ন্যায়াধীশ ৰুমা পাল (Ruma Pal) (জন্ম-৩ জুন ১৯৪১) ভাৰতৰ উচ্চতম ন্যায়ালয়ৰ এগৰাকী প্ৰাক্তন ন্যায়াধীশ। ২০০৬ চনৰ ৩ জুনত তেওঁ অৱসৰ গ্ৰহণ কৰে৷
প্ৰাথমিক জীৱন
ৰুমা পালে অক্সফৰ্ডৰ ছেইণ্ট এন্স কলেজত বি.চি.এল ডিগ্ৰীৰ বাবে পঢ়ি ১৯৬৮ চনত কলিকতা উচ্চ ন্যায়ালয়ত অসামৰিক, ৰাজহ, শ্ৰমিক আৰু সাংবিধানিক বিষয়ত অনুশীলন আৰম্ভ কৰে। তেওঁৰ স্বামী সমৰাদিত্য পাল কলকাতাৰ অন্যতম পৰিচিত বেৰিষ্টাৰ আছিল।১
কৰ্মজীৱন
অধিবক্তা হিচাপে দীৰ্ঘদিনীয়া আৰু বিশিষ্ট কৰ্মজীৱনৰ অন্তত ১৯৯০ চনৰ ৬ আগষ্টত কলিকতা উচ্চ ন্যায়ালয়ত ন্যায়াধীশ হিচাপে ৰুমা পালে নিযুক্তি লাভ কৰে। ২০০০ চনৰ ২৮ জানুৱাৰীত আদালতৰ সোণালী জয়ন্তী উপলক্ষে ভাৰতৰ উচ্চতম ন্যায়ালয়লৈ তেওঁ মনোনীত হয়। একাধিক গোচৰত ন্যায়াধীশ পালে বহু সমালোচনাত্মক ৰায়দান কৰিছে। তেওঁ মানৱ অধিকাৰৰ কেইবাটাও বিষয়ত লিখিছে। তেওঁ আন্তঃৰাষ্ট্ৰীয় মহিলা ন্যায়াধীশ মঞ্চৰ সদস্য।
পালে আইনী অধ্যয়নৰ বাবে বহুতো পাঠ্যপুথি সম্পাদনা কৰিছিল৷ যাৰ ভিতৰত অধ্যাপক এম পি জৈনৰ ভাৰতীয় সাংবিধানিক আইন সম্পৰ্কীয় বিখ্যাত গ্ৰন্থও সন্নিৱিষ্ট আছিল৷ এইখন গ্ৰন্থ 'কৰ্তৃপক্ষ' হিচাপে গণ্য কৰা হয়।২ তেওঁ ছিকিম বিশ্ববিদ্যালয়ৰ অধ্যক্ষ হিচাপে নিৰ্বাচিত হয়। আইনী বৈচিত্ৰ্যৰ অলাভজনক সংস্থা ‘ইনক্ৰিছিং ডাইভাৰচিটি বাই ইনক্ৰিছিং এক্সেছ’ৰো তেওঁ অন্যতম ন্যাসৰক্ষী হৈছিল।৩
সন্মান
২০২৪ চনৰ ১৪ ছেপ্টেম্বৰত ৰুমা পালক উচ্চতম ন্যায়ালয়ৰ এগৰাকী ন্যায়াধীশ বি. ভি. নাগৰত্নাই আয়কৰ বাৰ সংস্থাৰ দ্বাৰা আয়োজিত এক সম্বৰ্ধনা অনুষ্ঠানত তেওঁৰ কৰ্মজীৱনৰ বাবে সন্মান জনায়৷ এই সম্বৰ্ধনা অনুষ্ঠানটি কলিকতাত অনুষ্ঠিত হয়৷৪
তথ্যসূত্ৰ
- ↑ Eminent barrister Samaraditya Pal dies at 84. The Week
- ↑ (26 July 2016). Former diplomat Arundhati Ghose passes away. Indian Express
- ↑ Vincett, Luke. (13 April 2016). The Idea Behind IDIA: Creating CHAMPS from Underprivileged Communities, by Shamnad Basheer
- ↑ Chatterjee,Shrabana. (September 15, 2024 07:14 pm IST - Kolkata). Justice Ruma Pal honoured for her immense contribution to Indian judicial system. The Hindu
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “ৰুমা পাল” প্ৰবন্ধৰ সংশোধন ৪৭০৭৮৬ (৬ ফেব্ৰুৱাৰী ২০২৫)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।