অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
জীৱনী

অংশু জামচেংপা

অংশু জামচেংপা (Anshu Jamsenpa, জন্ম: ৩১ ডিচেম্বৰ ১৯৭৯) এগৰাকী ভাৰতীয় পৰ্বতাৰোহী। তেওঁ একে ঋতুতে দুবাৰকৈ মাউণ্ট এভাৰেষ্ট আৰোহণ কৰা বিশ্বৰ প্ৰথম মহিলা। লগতে তেওঁ মাত্ৰ পাঁচদিনৰ ভিতৰত দুবাৰকৈ এভাৰেষ্ট আৰোহণ কৰা বিশ্বৰ প্ৰথম ব্যক্তি।

হালনাগাদ: ১৬ ছেপ্তেম্বৰ ২০২৬ ৪৭৫ শব্দ · ৩ মিনিট সংগৃহীত ৮২
সংশোধনৰ পৰামৰ্শ

অংশু জামচেংপা (Anshu Jamsenpa, জন্ম: ৩১ ডিচেম্বৰ ১৯৭৯) এগৰাকী ভাৰতীয় পৰ্বতাৰোহী। তেওঁ একে ঋতুতে দুবাৰকৈ মাউণ্ট এভাৰেষ্ট আৰোহণ কৰা বিশ্বৰ প্ৰথম মহিলা। লগতে তেওঁ মাত্ৰ পাঁচদিনৰ ভিতৰত দুবাৰকৈ এভাৰেষ্ট আৰোহণ কৰা বিশ্বৰ প্ৰথম ব্যক্তি।১২ তেওঁ সৰ্বমুঠ পাঁচবাৰ মাউণ্ট এভাৰেষ্ট আৰোহণ কৰিছে আৰু এই কৃতিত্বৰ অধিকাৰী তেওঁ ভাৰতৰ প্ৰথম মহিলা।৩ ২০১৭ চনত পৰ্বতাৰোহণৰ ক্ষেত্ৰলৈ তেওঁ আগবঢ়োৱা অৱদানৰ স্বীকৃতি স্বৰূপে টেনজিং নৰ্গে ৰাষ্ট্ৰীয় দুঃসাহসিক বঁটা প্ৰদান কৰা হয়। ২০২১ চনত ভাৰত চৰকাৰে তেওঁক দেশৰ চতুৰ্থ সৰ্বোচ্চ অসামৰিক সন্মান পদ্মশ্ৰী প্ৰদান কৰে।৪৫

পৰ্বতাৰোহী

অংশু জামচেংপাই ২০১১ চনৰ ১২ মে' তাৰিখে প্ৰথমবাৰৰ বাবে মাউণ্ট এভাৰেষ্ট আৰোহণ কৰিছিল আৰু তেওঁ ২১ মে'ত দ্বিতীয়বৰ আৰোহণ কৰিছিল।৬ তেওঁ ২০১৩ চনত সুৰজিৎ সিং লিচাংহেমৰ নেতৃত্বত ২০১৩ চনৰ উত্তৰ-পূব ভাৰত এভাৰেষ্ট অভিযানত মাউণ্ট এভাৰেষ্ট আৰোহণ কৰিছিল।৭৮

২০১৭ চনত জামচেংপা বিশ্বৰ প্ৰথম মহিলা হিচাপে ৫ দিনৰ ভিতৰত একে প্ৰথম ঋতুত দুবাৰকৈ মাউণ্ট এভাৰেষ্ট আৰোহণ কৰে। এয়া তেওঁৰ তেওঁৰ মাউণ্ট এভাৰেষ্টৰ পঞ্চম আৰোহণ আছিল আৰু এনেদৰে তেওঁ পাঁচবাৰ মাউণ্ট এভাৰেষ্ট আৰোহণ কৰা প্ৰথম ভাৰতীয় মহিলা হিচাপে পৰিগণিত হয়।৯১০১১১২

চতুৰ্দশ দালাই লামাৰ আশীৰ্বাদ লোৱাৰ পিছত১৩১৪১৫১৬ তেওঁ ২০১৭ চনৰ ২ এপ্ৰিলত গুৱাহাটীৰ পৰা এভাৰেষ্ট আৰোহণ অভিযান আৰম্ভ কৰিছিল। তেওঁ এভাৰেষ্ট বেছ কেম্পত (১৭,৬০০ ফুটত) অনুকূলনৰ বাবে ৩৮ দিনৰ সময়সূচী লৈছিল আৰু ৪ এপ্ৰিলত তেওঁৰ মুখ্য যাত্ৰা আৰম্ভ কৰিছিল। ১৬ মে'ৰ দিনৰ ৯.১৫ বজাত আন ১৭জন পৰ্বতাৰোহীৰ সৈতে তেওঁ পৰ্বতৰ ওপৰলৈ উঠি ভাৰতীয় ৰাষ্ট্ৰীয় পতাকা উত্তোলন কৰিছিল।১৭

