ৰাজবংশী ব্যক্তি
৭ প্ৰবন্ধ
-
প্ৰতিমা বৰুৱা পাণ্ডে
প্ৰতিমা বৰুৱা পাণ্ডে অসমৰ লোক-সংগীত জগতৰ এক উল্লেখযোগ্য কণ্ঠ, বিশেষকৈ গোৱালপৰীয়া লোকগীতক জনপ্ৰিয় কৰি তোলাত তেখেতৰ ভূমিকা গুৰুত্বপূর্ণ। ৰাজপৰিয়ালৰ পটভূমিৰ পৰা আহিও তেখেতে চলচ্চিত্ৰ, মঞ্চ আৰু ৰেকৰ্ডিংৰ মাধ্যমেৰে লোকসংগীতক আধুনিক শ্ৰোতাৰ মাজলৈ আগবঢ়াই নিলে।
-
শৰৎ চন্দ্ৰ সিংহ
শৰৎ চন্দ্ৰ সিংহ (১৯১৪–২০০৫) অসমৰ এজন প্ৰাক্তন মুখ্যমন্ত্ৰী আৰু অসমৰ ৰাজনীতিত দীৰ্ঘদিন সক্ৰিয় থকা নেতা। তেওঁ সততা, সৰলতা, গান্ধীবাদী মূল্যবোধ আৰু দলিতজনৰ সেৱাৰ প্ৰতি দায়বদ্ধতাৰ বাবে বিশেষভাৱে স্মৰণীয়।
-
পাৰ্বতী বৰুৱা
পাৰ্বতী বৰুৱা (Parbati Barua) হাতী চিকাৰ বা হাতী ধৰি আনি প্ৰশিক্ষণ দিয়াৰ কামৰ সৈতে জড়িত থকা এগৰাকী অসমীয়া নাৰী। তেওঁ সমগ্ৰ বিশ্বত “কুইন অৱ দ্য এলিফেণ্টছ” ৰূপে পৰিচিত। ১৯৬৭ চনৰ কোনোবা এটা দিনত তেওঁ অসমৰ কচুগাঁৱত, ১৪ বছৰ বয়সতে, জীৱনত প্ৰথমবাৰৰ বাবে হাতী ধৰিছিল।
-
অম্বিকাচৰণ চৌধুৰী
অম্বিকাচৰণ চৌধুৰী (Ambika Charan Choudhuri) অসমৰ এগৰাকী সাহিত্যিক, ইতিহাস গৱেষক তথা সমাজকৰ্মী আছিল তেখেতক কামতা সাহিত্য ৰত্ন উপাধিৰে সন্মান জনোৱা হয়। তেখেত অসমৰ জনসাধাৰণৰ মাজত কামতাৰত্ন ৰূপে পৰিচিত আছিল।
-
উপেন্দ্ৰনাথ বৰ্মন
উপেন্দ্ৰনাথ বৰ্মন ( Upendranath Barman; ১ ডিচেম্বৰ ১৮৯৯ – ৭ ফেব্ৰুৱাৰী ১৯৮৮) এজন ভাৰতীয় ৰাজনীতিবিদ। ভাৰতীয় জাতীয় কংগ্ৰেছৰ সদস্য হিচাপে তেওঁ পশ্চিম বংগৰ কোচবিহাৰৰ পৰা ভাৰতৰ সংসদৰ নিম্ন সদন লোকসভালৈ নিৰ্বাচিত হয়।
-
পঞ্চানন বৰ্মা
পঞ্চানন বৰ্মা (১৮৬৬–১৯৩৫; ঠাকুৰ পঞ্চানন বা পঞ্চানন সৰকাৰ নামেৰেও পৰিচিত) ভাৰতৰ পশ্চিমবংগৰ কোচবিহাৰৰ এগৰাকী ৰাজবংশী নেতা আৰু সমাজ সংস্কাৰক আছিল। তেওঁ কামতাপুৰী ভাষাৰ সাহিত্যিকো আছিল। তেওঁ পিছপৰা শ্ৰেণীৰ লোকসকলৰ উন্নতিৰ বাবে বিশেষকৈ নিজৰ পিছপৰা ৰাজবংশী সম্প্ৰদায়ৰ বাবে নিজৰ জীৱন উৎসৰ্গা কৰিছিল।
-
স্বপ্না বৰ্মন
স্বপ্না বৰ্মন ( Swapna Barman; জন্ম: ২৯ অক্টোবৰ ১৯৯৬) এগৰাকী ভাৰতীয় হেপ্টাথ্লীট। ২০১৮ চনৰ এছিয়ান গেমছত সোণৰ পদক লাভ কৰাৰ লগতে ২০১৭ চনৰ এছিয়ান এথলেটিকছ চেম্পিয়নশ্বিপত হেপ্টাথলনত প্ৰথম স্থান লাভ কৰে। ২০১৯ চনৰ আগষ্ট মাহত তেওঁক অৰ্জুন বঁটাৰে সন্মানিত কৰা হয়।