মুম্বাই চিটি ফুটবল ক্লাব (মাৰাঠি:मुंबई सिटी फुटबॉल क्लब) এটি ইণ্ডিয়ান ছুপাৰ লীগ ফুটবল ফ্ৰেঞ্চাইজি, মহাৰাষ্ট্ৰৰ মুম্বাইত আধাৰিত, যিয়ে অক্টোবৰ ২০১৪ত খেলিবলৈ আৰম্ভ কৰিলে, ইণ্ডিয়ান চুপাৰ লীগৰ আৰম্ভণী বৰ্ষত।১২
এই ফুটবল ক্লাব চিটি ফুটবল গ্ৰুপ, বলিউডৰ অভিনেতা ৰণবীৰ কাপুৰ আৰু মুম্বাইত আধাৰিত চনদ গাণনিক বিমল পাৰেখৰ। এই দলৰ প্ৰশিক্ষণ এগ্নেল মাল্টিপাৰ্প'জ স্কুল, ৱাচিৰ জুনিয়ৰ কলেজ আদিত হৈছিল। আই-এচ-এলৰ সময়ত প্ৰশিক্ষণ কলাবাৰ কুপাৰেজ পথাৰত হয়।১
বুৰঞ্জী
২০১৪ৰ আগৰ অংশত ঘোষণা কৰা হ'ল যে সৰ্ব ভাৰতীয় ফুটবল ফেডাৰেচন আৰু আই-এম-জি ৰিলায়েঞ্চে ৯ৰ ভিতৰত ৮ মনোনীত চহৰৰ মালিকীস্বত্ত্বৰ বাবে নিবিদা গ্ৰহণ কৰিব,হ'বলগীয়া ইণ্ডিয়ান ছুপাৰ লীগৰ বাবে, যি এটি ৮ দলীয় ফ্ৰেঞ্চাইচ লীগ আৰু ইণ্ডিয়ান প্ৰিমিয়াৰ লীগৰ ক্ৰিকেট প্ৰতিযোগিতাৰ আৰ্হিত পতা হ'ব।১৩
মুম্বাই ১২ অক্টোবৰৰ এটলেটিক' দি কলকাতাৰ চল্ট লেক ষ্টেডিয়ামত আই-এচ-এলৰ প্ৰথম খেলত আলহী আছিল। নিক'লাচ এনেল্কা আৰু ফ্ৰেডী জাংবাৰ্গৰ অভাৱত মুম্বাই ৩–০ৰে পৰাজিত হ'ল।৪
ষ্টেডিয়াম
মুম্বাই চিটি এফচিয়ে তেওঁলোকৰ গৃহ খেলসমূহ ৬,৬০০ আসন বিশিষ্ট মুম্বাই ফুটবল এৰিনাত খেলে।
খেলুৱৈ
বৰ্তমান দল
টোকা: পতাকাই ফিফাৰ নিয়মৰ মতেহে জাতীয় দল দৰ্শাইছে, অন্যথা, খেলুৱৈসকলৰ একাধিক অ-ফিফা ৰাষ্ট্ৰীয়তা থাকিব পাৰে।
টোকা: নং আই-এচ-এলৰ অফিচিয়েল এপৰ পৰা লোৱা হৈছে।
দল পৰিচালনা
| পদবী | নাম |
|---|---|
| মুখ্য প্ৰশিক্ষক | পিটাৰ ক্ৰাটকী |
| সহযোগী প্ৰশিক্ষক | এন্থনী ফাৰ্নানডেজ |
কিত্ নিৰ্মাতা আৰু চোলা পৃষ্ঠপোষক
| সময় | কিত্ নিৰ্মাতা | চোলা পৃষ্ঠপোষক |
|---|---|---|
| ২০২২- | পিউমা | ষ্টেক নিউজ |
তথ্যসূত্ৰ
- ↑ Basu, Saumyajit. Stars embrace soccer through Indian Super League. Times of India
- ↑ আৰ্কাইভ কপি
- ↑ Indian Super League sees interest from 30 franchise bidders. Business Standard
- ↑ (12 October 2014). Ex-Liverpool stars Luis Garcia and Josemi start as Atletico de Kolkata win first Indian Super League clash against Mumbai City. Daily Mail. Associated Press
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “মুম্বাই চিটি এফ চি” প্ৰবন্ধৰ সংশোধন ৪৪৮৯০৩ (২৭ নৱেম্বৰ ২০২৪)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।