২০১৪ বৰ্ষৰ অসমীয়া চলচ্চিত্ৰ
১৪ প্ৰবন্ধ
-
অজেয়
অজেয় (Invincible) জাহ্নু বৰুৱাৰ দ্বাৰা পৰিচালিত এখন অসমীয়া চলচ্চিত্ৰ। ২০১৪ চনৰ ৩ জানুৱাৰীত এই ছবিখনে মুক্তি পায়। শিৱেন আৰ্টছৰ বেনাৰত নিৰ্মিত এই ছবিখনৰ প্ৰযোজক শংকৰ লাল গোৱেংকা। এই কথাছবিখনৰ কাহিনী অৰুণ শৰ্মাৰ ১৯৯৭ চনৰ সাহিত্য অকাডেমি বঁটা বিজয়ী আশীৰ্বাদৰ ৰং নামৰ উপন্যাসখনৰ পৰা লোৱা হৈছে।
-
ৰাগ - দ্য ৰিদম অৱ লাভ
ৰাগ - দা ৰিদম অফ লাভ (Raag – The Rhytm Of Love) হৈছে ২০১৪ বৰ্ষৰ ৭ ফেব্ৰুৱাৰীত মুক্তি লাভ কৰা এখন অসমীয়া বোলছবি। ছবিখনৰ কাহিনী-চিত্ৰনাট্য কৰাৰ লগতে পৰিচালনাৰ দায়িত্বত আছে ৰজনী বসুমতাৰী।
-
জিলমিল জোনাক
জিলমিল জোনাক (Jilmil Jonak) ২০১৪ বৰ্ষত মুক্তি প্ৰাপ্ত এখন অসমীয়া চলচ্চিত্ৰ। বোলছবিখনৰ প্ৰযোজনা ডেইজী গগৈৰ আৰু পৰিচালনা কৰিছে শিবানন বৰুৱাই। হিয়াৰ দাপোনত তোমাৰেই ছবিৰ পাছতেই জিলমিল জোনাক হৈছে শিবানন বৰুৱাৰ দ্বিতীয়খন পূৰ্ণদৈৰ্ঘৰ কথাছবি।
-
অদম্য
অদম্য (Adomya) হৈছে ২০১৪ চনৰ ১২ ডিচেম্বৰত মুক্তি লাভ কৰা এখন অসমীয়া চলচ্চিত্ৰ। বি বি এণ্টাৰটেইনমেণ্ট প্ৰাইভেট লিমিটেডৰ বেনাৰত বসন্ত কুমাৰ বৰুৱা আৰু ববী শৰ্মা বৰুৱাই প্ৰযোজনা কৰা এই চলচ্চিত্ৰখনৰ পৰিচালনা আৰু কাহিনী ববী শৰ্মা বৰুৱাৰ।
-
ৰ'দৰ চিঠি
ৰ'দৰ চিঠি (Scare Crow) ২০১৪ চনৰ ৭ নৱেম্বৰত মুক্তি লাভ কৰা এখন অসমীয়া কথাছবি। বাহাৰুল ইছলামে পৰিচালনা কৰা এই ছবিখন দেশৰ বিভিন্ন ঠাইত সমাদৃত সীমাৰ সিপাৰে নাটখনৰ আলমত নিৰ্মাণ কৰা হৈছে। এই ছবিখন অল্টাৰনেটিভ চিনেমেটিক্সৰ হৈ ইক্ৰামূল মজিদে প্ৰযোজনা কৰিছে।
-
টি আৰ পি আৰু
টি আৰ পি আৰু (TRP Aru) হৈছে ২০১৪ চনৰ ২৮ নৱেম্বৰত মুক্তি লাভ কৰা এখন অসমীয়া চলচ্চিত্ৰ। অসম ৰাজ্যিক চলচ্চিত্ৰ (বিত্ত আৰু উন্নয়ন) নিগম আৰু জে আৰ এণ্টাৰপ্ৰাইজৰ বেনাৰত নিৰ্মিত এই চলচ্চিত্ৰখনৰ পৰিচালক মৃদুল গুপ্তা আৰু কাৰ্যবাহী প্ৰযোজক ৰাণুমাই টেৰণপি।
-
পানী (২০১৪ চলচ্চিত্ৰ)
পানী ( Pani) হৈছে ২০১৪ চনৰ ১২ ছেপ্টেম্বৰ তাৰিখে মুক্তি লাভ কৰা এখন অসমীয়া চলচ্চিত্ৰ। যদুমণি দত্তই পৰিচালনা কৰা বোলছবিখনৰ প্ৰযোজনা যুটীয়াভাৱে অসম ৰাজ্যিক চলচ্চিত্ৰ নিগম (বিত্ত আৰু উন্নয়ন) আৰু জে পি ফিল্ম্ছৰ বেনাৰত যদুমণি দত্তৰ।
