কূটনীতিবিদ
১৬ প্ৰবন্ধ
-
ক'ফি আন্নান
ক'ফি আন্নান (Kofi Annan) ঘানাৰ এজন কূটনীতিবিদ আছিল যি ১৯৯৭ চনৰ জানুৱাৰীৰ পৰা ২০০৬ চনৰ ডিচেম্বৰলৈ ৰাষ্ট্ৰসংঘৰ সপ্তম মহাসচিব হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল। আন্নান আৰু ৰাষ্ট্ৰসংঘই যুটীয়াভাবে ২০০১ চনৰ শান্তিৰ ন'বেল বঁটা লাভ কৰিছিল।
-
এণ্টনিও গুটেৰেছ
এণ্টনিও মেনুৱেল ডে অলিভেইৰা গুটেৰেছ(;; জন্ম ৩০ এপ্ৰিল ১৯৪৯) এগৰাকী পৰ্তুগীজ কূটনীতিবিদ আৰু ৰাজনীতিজ্ঞ। তেওঁ বৰ্তমান ৰাষ্ট্ৰসংঘৰ নৱম সচিব প্ৰধান। ইয়াৰ আগতে তেওঁ ২০০৫ চনৰ পৰা ২০১৫ চনলৈ শৰণাৰ্থী সকলৰ বাবে ৰাষ্ট্ৰসংঘৰ দশম উচ্চায়ুক্ত আছিল। তেওঁ ১৯৯৫ চনৰ পৰা ২০০২ চনলৈ পৰ্টুগালৰ প্ৰধানমন্ত্ৰী আছিল।
-
অক্টাৱিয়' পাছ
অক্টাৱিয়' পাছ ল'জান (Octavio Paz Lozano;; ৩১ মাৰ্চ ১৯১৪ - ১৯ এপ্ৰিল ১৯৯৮) এগৰাকী মেক্সিকান কবি, লেখক আৰু কূটনীতিবিদ আছিল। তেওঁৰ কৰ্মৰাজীৰ বাবে তেওঁ ১৯৮১ চনৰ মিগুৱেল ডি চাৰ্ভেণ্টিছ পুৰস্কাৰ, ১৯৮২ চনত Neustadt International Prize for Literature আৰু ১৯৯০ চনত সাহিত্যৰ ন'বেল বঁটা লাভ কৰে।
-
বান কি-মুন
বান কি-মুন (Ban Ki-moon) হৈছে দক্ষিণ কোৰিয়াৰ এগৰাকী ৰাজনীতিবিদ তথা কূটনীতিবিদ। তেওঁ ২০০৭ চনৰ জানুৱাৰীৰ পৰা ২০১৬ চনৰ ডিচেম্বৰ লৈকে ৰাষ্ট্ৰসংঘৰ অষ্টম মহাসচিব হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল।
-
অৰুন্ধতী ঘোষ
অৰুন্ধতী ঘোষ (Arundhati Ghose,২৫ নৱেম্বৰ ১৯৩৯ – ২৫ জুলাই ২০১৬) এগৰাকী ভাৰতীয় কূটনীতিবিদ আছিল৷ তেওঁ জেনেভাত থকা ৰাষ্ট্ৰসংঘৰ কাৰ্যালয়ত ভাৰতৰ স্থায়ী প্ৰতিনিধি আছিল আৰু ১৯৯৬ চনত জেনেভাত অনুষ্ঠিত নিৰস্ত্ৰকৰণ সন্মিলনত বিস্তৃত পাৰমাণৱিক পৰীক্ষা নিষেধাজ্ঞা চুক্তি (চিটিবিটি) আলোচনাত অংশগ্ৰহণ কৰা ভাৰতীয়…
-
কৰবী গগৈ
লেফ্টনেণ্ট কমাণ্ডাৰ কৰবী গগৈ (Karabi Gogoi) এগৰাকী ভাৰতীয় নৌসেনাৰ বিষয়া। নৌসেনাত লেফ্টনেণ্ট কমাণ্ডাৰ পদবী লাভ কৰা তেওঁ প্ৰথম গৰাকী অসমীয়া মহিলা। তেওঁ ভাৰতীয় নৌ সেনাত প্ৰথমবাৰলৈ বিদেশত ডিফেন্স এটাছী ৰূপে নিযুক্তি লাভ কৰা প্ৰথম গৰাকী মহিলা।
-
গোল্ডা মেইৰ
গোল্ডা মেইৰ (Golda Meir; ৩ মে' ১৮৯৮ – ৮ ডিচেম্বৰ ১৯৭৮) এগৰাকী ইজৰাইলী ৰাজনীতিবিদ আছিল যি ১৯৬৯ চনৰ পৰা ১৯৭৪ চনলৈকে ইজৰাইলৰ চতুৰ্থ প্ৰধানমন্ত্ৰী হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল।
-
মিনা বেন-জভি
মিনা বেন-জভি (Mina Ben-Zvi, ১৯০৯-২০০০) ইজৰাইলৰ প্ৰতিৰক্ষা বাহিনীৰ মহিলা বাহিনীৰ প্ৰথমগৰাকী কমাণ্ডিং অফিচাৰ আছিল।
-
অৰি ৰোগো মাণ্ডুলী
