অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
খেল-ধেমালি

ইষ্ট বেংগল ফুটবল ক্লাব

ইষ্ট বেংগল ফুটবল ক্লাব (East Bengal Football Club) হৈছে ভাৰতৰ সৰ্বাধিক সফল ফুটবল ক্লাববোৰৰ অন্যতম। পশ্চিম বংগৰ কলিকতা চহৰত অৱস্থিত এই ফুটবল ক্লাবটোৱে এতিয়ালৈকে তিনিবাৰকৈ নেচনেল ফুটবল লীগ আৰু আই-লীগ আৰু সাতবাৰ ফেডাৰেচন কাপ জিকিছে।

হালনাগাদ: ৮ আগষ্ট ২০২৬ ৫২১ শব্দ · ৩ মিনিট সংগৃহীত ৮৬
সংশোধনৰ পৰামৰ্শ

ইষ্ট বেংগল ফুটবল ক্লাব (East Bengal Football Club) হৈছে ভাৰতৰ সৰ্বাধিক সফল ফুটবল ক্লাববোৰৰ অন্যতম। পশ্চিমবংগৰ কলিকতা চহৰত অৱস্থিত এই ফুটবল ক্লাবটোৱে এতিয়ালৈকে তিনিবাৰকৈ নেচনেল ফুটবল লীগ আৰু আই-লীগ আৰু সাতবাৰ ফেডাৰেচন কাপ জিকিছে। বৰ্তমান ইষ্ট বেংগল ফুটবল ক্লাব ভাৰতৰ সৰ্বোচ্চ ফুটবল লীগ, ইণ্ডিয়ান ছুপাৰ লীগত খেলা ক্লাব সমূহৰ অন্যতম ক্লাব।

১৯২০ চনত এই ক্লাবৰ প্ৰতিষ্ঠা কৰা হৈছিল। ১৯২০ চনৰ ২৮ জুলাই তাৰিখে মোহন বাগানৰ এখন খেলত ক্লাবৰ পৰিচালকে ডিফেণ্ডাৰ শৈলেস বসুক নেখেলোৱাৰ কথাটোত মোহন বাগান ক্লাবৰ উপাধ্যক্ষ সুৰেশ চন্দ্ৰ চৌধুৰীৰ খং উঠে আৰু তেখেতে মোহন বাগান ক্লাব এৰি দি ১৯২০ চনৰ ১ আগষ্ট তাৰিখে ইষ্ট বেংগল ফুটবল ক্লাব প্ৰতিষ্ঠা কৰে১। ১৯৯৭ চনত ইষ্ট বেংগল ক্লাবে এচিয়ান কাপ ৱিনাৰ্ছ কাপত যোগদান কৰা প্ৰথম ভাৰতীয় ক্লাবৰ সন্মান লাভ কৰে২।

ইষ্ট বেংগল ফুটবল ক্লাবৰ চিৰবৈৰী ক্লাব হৈছে মোহন বাগান। মোহন বাগান আৰু ইষ্ট বেংগল ক্লাবৰ মুখামুখি খেল বিলাকক কলকাতা ডাৰ্বি বুলি জনা যায়।

বুৰঞ্জী

১৯২০ চনৰ ২৮ জুলাই তাৰিখে মোহন বাগান ফুটবল ক্লাবে জোৰাবাগান ক্লাবৰ বিৰুদ্ধে কোচবিহাৰ কাপৰ এখন খেলত অৱতীৰ্ণ হৈছিল৩। সেই খেলখনত মোহন বাগান দলৰ প্ৰথম এঘাৰজন খেলুৱৈৰপৰা কোনো অজ্ঞাত কাৰণত ডিফেণ্ডাৰ শৈলেস বসুক বাদ দিয়া হৈছিল৩। মোহন বাগানৰ উপাধ্যক্ষ সুৰেশ চন্দ্ৰ চৌধুৰীয়ে বসুক দলত অন্তৰ্ভুক্ত কৰাটো বিছাৰিছিল কিন্তু দলৰ প্ৰশিক্ষক সকলে সেই কথাটো আওকান কৰাত চৌধুৰীয়ে মোহন বাগান ক্লাব এৰি দিয়ে। পিছত ১৯২০ চনৰে ১ আগষ্ট তাৰিখে সুৰেশ চন্দ্ৰ চৌধুৰী, ৰাজা চৌধুৰী, ৰমেশ সেন আৰু অৰবিন্দ ঘোষ লগ হৈ ইষ্ট বেংগল ক্লাব গঠন কৰে৩।

