অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
খেল-ধেমালি

ইন্দিৰা গান্ধী এথলেটিক ষ্টেডিয়াম

ইন্দিৰা গান্ধী এথলেটিক ষ্টেডিয়াম (Indira Gandhi Athletic Stadium, সৰুসজাই ষ্টেডিয়াম নামেৰেও পৰিচিত) অসমৰ গুৱাহাটীত অৱস্থিত এখন ষ্টেডিয়াম। বৰ্তমান এই ষ্টেডিয়ামখন মূলতঃ এথলেটিক্‌ছ আৰু ফুটবল খেলৰ বাবে ব্যৱহৃত হৈ আছে। ষ্টেডিয়ামখনত মুঠ ৩৫,০০০ দৰ্শকে একেলগে খেল উপভোগ কৰিব পাৰে।

হালনাগাদ: ১১ ফেব্ৰুৱাৰী ২০২৪ ১৪২ শব্দ · ১ মিনিট সংগৃহীত ৮৬
সংশোধনৰ পৰামৰ্শ

ইন্দিৰা গান্ধী এথলেটিক ষ্টেডিয়াম (Indira Gandhi Athletic Stadium, সৰুসজাই ষ্টেডিয়াম নামেৰেও পৰিচিত) অসমৰ গুৱাহাটীত অৱস্থিত এখন ষ্টেডিয়াম। বৰ্তমান এই ষ্টেডিয়ামখন মূলতঃ এথলেটিক্‌ছ আৰু ফুটবল খেলৰ বাবে ব্যৱহৃত হৈ আছে। ষ্টেডিয়ামখনত মুঠ ৩৫,০০০ দৰ্শকে একেলগে খেল উপভোগ কৰিব পাৰে। ২০০৭ চনত ইয়াত ৩৩তম ৰাষ্ট্ৰীয় ক্ৰীড়া প্ৰতিযোগিতা অনুষ্ঠিত হয়।

ষ্টেডিয়াম

এইখন এখন one tier ষ্টেডিয়াম। অকল মুখ্য ষ্টেণ্ডৰ ওপৰতহে ছাদ আছে। মুখ্য ষ্টেণ্ডত সীমিত সংখ্যক আসনৰ ব্যৱস্থা আছে।

এই ষ্টেডিয়ামখন ভাৰতৰ চতুৰ্থ প্ৰধানমন্ত্ৰী ইন্দিৰা গান্ধীৰ নামেৰে নামকৰণ কৰা হৈছে।

ইণ্ডিয়ান ছুপাৰ লীগৰ দল নৰ্থ ইষ্ট ইউনাইটেড এফ চিৰ এইখন ঘৰুৱা খেলপথাৰ। ষ্টেডিয়ামখন নবীকৰণ কৰি ২০১৪ চনৰ পৰা ইয়াত আই এছ এলৰ খেল অনুষ্ঠিত হয়।

ইতিহাস

ভাৰতীয় ফুটবল দল

২০১১ চনৰ ১৩ নৱেম্বৰ তাৰিখে ভাৰত আৰু মালয়েছিয়াৰ মাজত এখন আন্তৰ্জাতিক বন্ধুত্বপূৰ্ণ খেল অনুষ্ঠিত হয়।১ ২০১৫ চনৰ ১২ মাৰ্চ তাৰিখে ২০১৮ ফিফা বিশ্বকাপৰ যোগ্যতা অৰ্জনকাৰী প্ৰতিযোগিতাৰ অন্তৰ্গত ভাৰত আৰু নেপালৰ মাজৰ এখন খেল এই ষ্টেডিয়ামত অনুষ্ঠিত হয়।২

বাহ্যিক সংযোগ

তথ্যসূত্ৰ

  1. ↑ (13 নৱেম্বৰ 2011). India vs Malaysia International Friendly ends in a draw at Guwahati. abcd football
  2. ↑ (12 মাৰ্চ 2015). WC QUALIFICATION ASIA. Goal

সম্পৰ্কিত শ্ৰেণী

ফুটবলষ্টেডিয়ামগুৱাহাটী

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “ইন্দিৰা গান্ধী এথলেটিক ষ্টেডিয়াম” প্ৰবন্ধৰ সংশোধন ৪০৪৯৮২ (১১ ফেব্ৰুৱাৰী ২০২৪)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।