লাইশ্ৰাম চৰিতা দেৱী ( জন্ম ১ মাৰ্চ, ১৯৮২) মণিপুৰৰ এগৰাকী ভাৰতীয় বক্সাৰ। তেওঁ এগৰকী জাতীয় চেম্পিয়ন আৰু প্ৰাক্তন আন্তৰাষ্ট্ৰীয় চেম্পিয়ন। ১ ২০০৯ চনত তেওঁ ক্ৰীড়াৰ জগতলৈ আগবঢ়োৱা অৱদানৰ স্বীকৃতি স্বৰূপে ভাৰত চৰকাৰে ’অৰ্জুন বঁটা’ প্ৰদান কৰে।২
শৈশৱ
চৰিতা দেৱীৰ জন্ম হৈছিল মণিপুৰৰ থৌবাল জিলাত। কৃষক পৰিয়য়ালৰ আঠোটা সন্তানৰ ভিতৰত তেওঁ ষষ্ঠ আছিল। তেওঁৰ শৈশৱৰ প্ৰায়ভাগ সময় অতিবাহিত হৈছিল খেতি পথাৰত মাক দেউতাকক সহায় কৰি।৩ তেওঁ মণিপুৰৰ ৱাইথৌ মপল উচ্চ মাধ্যমিক বিদ্যালয় (Waithou Mapal High School) আৰু থৌবালৰ বাল বিদ্যামন্দিৰত স্কুলীয়া শিক্ষা সাং কৰে। পৰৱৰ্ত্তী সময়ত বক্সিঙৰ কাৰ্য্যক্ৰমণিকাৰ সৈতে খাপ খুৱাই লোৱাৰ অৰ্থে তেওঁ মুক্ত শিক্ষা লৈ উচ্চতৰ মাধ্যমিক শ্ৰেণী সম্পূৰ্ণ কৰে। ৩
কেৰিয়াৰ
দেৱীয়ে ২০০০ চনত বক্সিঙত যোগদান কৰে। ইয়াৰ পৰৱৰ্ত্তী বছৰটোতে তেওঁ বেংককত অনুষ্ঠিত এছিয়ান বক্সিং চেম্পিয়নশ্বিপত ভাৰতত প্ৰতিনিধিত্ব কৰি ৰূপৰ পদক লাভ কৰে।৪ ইয়াৰ পিছত তেওঁ বিভিন্ন আন্তৰাষ্ট্ৰীয় প্ৰতিযোগিতাত পদক লাভ কৰিবলৈ সক্ষম হৈছে। ইয়াৰ ভিতৰত উল্লেখযোগ্যসমূহ হৈছে-
- সোণৰ পদক, আন্তৰাষ্ট্ৰীয় চেম্পিয়নশ্বিপ, ২০০৬, নতুন দিল্লী
- ব্ৰঞ্জৰ পদক, তৃতীয় আন্তৰাষ্ট্ৰীয় মহিলা চেম্পিয়নশ্বিপ, ২০১০, ৰাছিয়া৫
- ৰূপৰ পদক, কমনৱেলথ গেমছ, ২০১৪, গ্লাছগ’৬
- ৰূপৰ পদক, ভাৰতীয় মুক্ত আন্তৰাষ্ট্ৰীয় চেম্পিয়নশ্বিপ (Indian Open International Championships), ২০১৮, নতুন দিল্লী
- সোণৰ পদক, ৰাষ্ট্ৰীয় বক্সিং চেম্পিয়নশ্বিপ (Sr. National Boxing Championships), ৰ’হটক৭৮
দেৱীয়ে ২০১৬ চনৰ ৰিয়’ অলিম্পিকৰ বাবে নিৰ্বচিত হ’বলৈ সক্ষম নহ’ল।৯
২০১৪ চনৰ এছিয়ান গেমছ বিতৰ্ক
দেৱীয়ে ২০১৪ চনত দক্ষিণ কোৰিয়াত অনুষ্ঠিত এছিয়ান গেমছৰ বাবে নিৰ্বাচিত হয় ( 2014 Asian Games lightweight) কোৱাৰ্টাৰ ফাইনেলত ৩-০ ৰে জিকি ৩০ ছেপ্টেম্বৰৰ দিনা তেওঁ ছেমিফাইনেলত দক্ষিণ কোৰিয়াৰ পাৰ্ক জি-না (Park Ji-Na) বিৰুদ্ধে খেলে। খেলখনৰ শেষত তেওঁক বিচাৰক মণ্ডলীয়ে ০-৩ ত পৰাজিত হোৱা বুলি ৰায় দিয়ে। এই ৰায়ে যথেষ্ট বিতৰ্কৰ সৃষ্টি কৰে। ইয়াৰ কাৰণ আছিল, দেৱীয়ে তৃতীয় আৰু চতুৰ্থ ৰাউণ্ডত দেৱীয়ে পাৰ্কক পৰাজিত কৰিছিল আৰু প্ৰথম দুটা ৰাউণ্ডতো পাৰ্কক ধৰাসায়ী কৰে।