ইষ্ট বেংগল ক্লাবে সেই মাহতে হাৰকিউলিছ কাপত যোগ দি প্ৰথম ফুটবল প্ৰতিযোগিতাত অংশগ্ৰহণ কৰে৩। ইষ্ট বেংগল সেই প্ৰতিযোগিতাত বিজয়ী হয় আৰু তাৰ পিছত ইষ্ট বেংগল ভাৰতীয় ফুটবল এ’ছচিয়েচনৰ অন্তৰ্ভুক্ত হয়। তাৰ পিছত আই. এফ. এ’. দ্বিতীয় ডিভিজনত ইষ্ট বেংগলে অংশ গ্ৰহণ কৰি লীগ ফুটবলত নিজৰ অভিষেক ঘটায়৩। নিজৰ প্ৰথম ক্ৰীড়াবৰ্ষত ইষ্ট বেংগলে আই. এফ. এ’. শ্বিল্ড দ্বিতীয় ডিভিজনৰ তৃতীয় স্থানত থাকে৩।

১৯২৪ চনত ইষ্ট বেংগল ক্লাবে আই. এফ. এ’. দ্বিতীয় ডিভিজনত দ্বিতীয় স্থানত থাকে। প্ৰথম স্থানত আছিল কেমেৰুন-বি দলটো৩। কিন্তু যিহেতু কেমেৰুন-এ দলটো ইতিমধ্যেই আই. এফ. এ’. শ্বিল্ড প্ৰথম ডিভিজনত আছিল, সেয়ে কেমেৰুন-বি দলে প্ৰথম ডিভিজনলৈ উন্নীত হোৱাৰ যোগ্যতা নাপায় আৰু ইষ্ট বেংগল ফুটবল ক্লাবে প্ৰথম বাৰৰ বাবে আই. এফ. এ’. শ্বিল্ডৰ প্ৰথম ডিভিজনত অংশগ্ৰহণ কৰাৰ সুযোগ পায়৩। আই. এফ. এ’ (ইণ্ডিয়ান ফুটবল এ’ছচিয়েচন) তেতিয়া এক ব্ৰিটিছ সংস্থা আছিল আৰু ইয়াৰ নিয়মমতে তেতিয়া মাত্ৰ দুটা ভাৰতীয় ফুটবল দলেহে প্ৰথম ডিভিজনত অংশগ্ৰহণ কৰিব পাৰিছিল। সেইবছৰ এই লীগত খেলিবলৈ যোগ্যতা অৰ্জন কৰা তৃতীয় দল হৈছে ইষ্ট বেংগল আৰু এই কথাটোৱে কিছু আপত্তিৰ সৃষ্টি কৰিছিল। আপত্তি মীমাংসা কৰিবলৈ লীগৰ প্ৰথম ডিভিজনৰ সমূহ ক্লাবৰ মাজত ভোট গ্ৰহণ কৰা হৈছিল আৰু মোহন বাগান আৰু আৰ্য়ানচ ক্লাবৰ বাহিৰে বাকী নটা ব্ৰিটিছ ক্লাবে ইষ্ট বেংগল ফুটবল ক্লাবৰ সপক্ষে ভোট দিয়াত ইষ্ট বেংগল ফুটবল ক্লাবে আই. এফ. এ’. শ্বিল্ড প্ৰথম ডিভিজনত খেলাৰ যোগ্যতা অৰ্জন কৰে৩। এই ঘটনাটোৰ পিছত আই. এফ. এ’.-ই ভাৰতীয় ক্লাবৰ ক্ষেত্ৰৰ সংখ্যাৰ সীমাবদ্ধতা আঁতৰাই দিয়ে৩।

