নৰ্থ ইষ্ট ইউনাইটেড ফুটবল ক্লাব (NorthEast United Football Club) হ'ল ইণ্ডিয়ান ছুপাৰ লীগত অংশগ্ৰহণ কৰা অসমৰ গুৱাহাটীৰ এক পেছাদাৰী ফুটবল ফ্ৰেঞ্চাইজি। এই দলে ইণ্ডিয়ান ছুপাৰ লীগৰ ২০১৪ চনৰ প্ৰাৰম্ভিক বৰ্ষৰপৰা নিজৰ আনুষ্ঠানিক খেল আৰম্ভ কৰে।১ এই দলটোৰ স্বত্বাধিকাৰী বলিউডৰ অভিনেতা জন আব্ৰাহম।১
ইতিহাস
২০১৪ চনৰ প্ৰথমভাগত ভাৰতৰ ৰাষ্ট্ৰীয় ফুটবল সংস্থা সৰ্বভাৰতীয় ফুটবল ফেডাৰেচন আৰু IMG-Reliance কোম্পানীয়ে প্ৰস্তাৱিত ইণ্ডিয়ান ছুপাৰ লীগৰ ৮ টা দলৰ কাৰণে ৯ খন নিৰ্বাচিত নগৰৰপৰা ফুটবল ফ্ৰেঞ্চাইজিৰ মালিকীস্বত্বৰ বাবে আবেদন আহ্বান কৰে।২ ২০১৪ চনৰ ১৩ এপ্ৰিল তাৰিখে বলিউড অভিনেতা জন আব্ৰাহম আৰু শ্বিলং লাজং ফুটবল ক্লাবে গুৱাহাটী ফ্ৰেঞ্চাইজিৰ মালিকীস্বত্ব লাভ কৰে।১
২০১৪ চনৰ ১৩ অক্টোবৰ তাৰিখে গুৱাহাটীৰ ইন্দিৰা গান্ধী এথলেটিক ষ্টেডিয়ামত অনুষ্ঠিত নিজৰ প্ৰথমখন খেলত নৰ্থ ইষ্ট ইউনাইটেডে স্পেইনৰ ছাৰ্জিঅ' ক'কেৰ একমাত্ৰ গ'লৰ সহায়ত কেৰালা ব্লাষ্টাৰ্ছক ১-০ গ'লত পৰাজিত কৰে।৩
প্ৰতীক
নৰ্থ ইষ্ট ইউনাইটেডৰ প্ৰতীকটোৰ ওপৰভাগত ৮টা তৰা আছে আৰু এই ৮ টা তৰাই এই ক্লাবটোৱে প্ৰতিনিধিত্ব কৰা উত্তৰ-পূব ভাৰতৰ ৮ খন ৰাজ্য বুজাইছে। প্ৰতীকটোত ৰঙা, ক'লা আৰু বগা ৰং ব্যৱহাৰ কৰা হৈছে। মূল প্ৰতীকটো আৰু তৰাকেইটাৰ মাজত ক্লাবটোৰ নাম লিখা হৈছে।
মালিকীস্বত্ব
নৰ্থ ইষ্ট ইউনাইটেড এফ চিৰ মালিকীস্বত্ব যুটীয়াভাৱে জন আব্ৰাহম, শ্বিলং লাজং এফ চি আৰু উদ্যোগী সঞ্জীৱ নাৰায়ণৰ হাতত আছিল। জন আব্ৰাহম এজন ভাৰতীয় বলিউড অভিনেতা, চলচ্চিত্ৰ প্ৰযোজক আৰু প্ৰাক্তন মডেল।৪ শ্বিলং লাজং ফুটবল ক্লাব হ'ল মেঘালয়ৰ শ্বিলংস্থিত ভাৰতীয় আই-লীগ ক্লাব। পিছলৈ শ্বিলং লাজং আৰু সঞ্জীৱ নাৰায়ণ অংশীদাৰিত্বৰ পৰা আতঁৰি যায়।
আনুষ্ঠানিক সংগীত (anthem)
২০১৪ চনৰ ১ অক্টোবৰ তাৰিখে নৰ্থ ইষ্ট ইউনাইটেড এফ চিৰ আনুষ্ঠানিক সংগীত “We are the 8” ইউটিউবত উন্মোচন কৰা হয়। সংগীতটোত উত্তৰ পূব ভাৰতৰ বহুকেইজন গায়ক-গায়িকাই কণ্ঠ দিয়ে। সংগীত পৰিচালনা আৰু প্ৰযোজনা কৰে অংগৰাগ মহন্তই, গীতৰ কথা নিমা নামচুৰ। সংগীতটোত অংশগ্ৰহণ কৰা শিল্পীসকল হ’ল Lou Majaw, Guru Rewben Mashangva, জুবিন গাৰ্গ, তিপৃতি, Rudy Wallang, Alobo Naga, Tetseo Sisters, বুমেৰাং, গিৰীশ এণ্ড দা ক্ৰনিক্লছ, বি কে, দা ভিনাইল ৰেকৰ্ড্ছ, জয় বৰুৱা, কল্যাণ বৰুৱা আৰু জিণ্টি দত্ত।
খেলুৱৈ
২০১৪ চনৰ ১৬ জুলাইত ইণ্ডিয়ান ছুপাৰ লীগৰ কাৰণে নৰ্থ ইষ্ট ইউনাইটেড ফুটবল ক্লাবৰ marquee খেলুৱৈ হিচাপে স্পেইনৰ বিশ্বকাপজয়ী ফুটবল দলৰ খেলুৱৈ জোৱান কেপডেভিলাৰ নাম ঘোষণা কৰা হয়।৫
খেলুৱৈ আৰু ষ্টাফ
বৰ্তমান দল
বৰ্তমানৰ কাৰিকৰী ষ্টাফ
| পদবী | নাম |
|---|---|
| প্ৰশিক্ষক | খালী |
| সহকাৰী প্ৰশিক্ষক | ফ্লইড পিণ্টো |
| গ'লকীপিং প্ৰশিক্ষক | দীপাংকৰ চৌধুৰী |
কীট নিৰ্মাণকৰ্তা আৰু ছাৰ্ট স্প'নছৰ
| সময়সীমা | কীট নিৰ্মাণকৰ্তা | ছাৰ্ট স্প'নছৰ |
|---|---|---|
| ২০১৪ | আদিদাচ | এইছটিচি |
| ২০২১– | ছিক্সফাইভছিক্স | অমৃত চিমেণ্ট |
তথ্যসূত্ৰ
- ↑ Basu, Saumyajit. Stars embrace football through Indian Super League. Times of India
- ↑ Indian Super League sees interest from 30 franchise bidders. Business Standard
- ↑ Abhishek Nandwani. (১৪ অক্টোবৰ ২০১৪). ISL 2014: Koke's goal gives NorthEast United FC 1-0 win over Kerala Blasters. IBN Live
- ↑ (10 January 2003). John Abraham enters Bollywood with Jism. Times of India
- ↑ www.theguardian.com/football/2014/jul/16/joan-ca
- ↑ Players. Indian Super League
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “নৰ্থ ইষ্ট ইউনাইটেড এফ চি” প্ৰবন্ধৰ সংশোধন ৪৪৮৮৯৯ (২৭ নৱেম্বৰ ২০২৪)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।