অৰুন্ধতী ঘোষ (Arundhati Ghose,২৫ নৱেম্বৰ ১৯৩৯ – ২৫ জুলাই ২০১৬) এগৰাকী ভাৰতীয় কূটনীতিবিদ আছিল৷ তেওঁ জেনেভাত থকা ৰাষ্ট্ৰসংঘৰ কাৰ্যালয়ত ভাৰতৰ স্থায়ী প্ৰতিনিধি আছিল আৰু ১৯৯৬ চনত জেনেভাত অনুষ্ঠিত নিৰস্ত্ৰকৰণ সন্মিলনত বিস্তৃত পাৰমাণৱিক পৰীক্ষা নিষেধাজ্ঞা চুক্তি (চিটিবিটি) আলোচনাত অংশগ্ৰহণ কৰা ভাৰতীয় প্ৰতিনিধি দলৰ মুৰব্বী আছিল। ১ তেওঁ কোৰিয়া গণৰাজ্য আৰু ইজিপ্তৰ আৰৱ গণৰাজ্যৰ ৰাষ্ট্ৰদূত হিচাপেও কাৰ্যনিৰ্বাহ কৰিছিল৷
প্ৰাৰম্ভিক জীৱন
মুম্বাইত ডাঙৰ-দীঘল হোৱা সাগৰিকা ঘোষে কেথেড্ৰেল এণ্ড জন কনন স্কুলত পঢ়া-শুনা কৰিছিল৷ তেওঁ কলিকতাৰ লেডি ব্ৰেবাৰ্ণ কলেজৰ পৰা স্নাতক ডিগ্ৰী অৰ্জন কৰিছিল৷ পৰৱৰ্তী পৰ্যায়ত তেওঁ শান্তিনিকেতনত থকা বিশ্ব-ভাৰতী বিশ্ববিদ্যালয়ত অধ্যয়ন কৰে৷ ১৯৬৩ চনত তেওঁ ভাৰতীয় বৈদেশিক সেৱাত যোগদান কৰে৷ ঘোষ এটা বিশিষ্ট বঙালী পৰিয়ালৰ প্ৰতিনিধি৷ তেওঁ উচ্চতম ন্যায়ালয়ৰ প্ৰাক্তন ন্যায়াধীশ ৰুমা পাল আৰু প্ৰসাৰ ভাৰতীৰ প্ৰাক্তন অধ্যক্ষ ভাস্কৰ ঘোষৰ ভগ্নী।২ তেওঁ সাংবাদিক সাগৰিকা ঘোষ আৰু ১৯৯৭ চনত অসমত আলফাই অপহৰণ কৰি হত্যা কৰা সঞ্জয় ঘোষৰ পেহীয়েক।৩
কৰ্মজীৱন
কৰ্মজীৱনৰ কালছোৱাত ঘোষে অষ্ট্ৰিয়া, নেদাৰলেণ্ড, বাংলাদেশ আৰু নিউয়ৰ্কত ভাৰতীয় স্থায়ী কাৰ্যসূচীসমূহত সেৱা আগবঢ়াইছিল। ১৯৭১ চনৰ ভাৰত-পাকযুদ্ধৰ সময়ত তেওঁ কলিকতাত নিৰ্বাসিত বাংলাদেশ চৰকাৰৰ মূল যোগাযোগকাৰীও আছিল।৪
১৯৯৬ চনত জেনেভাত অনুষ্ঠিত হোৱা চিটিবিটি সন্মিলনত ভাৰতৰ প্ৰতিনিধি দলৰ মুৰব্বী হিচাপে ঘোষক নিযুক্তি দিয়া হয়৷ এই সন্মিলনত ভাৰত আছিল মূল অংশগ্ৰহণকাৰী৷ ভাৰত আছিল মাত্ৰ তিনিখন দেশৰ ভিতৰত অন্যতম; যি পাৰমাণৱিক প্ৰযুক্তিৰ অধিকাৰী আছিল৷ তথাপিও ভাৰত পাৰমাণৱিক শক্তি হিচাপে স্বীকৃতি নোপোৱা আৰু পাৰমাণৱিক অ-প্ৰসাৰণ চুক্তি (এনপিটি)ৰ পৰিসৰৰ বাহিৰত আছিল। দীৰ্ঘদিনীয়া আৰু সততে উচ্চাৰিত নীতি অনুসৰি ভাৰতে এনে কোনো শাসন ব্যৱস্থাক সমৰ্থন কৰিবলৈ অস্বীকাৰ কৰিছিল যিয়ে কিছুমান দেশক পাৰমাণৱিক অস্ত্ৰ ৰখাৰ অনুমতি দিয়াৰ লগতে আন দেশৰ নিজৰ অনুৰূপ সামৰ্থ্য গঢ়ি তোলাৰ ক্ষমতা সীমিত কৰি ৰাখিছিল। তেওঁ চিটিবিটিত স্বাক্ষৰ কৰিবলৈ ভাৰতৰ ওপৰত পশ্চিমীয়া দেশসমূহৰ হেঁচা প্ৰতিহত কৰিছিল, আৰু এই প্ৰক্ৰিয়াত অংশ লৈ তেওঁ ভাৰতত চেলিব্ৰিটিৰ মৰ্যাদা লাভ কৰিছিল।৫