১৯৪২ চনত ইষ্ট বেংগলে প্ৰথমটো আই. এফ. এ’. খিতাপ দখল কৰে৪। ১৯৪৩ চনত ইষ্ট বেংগলে প্ৰথম বাৰৰ বাবে আই. এফ. এ’. শ্বিল্ড দখল কৰে। ১৯৪৫ চনত ইষ্ট বেংগলে আই. এফ. এ’. শ্বিল্ড আৰু কলিকতা ফুটবল লীগ - দুয়োটা খিতাপ দখল কৰে৪। ইষ্ট বেংগল ফুটবল ক্লাবে ১৯৪৯ চনত ৰ’ভাৰ্ছ কাপ আৰু ১৯৫১ চনত ডুৰাণ্ড কাপৰ বিজয়ী হয়। ১৯৪৯, ১৯৫০ আৰু ১৯৫১ চনত, অবিৰত ভাৱে তিনিবছৰ ইষ্ট বেংগলে আই. এফ. এ’. শ্বিল্ডত বিজয় সাব্যস্ত কৰে৪। ১৯৫৩ চনত ইষ্ট বেংগল ক্লাবে তেতিয়াৰ চোভিয়েট যুক্তৰাজ্য আৰু ৰোমানিয়া ভ্ৰমণ কৰে৪। ১৯৭৩ চনত দক্ষিণ কোৰিয়াৰ ক্লাব পিয়ং-য়ঙৰ বিৰুদ্ধে বিজয়ী হৈ ইষ্ট বেংগলে আই. এফ. এ’. শ্বিল্ড দখল কৰে৫।

১৯৭০ চনৰ পৰা ১৯৭৫ চনলৈকে, অবিৰত ভাৱে ছবছৰ ইষ্ট বেংগল ক্লাব কলিকতা ফুটবল লীগৰ বিজয়ী হৈ থাকে৫। সেই কেই বছৰত ইষ্ট বেংগলে আই. এফ. এ’. শ্বিল্ড, ৰ’ভাৰ্ছ কাপ আৰু ডুৰাণ্ড কাপো জিকে৫। ১৯৭২ চনত ইষ্ট বেংগল ফুটবল ক্লাবে একেলগে এই চাৰিওটা খিতাপ দখল কৰে৫। ১৯৮৪ চনত ক্লাবলৈ দীপক দাসৰ আগমন ঘটে আৰু তেখেতে ক্লাবটোক এক পেছাদাৰী ফুটবল ক্লাব হিচাপে গঢ় দিয়া আৰম্ভ কৰে৫। ১৯৭৮, ১৯৮০ আৰু ১৯৮৫ চনত ইষ্ট বেংগলে ফেডাৰেচন কাপ দখল কৰে। ১৯৮৫-৮৬ চনত ইষ্ট বেংগল ফুটবল ক্লাব এ’ছিয়ান ক্লাব চেম্পিয়নছিপত অংশগ্ৰহণ কৰা প্ৰথম ভাৰতীয় দল হিচাপে পৰিগণিত হয়৫। ১৯৯০ চনত ইষ্ট বেংগলে আকৌ একেটা বছৰতে আই. এফ. এ’. শ্বিল্ড, ৰ’ভাৰ্ছ কাপ আৰু ডুৰাণ্ড কাপ জয় কৰে। ১৯৯৩ চনত ইষ্ট বেংগলে নেপালৰ ৱাই-ৱাই কাপ জয় কৰে৫।