তেওঁ ১৯ মে'ত নেপালী পৰ্বতাৰোহী ফুৰি শ্বেৰ্পাৰ সৈতে দ্বিতীয় কষ্টকৰ ট্ৰেক আৰম্ভ কৰিছিল। হাইকিংত কোনো বিৰতি নোহোৱাকৈ তেওঁ আবেলি ১০ বজালৈকে পৰ্বত বগাই থাকিল। আকৌ পৰৱৰ্তী ৰাতিপুৱা তেওঁ আৰোহণ কৰিবলৈ আৰম্ভ কৰিছিল আৰু মূল শৃংগ পোৱাৰ আগতে এটা চমু বিৰতি লৈছিল। অৱশেষত ২০১৭ চনৰ ২১ মে' তাৰিখৰ পুৱা ৭.৪৫ বজাত তেওঁ এভাৰেষ্ট শীৰ্ষত উপনীত হৈছিল। যদিও ২০১১ চনত মাত্ৰ ১০ দিনৰ ভিতৰত দুবাৰকৈ (দ্বিতীয় আৰু তৃতীয় অভিযান) তেওঁ দুবাৰকৈ মাউণ্ট এভাৰেষ্ট আৰোহণৰ কৰিছিল।১৮ তেওঁ চতুৰ্থ অভিযানৰ পিছত ৫ম অভিযান শেষ কৰিবলৈ ১১৮ ঘণ্টা ১৫ মিনিট সময় লৈছিল।

বঁটা আৰু সন্মান

তেওঁৰ কৃতিত্বৰ বাবে অৰুণাচল প্ৰদেশ চৰকাৰে টেনজিং নৰ্গে ৰাষ্ট্ৰীয় দুঃসাহসিক বঁটাৰ বাবে তেওঁৰ নাম পৰামৰ্শ দিছে। ৰাষ্ট্ৰপতি ৰাম নাথ কোৱিন্দে ২০১৮ চনৰ ২৫ ছেপ্টেম্বৰ তাৰিখে নতুন দিল্লীৰ ৰাষ্ট্ৰপতি ভৱনত দুঃসাহসিক অভিযানৰ বাবে জামচেংপাক ২০১৭ চনৰ বাবে ভাৰতৰ সৰ্বোচ্চ দুঃসাহসিক বঁটা টেনজিং নৰ্গে ৰাষ্ট্ৰীয় দুঃসাহসিক বঁটা প্ৰদান কৰে।১৯২০২১ জামচেংপাক ৩০ জুন ২০১১ তাৰিখে নতুন দিল্লীত চিএনএন-আইবিএন যুৱ ভাৰতীয় নেতা বঁটা প্ৰদান কৰা হৈছিল। তেওঁ বাণিজ্য আৰু উদ্যোগ মন্ত্ৰালয়ৰ মন্ত্ৰী জ্যোতিৰাদিত্য সিন্ধীয়াৰ পৰা এই বঁটা লাভ কৰিছিল।২২ ২০১২ চনৰ ২ জুন তাৰিখে জামচেংপাক ফেডাৰেচন অফ ইণ্ডিয়ান চেম্বাৰছ অফ কমাৰ্চ এণ্ড ইণ্ডাষ্ট্ৰীজ (ফিকি)ৰ দ্বাৰা ২০১১-১২ বৰ্ষৰ মহিলা প্ৰাপ্তকৰ্তা প্ৰদান কৰা হয়।২৩

২০১৭ চনৰ ৩১ জানুৱাৰী তাৰিখে ইটানগৰৰ আই জি পাৰ্কত অনুষ্ঠিত এক অনুষ্ঠানত অৰুণাচল প্ৰদেশ চৰকাৰে তেওঁক পৰ্যটন আইকন অৱ দা ইয়ৰ বঁটা প্ৰদান কৰে। এই অনুষ্ঠানত ৰাজ্যপাল পদ্মনাভন আচাৰ্যই মুখ্য অতিথি হিচাপে অংশগ্ৰহণ কৰিছো।২৪ জামচেংপাক অৰুণাচল অধ্যয়ন বিশ্ববিদ্যালয়ে ফিল্ড এডভেঞ্চাৰ ক্ৰীড়াত তেওঁৰ সাফল্যৰ বাবে সন্মানীয় পিএইচডি ডিগ্ৰী প্ৰদান কৰে।২৫ ২০২১ চনত ভাৰত চৰকাৰে তেওঁক দেশৰ চতুৰ্থ সৰ্বোচ্চ অসামৰিক সন্মান পদ্মশ্ৰী প্ৰদান কৰে।