অৰি ৰোগো মাণ্ডুলী (Orie Rogo Manduli; ১৯৪৮ – ৮ ছেপ্টেম্বৰ ২০২১) এগৰাকী কেনিয়াৰ কূটনীতিবিদ, মহিলা কৰ্মী আৰু সাংবাদিক আছিল। ১৯৬৪ চনত মিছ কেনিয়া সৌন্দৰ্য্য প্ৰতিযোগিতাত জয়ী হোৱাৰ লগতে ১৯৭৪ চনত চিলভিয়া ওমিনোৰ সৈতে আফ্ৰিকান বংশৰ আৰু কেনিয়াৰ পৰা অহা প্ৰথমগৰাকী মহিলাই ইষ্ট আফ্ৰিকান ছাফাৰী ৰেলীত…
-
আব্দুল্লা এণ্টেজাম
আব্দুল্লা এণ্টেজাম (Sayyed Abdullah Entezam) আছিল ইৰাণৰ এজন কূটনীতিবিদ। ‘বিনেশ আলী’ নামেৰেও পৰিচিত ছায়েদ মহম্মদৰ পুত্ৰ; তেওঁ ইৰাণৰ ছাফি আলী শ্বাহী অৰ্ডাৰৰ দাৰভিছৰ মুৰব্বী আছিল। তেওঁৰ পিতৃও এজন কূটনীতিবিদ আছিল। তেওঁৰ পুত্ৰ হাম হৰন ছৌদি আৰৱত আমেৰিকাৰ ৰাষ্ট্ৰদূত আছিল।
-
এলিছ কেণ্ডেলেফ্ট কচমা
এলিছ কেণ্ডেলেফ্ট কচমা (Alice Kandaleft Cosma; c. 1895 – c. 1965) এগৰাকী ছিৰিয়ান কূটনীতিবিদ আৰু মহিলা অধিকাৰ কৰ্মী আছিল। ১৯৪৭ চনত ৰাষ্ট্ৰসংঘৰ মহিলাৰ মৰ্যাদা আয়োগৰ প্ৰথম অধিবেশনৰ প্ৰতিনিধি হিচাপে তেওঁ স্বীকৃতি লাভ কৰে।
-
জেফ্ৰি চ'ছাৰ
জেফ্ৰি চ'ছাৰ (Geoffrey Chaucer) (আনু. ১৩৪৩ – ১৪০০]) এজন ইংৰাজ লেখক, কবি, দাৰ্শনিক, আমোলা, ৰাজনৈতিক উপদেষ্টা আৰু কূটনীতিবিদ। তেখেত বহু কেইখন বিখ্যাত গ্ৰন্থৰ প্ৰণেতা। কিন্তু তেওঁক আটাইতকৈ বেছি স্মৰণ কৰা হয় দ্য কেণ্টাৰবেৰী টেলছ নামৰ অসমাপ্ত আখ্যান-সংকলনৰ বাবে।
-
দেৱযানী খোব্ৰাগড়ে
দেৱযানী খোব্ৰাগড়ে (Devyani Khobragade) ভাৰতীয় বৈদেশিক সেৱাৰ কেডাৰৰ এগৰাকী কেন্দ্ৰীয় চৰকাৰী চাকৰিয়াল বা কূটনীতিবিদ। আমেৰিকাৰ নিউয়ৰ্ক চহৰত ভাৰতীয় কনছুলত নিযুক্তি পোৱাৰ সময়ত ভিছা জালিয়াতিৰ অভিযোগ উত্থাপন হোৱাৰ পিছত বাতৰিৰ শিৰোনাম দখল কৰিছিল দেৱযানীয়ে।
-
নাছৰোলা এণ্টেজাম
নাছৰোলা এণ্টেজাম (Nasrollah Entezam) পাৰ্চী ভাষাত নাছৰ-আল্লাহ এণ্টেজাম। (জন্ম,১৬ ফেব্ৰুৱাৰী ১৯০০ – মৃত্যু,১৯ ডিচেম্বৰ ১৯৮০) আছিল এগৰাকী কূটনীতিবিদ, ৰাজনীতিবিদ আৰু ইৰানৰ মন্ত্ৰী। তেওঁ আমেৰিকা আৰু ফ্ৰান্সত ইৰাণৰ ৰাষ্ট্ৰদূত হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল।
-
বিক্ৰম মিশ্ৰী
বিক্ৰম মিশ্ৰী (Vikram Misri; জন্ম:-৭ নৱেম্বৰ ১৯৬৪) ভাৰতীয় বৈদেশিক সেৱাৰ এজন ভাৰতীয় কূটনীতিবিদ৷ তেওঁ ২০২৪ চনৰ জুলাই মাহৰ পৰা ভাৰতৰ ৩৫ সংখ্যক বৈদেশিক সচিব হিচাপে কাৰ্যনিৰ্বাহ কৰি আছে।
-
হিৰৌট গুয়েব্ৰে চেলাছি
হিৰৌট গুয়েব্ৰে চেলাছি (জন্ম-১৯৫২) এগৰাকী ইথিঅ'পিয়াৰ কূটনীতিবিদ আৰু মানৱ অধিকাৰৰ অধিবক্তা। ৰাষ্ট্ৰসংঘত কেইবাটাও জ্যেষ্ঠ পদত অধিষ্ঠিত হৈ শেহতীয়াকৈ ২০১৬ চনৰ ১২ ফেব্ৰুৱাৰীৰ পৰা ২০১৭ চনৰ ৬ আগষ্টলৈকে পশ্চিম আফ্ৰিকা আৰু চাহেলৰ কাৰ্যালয়ৰ উপ-বিশেষ প্ৰতিনিধি (ডি এছ আৰ এছ জি) হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল।