: Feminist, Gandhian Power in Development. Economic Development and Cultural Change. University of Chicago Press. পৃ. 193–202
  2. ↑ Rekha Datta. (Spring 2003). From Development to Empowerment: The Self-Employed Women's Association in India. International Journal of Politics, Culture and Society. পৃ. 351–368
  3. ↑ About Us: Introduction. Self Employed Women's Association
  4. ↑ Martha Chen; Chris Bonner; Françoise Carré. (2015). Organizing Informal Workers: Benefits, Challenges and Successes. UNDP Human Development Report. 2015 UNDP Human Development Report Office. পৃ. 13
  5. ↑ Spodek, Howard. (2011). Ahmedabad: Shock city of the twentieth century India. Indiana University Press. পৃ. 253. ISBN 978-0253355874
  6. ↑ (2013). Annual Report. Self Employed Women's Association. পৃ. 4
  7. ↑ Oza, Rupal. The Making of Neoliberal India. পৃ. 21–44
  8. ↑ Das, Shakuntala. (2015). Growing Informality, Gender Equality and the Role of Fiscal Policy in the Face of the Current Economic Crisis: Evidence from the Indian Economy. International Journal of Political Economy. পৃ. 277–295
  9. ↑ Bhatt, Ela. (23 July 2009). Citizenship of Marginals. Seminar Publications Based on the Third R.K. Talwar Memorial Lecture delivered at the Indian Institute of Banking and Finance, Mumbai, 23 July 2009
  10. ↑ Edward Webster. (2011). Organizing in the Informal Economy: Ela Bhatt and the Self-Employed Women's Association of India. Labour, Capital and Society. পৃ. 99–125

সম্পৰ্কিত শ্ৰেণী

নাৰীৰ অধিকাৰভাৰতৰ নাৰীনাৰীবাদী সংগঠনঅৰ্থনীতি

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “স্ব-নিয়োজিত মহিলা সন্থা” প্ৰবন্ধৰ সংশোধন ৬২৪৬২২ (৭ আগষ্ট ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।