১৯৯৮ চনত দীপক দাস আৰু ইউনাইটেড ব্ৰিৱাৰিজ গ্ৰুপৰ মালিক বিজয় মালিয়াৰ মজত হোৱা এক চুক্তিমতে ইউনাইটেড ইষ্ট বেংগল ফুটবল টীম প্ৰাইভেত লিমিটেড নামৰ এক নতুন কোম্পানী গঠন কৰা হয়৫। তাৰ পিছৰে পৰা ক্লাবৰ নাম হয় কিংফিছাৰ ইষ্ট বেংগল৫। তাৰ পিছত ২০০৩ চনত ইণ্ডোনেছিয়াৰ জাকাৰ্টাত অনুষ্ঠিত হোৱা এ’ছীয়ান কাপ জিকি যিকোনো আন্তৰ্জাতিক প্ৰতিযোগিতা জিকা প্ৰথম ভাৰতীয় ক্লাব হিচাপে ইষ্ট বেংগল ফুটবল ক্লাবে অভিলেখ গঢ়ে৬। ১৯৯৬ চনত আৰম্ভ হোৱা ভাৰতৰ নেশ্যনেল ফুটবল লীগৰ এক প্ৰতিষ্ঠাপক সদস্য হৈছে ইষ্ট বেংগল ফুটবল ক্লাব৭।

২০০০-২০০১ ক্ৰীড়াবৰ্ষৰ নেশ্যনেল ফুটবল লীগ ইষ্ট বেংগল ফুটবল ক্লাবে জিকে৬। ২০০২-২০০৩ আৰু ২০০৩-২০০৪ ক্ৰীড়াবৰ্ষটো এই লীগ ইষ্ট বেংগলেই জিকে৬। ২০০৭, ২০০৯ আৰু ২০১০ চনৰ ফেডাৰেশ্যন কাপ ইষ্ট বেংগল দলে জিকে৬। ২০০৬ আৰু ২০১১ চনৰ ইণ্ডিয়ান চুপাৰ কাপ প্ৰতিযোগিতাতো ইষ্ট বেংগল ফুটবল ক্লাব বিজয়ী হয়৬।

প্ৰতীক চিহ্ন

১৯৩০ চনৰ মোহনদাস কৰমচান্দ গান্ধীৰ নেতৃত্বাধীন সত্যাগ্ৰহ আন্দোলনৰ প্ৰভাৱ ভাৰতীয় ফুটবলতো পৰিছিল। ভাৰতীয় ফুটবল ক্লাব সমূহে কলিকতা ফুটবল লীগৰপৰা ক্ৰীড়াবৰ্ষৰ মাজভাগতে বয়কট কৰিছিল। এইবিলাক খেলিমেলিৰ মাজতে ৰয়েল ৰেজিমেণ্ট দলক এই লীগৰ প্ৰথম ডিভিজনৰ বিজয়ী ঘোষণা কৰ হয়। দ্বিতীয় ডিভিজনত বহুত আগবাঢ়ি থাকিলেও ইষ্ট বেংগল দলক কিন্তু প্ৰথম ডিভিজনলৈ উত্তীৰ্ণ কৰা হোৱা নাছিল। এই কথাটোত তেওঁলোকে মোহন বাগান দলৰ হাত থকা বুলি সন্দেহ কৰে আৰু সহস্ৰাধিক সমৰ্থক আৰু কৰ্মকৰ্তাই ইষ্ট বেংগল গ্ৰাউণ্ডত হাতে হাতে জোঁৰ লৈ প্ৰতিবাদ সাব্যস্ত কৰে। এই ঘটনাটোতে ক্লাবৰ বিষয়ববীয়া সকলে ক্লাবৰ প্ৰতীক চিহ্নটো জোঁৰ হিচাপে লোৱাৰ সিদ্ধান্ত লয় আৰু সেইটোৱেই এতিয়াও ক্লাবৰ প্ৰতীক৮।

ক্লাবৰ ৰঙ

ইষ্ট বেংগল ফুটবল ক্লাবৰ ৰঙ হৈছে ৰঙা আৰু সোণালী। ঘৰুৱা খেলপথাৰত খেলা খেলসমূহত ক্লাবৰ খেলুৱৈ সকলে ৰঙা আৰু সোণালী ৰঙৰ চোলা, ক’লা ৰঙৰ হাফপেণ্ট আৰু ৰঙা মোজা পিন্ধে। অন্য ক্লাবৰ খেলপথাৰত খেলা খেলসমূহত ক্লাবৰ খেলুৱৈ সকলে বগা চোলা, ক’লা হাফপেণ্ট আৰু বগা মোজা পিন্ধে।

