অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
প্ৰযুক্তি

অনাতাঁৰ প্ৰযুক্তি

অনাতাঁৰ বা ৰেডিঅ হৈছে অনাতাঁৰ তৰঙ্গ ব্যৱহাৰ কৰি সংকেত প্ৰেৰণ-গ্ৰহণ কৰা আৰু যোগাযোগ কৰাৰ এক শক্তিশালী মাধ্যম। অনাতাঁৰ যন্ত্ৰত প্ৰযুক্তিৰ ব্যৱহাৰ কৰা হয়।

হালনাগাদ: ২৮ নৱেম্বৰ ২০২৫ ১৭৩ শব্দ · ১ মিনিট সংগৃহীত ৭২
সংশোধনৰ পৰামৰ্শ

অনাতাঁৰ বা ৰেডিঅ হৈছে অনাতাঁৰ তৰঙ্গ ব্যৱহাৰ কৰি সংকেত প্ৰেৰণ-গ্ৰহণ কৰা আৰু যোগাযোগ কৰাৰ এক শক্তিশালী মাধ্যম।১২৩ অনাতাঁৰ গ্ৰাহক যন্ত্ৰত প্ৰযুক্তিৰ ব্যৱহাৰ কৰা হয়। অনাতাঁৰ যন্ত্ৰ ঊনবিংশ শতাব্দীৰ শেষৰ ফালে অনেক দেশৰ কেইবাজনো বিজ্ঞানীয়ে প্ৰায় একে সময়ে অনাতাঁৰ যন্ত্ৰ আবিষ্কাৰ কৰিলেও গোলিয়েলমো মাৰ্কনিক অনাতাঁৰ যন্ত্ৰ আবিষ্কাৰক হিচাবে গণ্য কৰা হয়। পূৰ্বে কেৱল অনাতাঁৰ যন্ত্ৰতে অনাতাঁৰ প্ৰযুক্তিৰ ব্যৱহাৰ হৈছিল যদিও এতিয়া প্ৰায় সকলোতে এই প্ৰযুক্তিৰ ব্যৱহাৰ কৰা হয়। ৰেডিঅ', দূৰদৰ্শন, ম’বাইল ফোন, ইত্যাদিসহ তাঁৰবিহীন যিকোনো যোগাযোগৰ মূলনীতিয়েই হ'ল অনাতাঁৰ প্ৰযুক্তি। অনাতাঁৰ প্ৰযুক্তিৰ তৰঙ্গ মহাকাশ পৰ্যবেক্ষণতো ব্যবহৃত হয়। ইয়াৰ বাবে অনাতাঁৰ দূৰবীক্ষণ যন্ত্ৰ বা ৰেডিঅ' টেলিস্কোপ ব্যৱহাৰ কৰা হয়। ই হল বহুল ব্যৱহৃত আধুনিক প্ৰযুক্তি, অনাতাঁৰ যোগাযোগ, ৰাডাৰ, অনাতাঁৰ দিকদৰ্শন, ৰিমট কণ্ট্ৰল, আৰু অন্যান্য বহুতো সজুঁলিত অনাতাঁৰ প্ৰযুক্তি ব্যৱহাৰ কৰা হয়।

প্ৰকাৰ

অনাতাঁৰ যন্ত্ৰ সাধাৰণতে দুই প্ৰকাৰৰ:

  1. স্থিৰ অনাতাঁৰ যন্ত্ৰ: যিবোৰ অনাতাঁৰ যন্ত্ৰ কোন নিৰ্দিষ্ট স্থানত ৰাখি বা কোনো নিৰ্দিষ্ট বস্তুৰ ওপৰত ৰাখি যোগাযোগ সম্পন্ন কৰা হয়, তাকে স্থিৰ অনাতাঁৰ যন্ত্ৰ বোলে।
  2. ৱাকি-টকি অনাতাঁৰ যন্ত্ৰ: এনেবোৰ অনাতাঁৰ যন্ত্ৰৰ ওজন কম হয়, বহনযোগ্য আৰু হাতে হাতে লৈ কথা পাতিব পৰা যায়, এনেবোৰ অনাতাঁৰ যন্ত্ৰক ৱাকি-টকি অনাতাঁৰ যন্ত্ৰ বোলে।

তথ্যসূত্ৰ

  1. ↑ (2019). Radio. Oxford Living Dictionaries. Oxford University Press
  2. ↑ (2018). Definition of radio. Encyclopedia. PCMagazine website, Ziff-Davis
  3. ↑ Ellingson, Steven W. (2016). Radio Systems Engineering. Cambridge University Press. পৃ. 1–4. ISBN 978-1316785164

সম্পৰ্কিত শ্ৰেণী

প্ৰযুক্তিশব্দগণমাধ্যমৰেডিঅ' ষ্টেচন

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “অনাতাঁৰ প্ৰযুক্তি” প্ৰবন্ধৰ সংশোধন ৫৫৮২৬০ (২৮ নৱেম্বৰ ২০২৫)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।