১০১১ এই ঘটনাৰ পিছত ভাৰতীয় দলে বিচাৰকৰ সিদ্ধান্তৰ বিৰুদ্ধে প্ৰতিবাদ দাখিল কৰে কিন্তু টেকনিকেল কমিটিয়ে সেই আবেদন খাৰিজ কৰে।১২ বঁটা বিতৰণীত দেৱীয়ে ব্ৰঞ্জৰ পদক গ্ৰহণ নকৰে বুলি ঘোষণা কৰি ৰূপৰ পদক লাভ কৰা পাৰ্কক এই পদক ল’বলৈ আহ্বান জনায়।১৩ অৱশ্যে পিছত তেওঁ পদকটো গ্ৰহণ কৰিবলৈ মান্তি হয়।১৪ এই ঘটনাৰ পিছত টেকনিকেল কমিটিয়ে এবছৰৰ বাবে দেৱীৰ অংশগ্ৰহণ বাতিল কৰে আৰু তেওঁৰ ক’চকো অব্যাহতি দিয়া হয়।১৫
তথ্যসূত্ৰ
- ↑ (11 September 2010). Laishram Sarita Devi defeats Alexandra Kuleshova of Russia in Boxing World Championships. sportskeeda.com
- ↑ (14 September 2009). Mary Kom and Sarita Devi receive Awards. newstrackindia
- ↑ E-Pao!. Laishram Sarita Devi - 'Arjuna Award' Awardee in the field of Women Boxing -. About Sarita Devi. E-Pao!
- ↑ (29 August 2009). Woman boxer Laishram Sarita Devi crowned with Arjuna Award. oneindia.in
- ↑ profile of sarita
- ↑ (20 August 2014). CWG Silver Medallist Boxer Sarita Devi To Quit After Olympics 2016. NDTV
- ↑ L sarita devi
- ↑ women world championship
- ↑ 2016 Rio Olympics
- ↑ (30 September 2014). Asian Games: Sarita Devi loses controversial bout, settles for bronze. India Today
- ↑ (30 September 2014). Asian Games 2014: Sarita Devi Loses Controversial Boxing Semifinal, Husband Loses Cool. NDTV
- ↑ (1 October 2014). Indian boxing team protest against Sarita’s loss rejected. The Hindu
- ↑ (1 October 2014). Inconsolable Sarita refuses bronze, medal with organisers. The Hindu
- ↑ (3 October 2014). Boxer Sarita Devi Accepts Bronze Medal After Olympic Council of Asia Hearing. NDTV
- ↑ (18 December 2014). Sarita let off with one-year ban. The Tribune
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “লাইশ্ৰাম চৰিতা দেৱী” প্ৰবন্ধৰ সংশোধন ৫২৭৯৯৩ (২৭ জুলাই ২০২৫)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।