এই ৰঙ কেইটাৰ লগত জড়িত এটা কাহিনী আছে। ক্লাবৰ প্ৰতিষ্ঠাৰ পিছত কৰ্মকৰ্তা সকলে যেতিয়া পোছাকৰ ৰঙ সম্পৰ্কে বিতৰ্ক কৰি আছিল, তেতিয়া চৌৰিঙ্গীৰ হোৱাইটেৱে, লেইডল’ এণ্ড কো. ডিপাৰ্টমেণ্টেল ষ্ট’ৰত ওলোমাই থোৱা এক ৰঙা আৰু সোণালী ৰঙৰ চোলাই সকলোৰে দৃষ্টি আকৰ্ষণ কৰিছিল। তাৰ পিছৰে পৰা এই ৰঙ দুইটাক ক্লাবৰ ৰঙ হিচাপে গণ্য কৰা হয়১।

ক্লাবৰ খেলপথাৰ

চল্ট লে’ক ষ্টেডিয়াম

ইষ্ট বেংগল ক্লাবে বেছিভাগ খেলৰ কাৰণে ব্যৱহাৰ কৰা চল্ট লে'ক ষ্টেডিয়াম
ইষ্ট বেংগল ক্লাবে বেছিভাগ খেলৰ কাৰণে ব্যৱহাৰ কৰা চল্ট লে'ক ষ্টেডিয়ামছবি: Lovedimpy · Public domain

পশ্চিম বংগৰ কলিকতা চহৰৰ এক বহুমুখী খেলপথাৰ হৈছে চল্ট লে’ক ষ্টেডিয়াম। এইখন ভাৰতৰ সৰ্ববৃহৎ খেলপথাৰ আৰু বৰ্তমান এইখন খেলপথাৰ বিশেষকৈ ফুটবল খেল সমূহ পাতিবলৈ ব্যৱহাৰ কৰা হয়। ১৯৮৪ চনত এই খেলপথাৰ খনৰ নিৰ্মাণ কৰা হয় আৰু ইয়াৰ সামগ্ৰীক দৰ্শক ক্ষমতা হৈছে ১,২০,০০০৯।

এইখন ষ্টেডিয়ামত দৌৰ প্ৰতিযোগিতাৰ বাবে প্ৰয়োজনীয় ট্ৰেক, ইলেকট্ৰনিক স্ক’ৰব’ৰ্ড, কৃত্ৰিম টাৰ্ফ, ফ্লাডলাইট, বাতানুকুল ভি. আই. পি. ৰেষ্ট ৰুম, কনফাৰেন্স হল, চিকিৎসা কোঠা আৰু ড’পিঙ ক’ণ্ট্ৰ’ল ৰুম ইত্যাদি সা সুবিধা আছে৯।

এই চল্ট লে’ক ষ্টেডিয়ামত ইষ্ট বেংগল ফুটবল ক্লাবৰ আই লীগ আৰু এ’. এফ. চি. কাপৰ ঘৰুৱা খেলসমূহ অনুষ্ঠিত হয়।

ইষ্ট বেংগল গ্ৰাউণ্ড

কলিকতাৰ অন্য এখন খেলপথাৰ হৈছে ইষ্ট বেংগল গ্ৰাউণ্ড। এই খেলপথাৰখন বৰ্তমান মাত্ৰ ফুটবল খেলৰ বাবে ব্যৱহৃত হয় আৰু ইয়াতে ইষ্ট বেংগলে খেলা কলিকতা ফুটবল লীগৰ ঘৰুৱা খেলসমূহ অনুষ্ঠিত হয়। এই খেলপথাৰখনত দৰ্শক সামৰ্থ্য হৈছে ২৩,৫০০ জন৯।

