চলচ্চিত্ৰ সমালোচক
১১ প্ৰবন্ধ
-
অপূৰ্ব শৰ্মা
অপূৰ্ব শৰ্মা (Apurba Sharma) অসমৰ এগৰাকী প্ৰসিদ্ধ গল্পকাৰ, চলচ্চিত্ৰ সমালোচক, সাংবাদিক, সম্পাদক, আৰু শিক্ষাবিদ। তেওঁ হৈছে সৌৰভ কুমাৰ চলিহাই প্ৰৱৰ্তন কৰা অসমীয়া গল্প-সাহিত্যৰ আধুনিকতাবাদী ধাৰাটোৰ অন্যতম গল্পকাৰ।
-
অনুপমা চোপ্ৰা
অনুপমা চোপ্ৰা (জন্ম ২৩ ফেব্ৰুৱাৰী ১৯৬৭) হৈছে এগৰাকী ভাৰতীয় ছবি সমালোচক, লেখক আৰু সাংবাদিক। তেওঁ MAMI মুম্বাই ছবি মহোৎসৱৰ অধ্যক্ষা। চিনেমাসম্পৰ্কীয় ডিজিটেল প্লেটফৰ্ম "ফিল্ম কম্পেনিয়ন"ৰ তেখেত প্ৰতিষ্ঠাতা আৰু সম্পাদক। ভাৰতীয় ছবি সম্পৰ্কে তেখেতে কেইবাখনো গ্ৰন্থ ইতিমধ্যে লিখি উলিয়াইছে।
-
উৎপল বৰপূজাৰী
উৎপল বৰপূজাৰীএগৰাকী ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা বিজয়ী চলচ্চিত্ৰ সমালোচক আৰু পৰিচালক। তেওঁৰ প্ৰথমখন পূৰ্ণদৈৰ্ঘ্যৰ চলচ্চিত্ৰ ঈশ্বুয়ে অসমীয়া ভাষাৰ শ্ৰেষ্ঠ ছবিৰ ৬৫তম ৰাষ্ট্ৰীয় বঁটা লাভ কৰিছিল। তেওঁ ভাৰতীয় প্ৰযুক্তিবিদ্যা প্ৰতিষ্ঠান, ৰুৰকীৰ পৰা প্ৰায়োগিক ভূবিদ্যা বিষয়ত এম.টেক. ডিগ্ৰী লাভ কৰিছিল।
-
পবিত্ৰ কুমাৰ ডেকা
পবিত্ৰ কুমাৰ ডেকা (Pabitra Kumar Deka, ২৯ জানুৱাৰী ১৯৪০ – ৫ জানুৱাৰী ২০১০) অসম, ভাৰতৰ এগৰাকী চলচ্চিত্ৰ আৰু সাংস্কৃতিক সাংবাদিক, স্তম্ভলেখক, প্ৰকাশক আৰু মাহেকীয়া আলোচনীৰ সম্পাদক, চলচ্চিত্ৰ সমালোচক আৰু চিত্ৰনাট্যকাৰ।
-
অমিতা মালিক
অমিতা মালিক (Amita Malik, ১৯২১ - ২০ ফেব্ৰুৱাৰী ২০০৯) এগৰাকী ভাৰতীয় মিডিয়া সমালোচক। টাইম আলোচনীয়ে তেওঁক ভাৰতৰ "আটাইতকৈ বিশিষ্ট চলচ্চিত্ৰ আৰু টেলিভিছন সমালোচক" বুলি বৰ্ণনা কৰিছিল আৰু "ভাৰতীয় মাধ্যমৰ প্ৰথম মহিলা" আৰু "ভাৰতৰ সৰ্বশ্ৰেষ্ঠ জনাজাত চিনেমা বৰ্ণনাকাৰী" বুলি অভিহিত কৰিছিল।
-
উৎপল দত্ত (লেখক)