ব্যক্তিগত জীৱন

তেওঁৰ স্বামী শ্বেৰিং ৱাংগে অৰুণাচল পৰ্বতাৰোহণ আৰু দুঃসাহসিক ক্ৰীড়া সংস্থাৰ সভাপতি। দম্পতীহালৰ দুগৰাকী কন্যা সন্তান আছে।২৬

তথ্যসূত্ৰ

  1. ↑ Dr.Anshu Jamsenpa-. www.anshujamsenpa.com
  2. ↑ Anshu Jamsenpa Becomes The First Woman To Scale Mt Everest Twice In 5 Days-. www.huffingtonpost.in
  3. ↑ Anshu Jamsenpa Becomes The First Woman To Scale Mt Everest Twice In 5 Days-. www.telegraphindia.com
  4. ↑ Padma Awards 2021 announced. Ministry of Home Affairs
  5. ↑ (25 January 2021). Shinzo Abe, Tarun Gogoi, Ram Vilas Paswan among Padma Award winners: Complete list. The Times of India
  6. ↑ Anshu Jamsenpa summited the tallest mountain in the world on May 12 and May 21 -. www.atlfmonline.com
  7. ↑ 2013 North East India Everest Expedition -. www.atlfmonline.com
  8. ↑ 2013 North East India Everest Expedition -. www.atlfmonline.com
  9. ↑ Anshu Jamsenpa Becomes The First Woman To Scale Mt Everest Twice In 5 Days-. www.huffingtonpost.in
  10. ↑ Anshu Jamsenpa Becomes The First Woman To Scale Mt Everest Twice In 5 Days-. www.edition.cnn.com
  11. ↑ Anshu Jamsenpa Becomes The First Woman To Scale Mt Everest Twice In 5 Days-. www.indiatoday.in
  12. ↑ ANSHU JAMSENPA: THE FIRST WOMAN TO CLIMB MOUNT EVEREST TWICE IN 5 DAYS -. www.transhimalaya.in
  13. ↑ Anshu Jamsenpa Becomes The First Woman To Scale Mt Everest Twice In 5 Days-. www.huffingtonpost.in
  14. ↑ Anshu Jamsenpa Becomes The First Woman To Scale Mt Everest Twice In 5 Days-. www.edition.cnn.com
  15. ↑ Anshu Jamsenpa Becomes The First Woman To Scale Mt Everest Twice In 5 Days-. www.indiatoday.in
  16. ↑ ANSHU JAMSENPA: THE FIRST WOMAN TO CLIMB MOUNT EVEREST TWICE IN 5 DAYS -. www.transhimalaya.in
  17. ↑ Anshu Jamsenpa Becomes First Indian Woman To Scale Mount Everest 4 Times-. www.ndtv.com
  18. ↑ Anshu Jamsenpa attempts second ascent to scale Mount Everest-. www.indianexpress.com
  19. ↑ Tenzing Norgay National Adventure Award 2017, India's Highest Adventure Award to Ms. Dr. Anshu Jamsenpa -. www.uniindia.com
  20. ↑ Tenzing Norgay National Adventure Award 2017, India's Highest Adventure Award to Ms. Dr. Anshu Jamsenpa -. www.arunachaltimes.in
  21. ↑ Tenzing Norgay National Adventure Award 2017, India's Highest Adventure Award to Ms. Dr. Anshu Jamsenpa -. www.telegraphindia.com
  22. ↑ Young Indian Leader Award 2011 to Ms. Dr. Anshu Jamsenpa -. www.mungpoo.org
  23. ↑ FICCI Woman Achiever of the Year 2011-12 to Ms. Dr. Anshu Jamsenpa -. www.ficciflo.com
  24. ↑ Dr.Anshu Jamsenpa Awards -. ww.celebrityspeakersindia.com
  25. ↑ Anshu Jamsenpa conferred with Doctorate Degree-. www.arunachal24.in
  26. ↑ Tsering Wange, the president of the Arunachal Mountaineering and Adventure Sports Association-. www.arunachal24.in

সম্পৰ্কিত শ্ৰেণী

অৰুণাচল প্ৰদেশৰ ব্যক্তিভাৰতীয় মহিলা পৰ্বতাৰোহীপদ্মশ্ৰী বঁটা বিজয়ী

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “অংশু জামচেংপা” প্ৰবন্ধৰ সংশোধন ৬৩৫৭৯০ (১৬ ছেপ্তেম্বৰ ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।