অৱসৰৰ পৰৱৰ্তী জীৱন
২০১৬ চনত কৰ্কট ৰোগত আক্ৰান্ত হৈ মৃত্যু হোৱাৰ আগলৈকে তেওঁ কেইবাটাও কামত সক্ৰিয়ভাৱে জড়িত আছিল।৬ ১৯৯৮ চনৰ পৰা ২০০৪ চনলৈকে তেওঁ ভাৰতীয় লোকসেৱা আয়োগৰ (UPSC) সদস্য আছিল। ১৯৯৮ চনৰ পৰা ২০০১ চনলৈকে ৰাষ্ট্ৰসংঘৰ নিৰস্ত্ৰকৰণ বিষয়ত ৰাষ্ট্ৰসংঘৰ মহাসচিবৰ পৰামৰ্শদাতা ব’ৰ্ডৰ সদস্য আছিল৷৭ ২০০৪ চনৰ পৰা ২০০৫ চনলৈ ভাৰতৰ পৰা অৰ্থনৈতিক, সামাজিক আৰু সাংস্কৃতিক অধিকাৰ সমিতিৰ সদস্য হিচাপে কাম কৰি ২০০৪ চনৰ পৰা ২০০৭ চনলৈ প্ৰতিৰক্ষা অধ্যয়ন আৰু বিশ্লেষণ প্ৰতিষ্ঠানৰ কাৰ্যবাহী পৰিষদৰ সদস্য হিচাপেও তেওঁ কাৰ্যনিৰ্বাহ কৰিছিল৷ ২০০৭ চনত ভাৰতৰ বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ে গঠন কৰা অস্ত্ৰ প্ৰসাৰ আৰু নিৰস্ত্ৰকৰণৰ কাৰ্যকৰী বাহিনীৰ তেওঁ সদস্য আছিল।
তথ্যসূত্ৰ
- ↑ Statement made by Ms. Arundhati Ghose, in the Plenary of the Conference on Disarmament on August 8, 1996. Federation of American Scientists
- ↑ (26 July 2016). Arundhati Ghose, Diplomat Who Played Decisive Role In India's Nuclear Future, Passes Away. First Post
- ↑ Terrorists, Human Rights and the United Nations. South Asia Terrorism Portal
- ↑ Ghose, Arundhati. Interview with Amb. Arundhati Ghose. Youtube. Friends of Bangladesh
- ↑ Subramanium, Chitra. (7 May 2012). Smoking Guns: Eating Out Of A Foreign Hand. Outlook Magazine
- ↑ (26 July 2016). Former diplomat Arundhati Ghose passes away. Indian Express
- ↑ Advisory Board on Disarmament Matters. United Nations Office for Disarmament Affairs. United Nations
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “অৰুন্ধতী ঘোষ” প্ৰবন্ধৰ সংশোধন ৬৩৬৭৯০ (২৩ ছেপ্তেম্বৰ ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।