উৎপল দত্ত এগৰাকী ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা বিজয়ী ভাৰতীয় চলচ্চিত্ৰ সমালোচক। তেওঁ বিনোদনধৰ্মী মাহেকীয়া আলোচনী 'বিস্ময়' আৰু উত্তৰ-পূৰ্বাঞ্চলৰ প্ৰথম চলচ্চিত্ৰজগত বিষয়ক সাংস্কৃতিক আলোচনী 'ৰূপকাৰ'ৰ সৈতে চলচ্চিত্ৰ সাংবাদিক আৰু সমালোচক হিচাপে জড়িত আছিল। পাছলৈ তেওঁ আকাশবাণী গুৱাহাটীত যোগদান কৰে।
-
জেমছ ৰুফাছ এজি
জেমছ ৰুফাছ এজি (James Rufus Agee; জন্ম: ২৭ নৱেম্বৰ ১৯০৯ – মৃত্যু: ১৬ মে' ১৯৫৫) এজন আমেৰিকান ঔপন্যাসিক, সাংবাদিক, কবি, চিত্ৰনাট্যকাৰ আৰু চলচ্চিত্ৰ সমালোচক আছিল। তেওঁ ১৯৪০ চনত টাইমৰ বাবে লিখা আমেৰিকাৰ অন্যতম প্ৰভাৱশালী চলচ্চিত্ৰ সমালোচক আছিল।
-
নম্ৰতা যোশী
নম্ৰতা যোশী নতুন দিল্লীত অৱস্থিত এগৰাকী ভাৰতীয় চলচ্চিত্ৰ সমালোচক। মূলতঃ আউটলুকৰ বাবে কাম কৰি তেওঁ ১৯৯৯ চনৰ পৰা ২০১৫ চনলৈ তাত আছিল। পাছত তেওঁ 'দ্য হিন্দু'ত যোগদান কৰিছিল। তেওঁ ২০০৪ চনত শ্ৰেষ্ঠ চলচ্চিত্ৰ সমালোচকৰ ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা লাভ কৰিছিল।
-
ফাৰুখ গাফ্ফাৰী
ফাৰুখ গাফ্ফাৰী (জন্ম: ২৬ ফেব্ৰুৱাৰী, ১৯২২ – মৃত্যু: ১৭ ডিচেম্বৰ, ২০০৬) এগৰাকী ইৰানীয় চলচ্চিত্ৰ পৰিচালক, অভিনেতা, সমালোচক আৰু লেখক আছিল। ইব্ৰাহিম গোলেস্তান আৰু ফেৰেডাউন ৰাহনেমাৰ সৈতে তেওঁ ইৰানৰ নতুন ঢৌৰ চলচ্চিত্ৰ আন্দোলনৰ অন্যতম প্ৰতিষ্ঠাপক আছিল।
-
শুভ্ৰা গুপ্তা
শুভ্ৰা গুপ্তা (Shubhra Gupta) এগৰাকী ভাৰতীয় চলচ্চিত্ৰ সমালোচক যি দ্য ইণ্ডিয়ান এক্সপ্ৰেছত লিখে। ২০১২ চনত চিনেমাৰ শ্ৰেষ্ঠ লেখাৰ তেওঁ ৰামনাথ গোৱেংকা বঁটা লাভ কৰা৷ তেখেত ২০১২ চনৰ পৰা ২০১৫ চনলৈকে চেণ্ট্ৰেল ব’ৰ্ড অৱ ফিল্ম চাৰ্টিফিকেশনৰ সদস্য আছিল। তেওঁ 50 Films That Changed Bollywood, 1995–2015- লেখিকা।
-
ৰশ্মিলা ভট্টাচাৰ্য
ৰশ্মিলা ভট্টাচাৰ্য এগৰাকী ভাৰতীয় সাংবাদিক, লেখিকা আৰু সম্পাদিকা, যিয়ে ২০১৩ চনৰ পৰা দ্য টাইমছ গ্ৰুপৰ প্ৰকাশন মুম্বাই মিৰ’ৰৰ বাবে কাম কৰি আহিছে। ১৯৮০ চনত তেওঁৰ কেৰিয়াৰ আৰম্ভ কৰি হিন্দুস্তান টাইমছ, দ্য এছিয়ান এজ, দ্য টাইমছ অৱ ইণ্ডিয়া আৰু দ্য ইণ্ডিয়ান এক্সপ্ৰেছ কাকত আৰু ফিল্মফেয়াৰ, স্ক্ৰীণ আৰু…