,২০১০ চনৰপৰা বৰ্তমানলৈ ইষ্ট বেংগল ফুটবল ক্লাবৰ প্ৰশিক্ষক]]

সমৰ্থক

ইষ্ট বেংগল ফুটবল ক্লাবৰ ভাৰতত এক বৃহৎ সংখ্যক সমৰ্থক আছে। ইষ্ট বেংগল ক্লাবৰ সমৰ্থক সকলৰ নিজা এটা ৱেব-ছাইটো আছে, যিটো জনা যায় ইষ্ট বেংগল - দা ৰিয়েল পাৱাৰ নামেৰে।

খেলুৱৈসকল

First-team squad

১০

সন্মান

বিস্তাৰিত: ইষ্ট বেংগল ফুটবল ক্লাবৰ ছিজনৰ তালিকা

ঘৰুৱা

  • আই-লীগ

ৰাণাৰ্ছ-আপ (2): 2010-11, 2011-12

  • নেচনেল ফুটবল লীগ (ইং ৱিকি: National Football League) (২০০৬ পৰ্য্যন্ত)

বিজয়ী (3): 2000-01, 2002-03, 2003-04 ৰাণাৰ্ছ-আপ (3): 1997-98, 1998-99, 2005-06

  • ফেডাৰেচন কাপ (ইং ৱিকি: Federation Cup)

বিজয়ী (7): 1978, 1980, 1985, 1996, 2007, 2009, 2010 ৰাণাৰ্ছ-আপ (6): 1984, 1986, 1992, 1995, 1998, 2011

  • ইণ্ডিয়ান ছুপাৰ কাপবিজয়ী (3): 1997, 2006, 2011

ৰাণাৰ্ছ-আপ (3): 2003, 2008, 2010

  • ডুৰাণ্ড কাপবিজয়ী (16): 1951, 1952, 1956, 1960, 1967, 1970, 1972, 1978, 1982, 1989, 1990, 1991, 1993, 1995, 2002, 2004

ক্লাবৰ সামগ্ৰী যোগান ধৰোঁতা আৰু স্প’নছৰ

২০০৭ চনৰ পৰা ২০১১ চনলৈকে ৰীব’ক কোম্পানীয়ে ইষ্ট বেংগল ফুটবল ক্লাবক খেলুৱৈৰ প্ৰয়োজনীয় সামগ্ৰী আৰু পোচাক যোগান ধৰিছিল। ২০১১ চনৰ পৰা এই দায়িত্ব লয় নিভিয়া কোম্পানীয়ে।

ইষ্ট বেংগল ক্লাবৰ পোচাক সমূহ স্প’নছৰ কৰে কিংফিছাৰে।

২০২১ চনৰ পৰা এই দায়িত্ব লয় শ্রী ছিমেন্ট কোম্পানীয়ে।

বাহ্যিক সংযোগ

ক্লাবৰ ৱেবছাইট

বাতৰি ৱেবছাইট

তথ্যসূত্ৰ

  1. ↑ THE RISE OF EAST BENGAL CLUB. East Bengal Football Club
  2. ↑ www.rsssf.com/tablesa/ascup98.html#cwc
  3. ↑ THE RISE OF EAST BENGAL CLUB. East Bengal Football Club
  4. ↑ 1940S TO 1960S. East Bengal Football Club
  5. ↑ 1970S TO 1990S. East Bengal Football Club
  6. ↑ CONTINUING THE LEGACY. East Bengal Football Club
  7. ↑ www.rsssf.com/tablesi/india97.html#nfl1 1996-97 NFL India
  8. ↑ 1930s: The Dark Decade
  9. ↑ SALT LAKE STADIUM. East Bengal Football Club
  10. ↑ Senior Team. East Bengal F.C

সম্পৰ্কিত শ্ৰেণী

ভাৰতীয় ক্ৰীড়া সংঘভাৰতৰ ফুটবল ক্লাব

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “ইষ্ট বেংগল ফুটবল ক্লাব” প্ৰবন্ধৰ সংশোধন ৬২৫৩৮৯ (৮ আগষ্ট ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।