এইদিনটোত ঘটা কেইটামান উল্লেখযোগ্য ঘটনা-
ঘটনাৱলী
- ১৭৮৩ - পেৰিছত গ্ৰেট ব্ৰিটেইন আৰু আমেৰিকাৰ মাজত এক শান্তি চুক্তি স্বাক্ষৰিত হৈছিল। ইতিহাসত এই চুক্তিকে “পেৰিছ চুক্তি” নামেৰে জনা যায়।
- ১৮৬৬ - কাৰ্ল মাৰ্ক্সৰ নেতৃত্বত জেনেভাত আন্তৰ্জাতিক শ্ৰমজীৱী সংঘৰ প্ৰথম কংগ্ৰেছ অনুষ্ঠিত হৈছিল।
- ১৯৩৬ - ব্ৰুছেলত বিশ্ব শান্তি সন্মিলন আৰম্ভ হৈছিল।
- ২০১১ - সংযুক্ত মুক্তি বাহিনী, অসম চৰকাৰ আৰু ভাৰত চৰকাৰৰ মাজত ত্ৰিপাক্ষিক চুক্তি স্বাক্ষৰিত হৈছিল।
জন্ম
- ১৮৬৪ - ব্ৰজেন্দ্ৰনাথ শীল, ভাৰতীয় দাৰ্শনিক।
- ১৯০৫ - কমলাপতি ত্ৰিপাঠী, বিশিষ্ট স্বাধীনতা সংগ্ৰামী তথা জাতীয়তা বাদী নেতা।
- ১৯০৫ - কাৰ্ল ডেভিড এণ্ডাৰছন, নোবেল বিজয়ী আমেৰিকান পদাৰ্থ বিজ্ঞানী।
- ১৯৪০ - ভোগেশ্বৰ বৰুৱা (ইংৰাজী: Bhogeswar Baruah), ভাৰতৰ এগৰাকী আগশাৰীৰ খেলুৱৈ তথা প্ৰশিক্ষক আৰু অৰ্জুন বঁটা বিজয়ী প্ৰথম অসমীয়া। তেথেত এচিয়ান গেমছত সোণৰ পদক অৰ্জন কৰা তেওঁ প্ৰথমজন অসমীয়া। ১৯৬৬ চনৰ বেংককত অনুষ্ঠিত এচিয়ান গেমছত তেওঁ ৮০০ মিটাৰ দৌৰত সোণৰ পদক অৰ্জন কৰে আৰু প্ৰতিযোগিতাৰ নতুন অভিলেখ স্থাপন কৰিছিল।
- ১৯৫২ - শক্তি কাপুৰ, জনপ্ৰিয় খলনায়ক আৰু কৌতুক অভিনেতা।
- ১৯৫৭ - জগ্গী বাসুদেৱ, যোগ গুৰু আৰু লেখক।
- ১৯৬৩ - গুইডো উইলহেলমাছ ইমবেন্স, ডাচ্চ আমেৰিকান অৰ্থনীতিবিদ।
- ১৯৬৫ - চাৰ্লি শ্বিন, হলীউডৰ অভিনেতা।
- ১৯৭১ - কিৰণ দেশাই, ভাৰতীয় লেখিকা, তেওঁ ইংৰাজী ভাষাত ৰচনা কৰা উপন্যাস 'দা ইনহেৰিটেন্স অফ লষ্ট'ৰ বাবে ২০০৬ চনত মেন বুকাৰ বঁটা লাভ কৰে।
- ১৯৭৬ - বিৱেক অবেৰয়, ভাৰতীয় অভিনেতা।
- ১৯৯০ - মহম্মদ শ্বামি, ভাৰতীয় আন্তৰ্জাতিক ক্ৰিকেটাৰ।
- ১৯৯২ - সাক্ষী মালিক, অলিম্পকত পদক লাভ কৰা প্ৰথম ভাৰতীয় মহিলা মল্ল যুঁজাৰু। ২০১৬ চনৰ অলিম্পিকত ব্ৰঞ্জৰ পদক (৫৮ কিলো গ্ৰাম) লাভ কৰিছিল।
- ২০১৫ - বিন্নী য়াংগা, ভাৰতীয় সমাজ কৰ্মী।
মৃত্যু
- ১৯৫৩ - লক্ষ্মণ ৰাও পৰ্বতকৰ (খপ্ৰুমামা), বিখ্যাত তবলা বাদক।
- ১৯৯৮ - সুৰেন্দ্ৰ নাথ মেধি, অসমৰ প্ৰাক্তন আইনমন্ত্ৰী।
- ১৯৯৯ - ধীৰু ভূঞা, অসমৰ এজন অভিনেতা আৰু কথাছবি পৰিচালক।
- ২০০৪ - মৃণাল কান্তি দাস, ভাৰতীয় চিত্ৰগ্ৰহণকাৰী আৰু চলচ্চিত্ৰ পৰিচালক।
- ২০১০ - ৰাজেশ্বৰী চেটাৰ্জী, ভাৰতীয় বিজ্ঞানী আৰু শিক্ষাবিদ।
- ২০১২ - মাইকেল ক্লাৰ্ক ডানকান, হলীউডৰ অভিনেতা।
দিৱস
- অভিৰুচি ক্ৰীড়া দিৱস (অসম)।
- স্বাধীনতা দিৱস (কাটাৰ)।
- পতাকা দিৱস (অষ্ট্ৰেলিয়া)।
- সশস্ত্ৰ বাহিনী দিৱস (চীন)।
বাহ্যিক সংযোগ
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “৩ ছেপ্টেম্বৰ” প্ৰবন্ধৰ সংশোধন ৩৪৮১৪০ (৯ মাৰ্চ ২০২৩)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।