-
মহাপুৰুষ (চলচ্চিত্ৰ)
মহাপুৰুষ হৈছে ২০১৪ চনৰ ২৯ আগষ্ট তাৰিখে মুক্তি লাভ কৰা এখন অসমীয়া চলচ্চিত্ৰ। 'জয়গুৰু চিনে প্ৰডাক্চন'ৰ বেনাৰত বোলছবিখনৰ প্ৰযোজনা দিলীপ কুমাৰ বৰুৱাৰ আৰু পৰিচালনা ব্ৰজেন বৰাৰ। পৰিচালক ব্ৰজেন বৰাই চলচ্চিত্ৰখনৰ কাহিনী, চিত্ৰনাট্য, সংলাপ আৰু গীতৰ কথা ৰচনা কৰাৰ উপৰিও মুখ্য চৰিত্ৰত অভিনয়ো কৰে।
-
শৃংখল (চলচ্চিত্ৰ)
শৃংখল (The Quiver) হৈছে ২০১৪ চনৰ ১৭ অক্টোবৰ তাৰিখে মুক্তি লাভ কৰা এখন অসমীয়া চলচ্চিত্ৰ। ভবেন্দ্ৰ নাথ শইকীয়াৰ একে নামৰ চুটিগল্পৰ আধাৰত নিৰ্মিত বোলছবিখন পৰিচালনা কৰে প্ৰবীণ হাজৰিকাই।
-
অভদ্ৰ (চলচ্চিত্ৰ)
অভদ্ৰ (Abhadra) হৈছে ২০১৪ চনৰ ৯ মে'ত মুক্তি লাভ কৰা এখন অসমীয়া বিনোদনধৰ্মী চলচ্চিত্ৰ। এ-টু ক্ৰিয়েছন্ছৰ বেনাৰত চলচ্চিত্ৰখন প্ৰযোজনা কৰে অৰূপ অধিকাৰী আৰু ৰচনা অধিকাৰীয়ে। পৰিচালনা, কাহিনী, চিত্ৰনাট্য আৰু সংলাপ অমন কুমাৰৰ।
-
গ্ৰহণ (চলচ্চিত্ৰ)
গ্ৰহণ (Grahan) হৈছে ২০১৪ চনৰ ২৭ জুনত মুক্তি লাভ কৰা এখন অসমীয়া চলচ্চিত্ৰ। বি এম চি মেডিয়া প্ৰডাক্চনৰ বেনাৰত নিৰ্মিত এই চলচ্চিত্ৰখন প্ৰযোজনা কৰে এম চৌধুৰীয়ে আৰু পৰিচালনা কৰে তিলক শৰ্মাই। বিলকিচ মজুমদাৰৰ কাহিনীৰে নিৰ্মিত বোলছবিখনত অভিনয় কৰে দিগন্ত হাজৰিকা, ফাৰহিন চৌধুৰী আদিয়ে।
-
চুমা পৰশতে
চুমা পৰশতে হৈছে ২০১৪ চনৰ ১৯ ছেপ্টেম্বৰ তাৰিখে মুক্তি লাভ কৰা এখন ৰোমাণ্টিক থ্ৰিলাৰ অসমীয়া চলচ্চিত্ৰ। 'নিৰি প্ৰডাক্চন'ৰ বেনাৰত বোলছবিখনৰ প্ৰযোজনা, পৰিচালনা আৰু কাহিনী জোনমণি দেৱী খাউণ্ডৰ। অভিনয় কৰে নৱাগত ইন্দুমৌলি নেওগ আৰু পশ্চিম বংগৰ অভিনেত্ৰী দেবস্মিতা বেনাৰ্জী আদিয়ে।
-
দ্য ফে'চ (অসমীয়া চলচ্চিত্ৰ)
দা ফে'চ (The Face) হৈছে ২০১৪ চনৰ ২৬ ছেপ্টেম্বৰ তাৰিখে মুক্তি লাভ কৰা এখন এক্ছনধৰ্মী আৰু ৰোমাণ্টিক অসমীয়া চলচ্চিত্ৰ। 'সন্তোষী মা প্ৰডাক্ছন'ৰ বেনাৰত বোলছবিখন প্ৰযোজনা কৰে বৰ্ণালী হাজৰিকাই। পৰিচালক ৰাজীৱ দত্ত আৰু সংগীত পৰিচালনা সুদীপ্ত হাজৰিকাৰ।
-
২০১৪ বৰ্ষৰ অসমীয়া চলচ্চিত্ৰৰ তালিকা